ETV Bharat / state

সংসদৰ প্ৰথম শাৰীৰ আসনত বহিব বিৰোধী উপ-দলপতি গৌৰৱ গগৈ

এইবাৰৰ পৰা সংসদৰ প্ৰথম শাৰীৰ আসনত বহিব বিৰোধী উপ-দলপতি গৌৰৱ গগৈ ৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দিছে এই নিৰ্দেশ ৷

Lok Sabha seating
সংসদৰ প্ৰথম শাৰীৰ অসনত বহিব বিৰোধী উপ-দলপতি গৌৰৱ গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 3, 2024 at 1:41 PM IST

|

Updated : December 3, 2024 at 4:02 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বিৰোধী উপ-দলপতি গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদান কৰাৰ বাবে লোকসভা সচিবালয়ক নিৰ্দেশ দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভা সচিবালয়ে সাংসদসকলৰ বাবে অষ্টদশ লোকসভাৰ আসনৰ ব্যৱস্থা কৰিছে ।

এই নতুন ব্যৱস্থা অনুসৰি, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বাবে সদনৰ সন্মুখৰ শাৰীত আসনৰ ব্যৱস্থা কৰা হৈছে । তেওঁ বিৰোধী দলপতি ৰাহুল গান্ধীৰ কাষত বহিব । সেইদৰে কে চি বেণুগোপাল আৰু কংগ্ৰেছ দলৰ মুখ্য হুইপ কোডিকুন্নিল সুৰেশও সন্মুখৰ শাৰীৰ আসনত বহিব ।

Lok Sabha seating
সংসদৰ প্ৰথম শাৰীৰ অসনত বহিব বিৰোধী উপ-দলপতি গৌৰৱ গগৈ (ETV Bharat)

উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈয়ে একেবাৰে বুথ পৰ্যায়ৰ পৰা সংসদীয় গণতান্ত্ৰিক পৰম্পৰাৰ মন্দিৰ স্বৰূপ সংসদৰ বাহিৰে-ভিতৰে চৰকাৰৰ জন-পৰিপন্থী নীতিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে । শাসকীয় পক্ষক সমালোচনাৰে থকা-সৰকা কৰা গৌৰৱ গগৈক কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যেই তেওঁৰ ওপৰত আস্থা আৰু ভৰসা কৰি লোকসভাৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব দিছে । যি দায়িত্ব তেওঁ নিয়াৰিকৈ পালন কৰি আহিছে ।

লগতে পঢ়ক : ৰিপুণ বৰাক গৌৰৱ গগৈতকৈ শ্ৰেষ্ঠ আখ্যা পবিত্ৰ মাৰ্ঘেৰিটাৰ

এইবাৰ সদনৰ প্ৰথম শাৰীত বিৰোধী দলপতিৰে বহাৰ বাবে লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভা সচিবালয়ে ব্যৱস্থা কৰিছে । সাংসদ গৌৰৱ গগৈয়ে সদনত নিজৰ অধ্যয়নশীলতা, সততা, নিষ্ঠা আৰু তথ্যসৰ্বস্ব বাকপতুতাৰে সমগ্ৰ দেশবাসীৰ লগতে দলৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰো আস্থা আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

Lok Sabha seating
সদনত বিৰোধী উপ-দলপতি গৌৰৱ গগৈ (ETV Bharat)

কিছুদিন পূৰ্বে কংগ্ৰেছ দল আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দলৰ জ্যেষ্ঠ সাংসদ কোডিকুন্নিল সুৰেশ, কে চি বেণুগোপালৰ লগতে সাংসদ গগৈৰ অভিজ্ঞতা আৰু পাৰদৰ্শিতাৰ বাবে বিৰোধী পক্ষৰ বাবে আৱন্টিত সদনৰ প্ৰথম শাৰীত আসন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল । যাৰ পৰিপেক্ষিতত লোকসভাৰ অধ্যক্ষই কংগ্ৰেছ দলৰ এই অনুৰোধৰ প্ৰতি সহাৰি জনাই কংগ্ৰেছ দলৰ তিনিওগৰাকী সাংসদকে বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে একেশাৰীতে আসনত বহিবলৈ অনুমতি প্ৰদান কৰিছে ।

সংসদত বিৰোধীৰ শক্তিশালী ভূমিকা পালন কৰা গৌৰৱ গগৈয়ে এইবাৰ লোকসভাত প্ৰথম শাৰীত বহি নিজৰ দায়িত্ব পালন কৰিবলৈ সুবিধা লাভ কৰিছে । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত লোকসভা নিৰ্বাচনত কলিয়াবৰৰ পৰিৱৰ্তে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি শাসকীয় দলৰ তীব্ৰ প্ৰত্যাহ্বান নেওচি জয়ী হ'বলৈ সক্ষম হৈছিল গৌৰৱ গগৈ ।

লগতে পঢ়ক : উপ-নিৰ্বাচনে আৰু পিছলৈ ঠেলিছে ৰাজ্যৰ বিজেপি বিৰোধী মিত্ৰতাক
Last Updated : December 3, 2024 at 4:02 PM IST