কৰ্তব্যৰত নাৰ্ছক প্ৰহাৰ কৰা চিকিৎসকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব ধিং আৰক্ষীয়ে ?
চিকিৎসকৰ নিৰ্যাতনৰ বলি কৰ্তব্যৰত নাৰ্ছ । ডিঙিত ধৰি চোঁচৰাই নিলে স্বাস্থ্যকৰ্মীক । গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিলে ধিং আৰক্ষীয়ে ।

Published : April 19, 2025 at 9:43 PM IST
ধিং: পোহৰলৈ আহিছে এগৰাকী গণ্যমান্য চিকিৎসকৰ জঘন্য কাণ্ড । ধিং এফ আৰ ইউৰ উপ-অধীক্ষক ডাঃ মুকুট বৰাৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ । এগৰাকী নাৰ্ছক ডিঙিত ধৰি চোঁচৰাই নিয়াৰ অভিযোগ বিশিষ্ট চিকিৎসকগৰাকীৰ বিৰুদ্ধে ।
এতিয়া এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । জাঙুৰ খাই উঠিছে ধিং আঞ্চলিক ছাত্ৰসন্থাৰ লগতে বীৰ লাচিত সেনাৰ বিষয়ববীয়া ।
ঘটনাৰ বিৱৰণী অনুসৰি ধিং এফ আৰ ইউৰ উপ-অধীক্ষক ডাঃ মুকুট বৰাই কৰ্তব্যৰত এগৰাকী নাৰ্ছক ডিঙিত ধৰি চোঁচৰাই নিয়ে । যি দৃশ্য বন্দী হৈ ৰয় এফ আৰ ইউত স্থাপন কৰা চিচিটিভি কেমেৰাত ।
ইয়াৰ পিছতে ভুক্তভোগী নাৰ্ছগৰাকীয়ে এজাহাৰ দাখিল কৰে ধিং আৰক্ষীৰ ওচৰত । কিন্তু ঘটনাৰ চাৰি দিন পাৰ হৈ গ'ল কিন্তু এতিয়াও তদন্ত আৰম্ভ কৰিবলৈ ধিং আৰক্ষীৰ আহৰি নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ধিং আৰক্ষীৰ বিৰুদ্ধে ।
ঘটনা সংঘটিত হোৱাৰ চাৰি দিনত ভৰি দিয়াৰ পিছতো ৰহস্যজনক কাৰণত কোনো বিভাগীয় তদন্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে স্বাস্থ্যকৰ্মীসকল । যাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ বিচাৰিছে স্বাস্ব্য কৰ্মীসকলে । লগতে ন্যায় নাপায় ভুক্তভোগী স্বাস্থ্যকৰ্মীসকল কাষ চাপিছে ধিং প্ৰেছ ক্লাব, ধিং আঞ্চলিক ছাত্ৰ সন্থা, ধিং বীৰ লাচিত সেনা আৰু ধিং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ।
ইয়াৰ পিছতে শনিবাৰে ধিং এফ আৰ ইউত উপস্থিত হয় ধিং আঞ্চলিক ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাৰ এটা সঁজাতি দল । চিকিৎসালয়খনত উপস্থিত হৈ ঘটনাৰ বুজ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠন দুটাৰ বিষববীয়াসকলে ।

ডাঃ মুকুট বৰাৰ বিৰুদ্ধে ২৪ ঘন্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাই । লগতে সংগঠনকেইটাৰ বিষববীয়াই গোচৰ ৰুজু কৰিয়ে দায়িত্ব সামৰা ধিং আৰক্ষীক তীব্ৰ গৰিহণা দিয়ে ।
সংগঠনৰ এজন সদস্যই কয়, ''আমি ইতিমধ্যে দাবী জনাইছো যে ডাঃ মুকুট বৰাক অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু শাস্তি বিহিব লাগে । আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছো যে তেওঁক অকল ইয়াৰ পৰা বদলি কৰাই নহয়, একেবাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে ।''

