ETV Bharat / state

মিছন ফ্লাড ফ্ৰী: ফুলদানী হৈ পৰি আছে শাৰী শাৰী ছুপাৰ ছাকাৰ - FLASH FLOOD IN GUWAHATI

বানমুক্ত গুৱাহাটীৰ নামত বছৰি কোটি কোটি টকা ব্যয় ৷ অথচ এজাক বৰষুণতে উটি-ভাহি যায় সকলো বিয়াগোম আঁচনি ।

Despite spending crores of money the city of Guwahati has not been freed from floods
কৃত্ৰিম বান ৰোধত একপ্ৰকাৰ ব্যৰ্থ চৰকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 12:45 PM IST

6 Min Read

গুৱাহাটী: এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰাটো এতিয়া নতুন কথা নহয় । বিগত সপ্তাহত ভয়াৱহ কৃত্ৰিম বানে সমগ্ৰ মহানগৰীকে স্তব্ধ কৰিছিল । আজিও বহু অঞ্চলৰ ৰাইজ সেই কৃত্ৰিম বানপানীৰ ক্ষয়-ক্ষতি তথা ভয়াৱহতাৰ পৰা মুক্ত হোৱা নাই । ইফালে সাধাৰণ এজাক বৰষুণতে মহানগৰীৰ বিভিন্ন অঞ্চল পুনৰ কৃত্ৰিম বানৰ কৱলত পৰিছে । এককথাত এতিয়া বৰষুণ মহানগৰবাসীৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে ।

লক্ষণীয় বিষয় যে বানমুক্ত গুৱাহাটীৰ নামত ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে কোটি কোটি টকা খৰচ কৰি আহিছে যদিও এই দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মহানগৰবাসীয়ে কিঞ্চিৎমানো সকাহ লাভ কৰিবলৈ সক্ষম হোৱা নাই । বৰং গুৱাহাটীত নতুন নতুন অঞ্চল কৃত্ৰিম বানপানীৰ কৱলত পৰাহে পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত এই সমস্যা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে । বিগত শুকুৰবাৰে তাৰেই আভাস পোৱা গৈছিল ।

Despite spending crores of money the city of Guwahati has not been freed from floods
এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰা গুৱাহাটী মহানগৰী (ETV Bharat Assam)

ক'ত গ'ল অত্যাধুনিক ছুপাৰ ছাকাৰ:

চৰকাৰখনে গুৱাহাটীক বানমুক্ত কৰাৰ নামত বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে । তাৰ ভিতৰত এটা হৈছে নলা পৰিষ্কাৰৰ বাবে ছুপাৰ ছাকাৰ আৰু পানী নিষ্কাসনৰ বাবে অত্যাধুনিক মেচিন ক্ৰয় । গুৱাহাটীবাসীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে চমক সৃষ্টি কৰি গুৱাহাটী পৌৰ নিগমে ক্ৰয় কৰিছিল কমেও ২০খন ছুপাৰ ছাকাৰ । নলাৰ পৰা শ্ৰমিক নোহোৱাকৈ মূহূৰ্ততে বোকা আৱৰ্জনা নিষ্কাশনৰ ক্ষমতাধাৰী এই অত্যাধুনিক মেচিনে গুৱাহাটীবাসীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিব বুলি শাসক পক্ষই দাবী কৰিছিল । কিন্তু সেই দাবী কিমানদূৰ সফল হ'ল সেয়া বিচাৰ্যৰ বিষয় ।

ফুলদানীৰ দৰে শাৰী শাৰীকৈ সজাই ৰখা হৈছে ছুপাৰ ছাকাৰ (ETV Bharat Assam)

কিয়নো আজিৰ দিনটোত এই অত্যাধুনিক মেচিনযুক্ত বাহনসমূহ চচলত শাৰী শাৰীকৈ সজাই ৰখা হৈছে । সজাই ৰখাৰ বাবেই বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি এই বাহনসমূহ ক্ৰয় কৰা হৈছিল নেকি বুলি বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে । লক্ষণীয় বিষয় যে এই ছুপাৰ ছাকাৰসমূহ ক্ৰয় কৰাৰ পাছত এইক্ষেত্ৰত বিয়াগোম দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপন হৈছিল । বৰ্তমান সময়ত কৃত্ৰিম বানৰ পৰিপ্ৰক্ষিতত বান ৰোধৰ নামত ব্যয় হোৱা পুঁজিৰ প্ৰসংগটো পুনৰ চৰ্চালৈ আহিছে ।

ক'ত গ'ল অত্যাধুনিক ছুপাৰ ছাকাৰ (ETV Bharat Assam)

'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ নামত বিশাল পৰিমাণৰ পুঁজি ব্যয়:

উল্লেখ্য যে গুৱাহাটী মহানগৰীক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিবলৈ গুৱাহাটী পৌৰ নিগমৰ উপৰি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোকনিৰ্মাণ বিভাগ, জল সম্পদ বিভাগে পৃথকে পৃথকে আঁচনি ৰূপায়ণ কৰি আহিছে । ইয়াৰ ভিতৰত গুৱাহাটী পৌৰ নিগমে ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত কেৱল 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী' আঁচনিৰ অধীনত কোটি কোটি টকা ব্যয় কৰিছিল। গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৰা ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত গুৱাহাটী পৌৰ নিগমে ১২১.২৫ কোটি আৰু ২১৭.১৯ কোটি টকাৰ অনুদান লাভ কৰিছিল ।

২০২২-২৩ বিত্তীয় বৰ্ষত ক'ত কিমান ব্যয় কৰিলে পৌৰ নিগমে (ETV Bharat Assam)

এই সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তই জনোৱা মতে ২০২২-২৩ বিত্তীয় বৰ্ষত পৌৰ নিগমে 'মিছন ফ্লাড ফ্ৰী'ৰ নামত ৫২.২৫ কোটি, আৱৰ্জনা নিষ্কাশনৰ নামত (বকেয়া) ১৫.৯৭ কোটি, আৱৰ্জনা নিষ্কাশনৰ বাবদ ৩.৯৯ কোটি আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ বাবদ ১.৫২ কোটি টকাৰ খৰচ কৰিছিল ।

২০২৩-২৪ বিত্তীয় বৰ্ষত ক'ত কিমান ব্যয় কৰিলে পৌৰ নিগমে (ETV Bharat Assam)

একেটা বিত্তীয় বৰ্ষত গুৱাহাটী পৌৰ নিগমে শিলসাঁকো পৰিষ্কাৰৰ নামত ৯.৩ কোটি টকা, নুনমাটি-মঠঘৰীয়া নলা চাফাৰ নামত ৫১ লাখ, দীপৰ বিল পৰিষ্কাৰৰ নামত ৭৪ লাখ, বোন্দাত পাম্প হাউছ স্থাপনৰ নামত ৫.৯৮ কোটি টকা, দীপৰ বিলক জৈৱিকভাৱে প্ৰতিকাৰৰ নামত ৭৯ লাখ, বি এছ এফ কেম্পৰ পৰা দীপৰ বিললৈ নলা চাফা-খননৰ নামত ৬৪ লাখ টকা, পানী নিষ্কাশনত ব্যৱহৃত ডিজেল চালিত এম এফ ৫২/৩৮ এইছ পি ট্ৰলী মাউন্টেড আৰু ১০/১২ এইছ পি পাম্পৰ বাবদ ৫২ লাখ, ভৰলুমুখত বিদ্যুৎ চালিত এম এফ ৬০-৬৫/৫০-৫৫ এইছ পি পাম্প স্থাপনৰ বাবদ ৩৫ লাখ টকা ব্যয় কৰিছিল । সেইদৰে মৰা ভৰলু, লখিমীজান, বোন্দাজান, পাণ্ডু আৰু সদিলাপুৰত বিদ্যুৎ চালিত পানীৰ পাম্প স্থাপনৰ নামত ৫০ লাখ, ভৰলু নদীত শ্লুইছ গেট স্থাপন আৰু মেৰামতিৰ নামত ১৫ লাখ টকা ব্যয় কৰা হৈছিল ।

কাৰ পৰা কিমান পুঁজি (ETV Bharat Assam)

আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষত পৌৰ নিগমে 'মিছন ফ্লাড ফ্ৰী'ৰ নামত ৪৭.৭০ কোটি টকা ব্যয় কৰিছিল । একেদৰে নগৰীয়া বানপানী প্ৰশমনৰ বাবে বাহন আৰু যন্ত্ৰপাতি ক্ৰয়, আৱৰ্জনা ব্যৱস্থাপনাৰ নামত বৰ্ষটোত ৮.২৮ কোটি টকা ব্যয় কৰিছিল । ইয়াৰ অংশস্বৰূপে দীপৰ বিলৰ জৈৱিক প্ৰতিকাৰৰ বাবদ ৪.৭ কোটি টকা, বোন্দাত ছটা এম এফ পাম্প স্থাপনৰ নামত ৫.২১ কোটি টকা, পানী নিষ্কাশনৰ মেচিন আৰু প্ৰয়োজনীয় যন্ত্ৰপাতিৰ নামত ১.৮৮ কোটি টকা ।

কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে চেষ্টা (ETV Bharat Assam)

ইয়াৰোপৰি ভৰলুমুখৰ পাম্প ষ্টেছনত নতুন চাৰিটা পাইপলাইন স্থাপনৰ নামত ১.৮৫ কোটি টকা, বোন্দাজান চেনেলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ হৈ ব্ৰহ্মপুত্ৰলৈ পানী যোৱা পথ মুকলিৰ নামত ৩৮ লাখ টকা, শিলসাঁকোৰ বহন ক্ষমতা বৃদ্ধিৰ বাবে খননৰ নামত ২৩.৪৯ কোটি টকা, শিলসাঁকো বিল চাফ কৰাৰ নামত ১.৭১ কোটি টকা, বোন্দাজানৰ পানী যোৱা পথ মুকলিৰ নামত ১.৭২ কোটি টকা, বাহিনী নদীক বিভক্ত কৰি পিপক'ৰ পৰা শিলসাঁকো বিললৈ বোৱাই নিয়াৰ নামত তথা পাম্প স্থাপনৰ নামত ৯ কোটি টকা, বিভিন্ন শ্লুইছ গেট স্থাপনৰ নামত ৩৮ লাখ টকা ব্যয় কৰা হৈছিল ।

গেলা বোকা-পানী ফালি মহানাগৰিকৰ জীৱন যাত্ৰা (ETV Bharat Assam)

উল্লেখ্য যে এই ব্যয় মাত্ৰ এটা অংশহে । গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ নামত আন বহু কোটিটকীয়া আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে । কিন্তু বাস্তৱত এই সকলো আঁচনি ফ্লপ শ্ব'ত পৰিণত হৈছে । কোটি কোটি টকা ব্যয় কৰাৰ পাছতো গুৱাহাটী কৃত্ৰিম বানৰ পৰা মুক্ত হোৱাৰ বিপৰীতে এই সমস্যা আৰু অধিক জটিল হৈ পৰিছে । এজাক বৰষুণ দিলেই চৰকাৰী সকলো ব্যয়বহুল আঁচনি কৃত্ৰিম বানত উটি-ভাহি যায় ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ১১ বছৰীয়া শাসন: ৰাজ্যজুৰি বিজেপিৰ মাহজোৰা কাৰ্যসূচী - ASSAM STATE BJP

বি টি আৰৰ ৩৫ লাখ জনতাৰ সুখ-দুখৰ বাবে আমি দায়বদ্ধ: প্ৰমোদ বড়ো - UPPL JOINING PROGRAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.