ETV Bharat / state

প্ৰায় খালী হ'ল গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্যন কেম্প

বাংলাদেশলৈ উভতাই পঠিওৱা হ'ল বৃহৎ সংখ্যক বাংলাদেশী আৰু ৰোহিংগীয়া । ৩০-৪০ জনহে আছে মাটিয়াৰ ডিটেনশ্যন কেম্পত ৷

Assam CM on Bangladeshi Deportation
প্ৰায় খালী হ'ল গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্যন কেম্প (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 2:26 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ ডিটেনশ্যন কেম্পৰ পৰা বাংলাদেশলৈ শেহতীয়াভাৱে ওভতাই পঠিওৱা হৈছে বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰী ৷ গুৱাহাটীত এখন সংবাদমেলত শনিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসমৰ গোৱালপাৰাৰ মাটিয়াত একেলগে ৩,০০০ লোকক ৰাখিব পৰা ডিটেনশ্যন কেম্প দেশৰ ভিতৰতে সৰ্ববৃহৎ । ইয়াত মুঠ ২৭০ গৰাকী লোকক ৰখা হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে শেহতীযাকৈ ডিটেনশ্যন কেম্পটোৰ পৰা বাংলাদেশলৈ বৃহৎ সংখ্যক বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু ৰোহিংগীয়াক উভতাই পঠিওৱা হৈছে । মুখ্যমন্ত্ৰীয়ে কয়,"মাটিয়া কেম্পত থকা সকলক উভতাই পঠিওৱা হৈছে । মাত্ৰ যিসকলৰ আইনী প্ৰক্ৰিয়া চলি আছে তেওঁলোককহে ৰখা হৈছে । তেওঁলোকৰ বাদে আন সকলোকে বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে ৷"

২৭০ গৰাকী বাংলাদেশী আৰু ৰোহিংগীয়া থকা ডিটেনশ্যন কেম্পটোত বৰ্তমান মাত্ৰ ৩০-৫০ জন বিদেশী থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "চিনাক্ত হোৱা বাংলাদেশীসকলক বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে । ৰোহিংগীয়াসকলকো বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে । মাটিয়া ডিটেনশ্যন কেম্প প্ৰায় খালী হৈ গৈছে । মাত্ৰ ৩০-৪০ জন মান আছে এতিয়া ।"

প্ৰায় খালী হ'ল গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্যন কেম্প (ETV Bharat)

বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীক (বিডিআৰ) সন্মত কৰাই সীমান্তৰ পৰাই বাংলাদেশীক উভতাই পঠিয়াবলৈ সক্ষম হোৱাৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয়, "আমাৰ বাংলাদেশীক উভতাই পঠিওৱাটো এক নিয়মিত প্ৰক্ৰিয়া । আমি এটা ব্যৱস্থা কৰি ল'বলৈ সক্ষম হৈছোঁ । অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত আমি এতিয়া বিডিআৰক বুজাবলৈ সক্ষম হৈছোঁ-এই সকলে সীমা পাৰ কৰিব লৈছিল । আপোনালোকে এয়া বন্ধ কৰক ৷"

আনহাতে ভাৰত-পাকিস্তানৰ যুদ্ধময় সংঘাতৰ সময়ত অসম আৰু ত্ৰিপুৰাত বাংলাদেশৰ সীমান্তত বাংলাদেশৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পাব পাৰে আৰু অনুপ্ৰৱেশৰ হেঁচা বৃদ্ধি পাব পাৰে বুলি সাধাৰণ আশংকা ঘনীভূত হৈ অহাৰ সময়তে আশ্বস্ত কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে । কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰীয়ে কয়, "পাকিস্তানৰে সংঘাতৰ পিছত শংকা কৰিলেও যোৱা ১০ দিনত আমি বাংলাদেশৰ পৰা তেনেকুৱা একো বিশেষ অনুপ্ৰৱেশ দেখা নাই । ধাৰণা কৰি থাকিলেও আমি ধাৰাবাহিকভাৱে ইণ্ডো-বাংলা সীমান্ত পৰ্যবেক্ষণ কৰি আছোঁ । তাত কোনো ধৰণৰ বিশেষ কাৰ্যকলাপ চকুত পৰা নাই ।"

তেওঁ লগতে কয়, "অনুপ্ৰৱেশ আমাৰ এটা ডাঙৰ সমস্যা । আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি এতিয়া আৰু আইনী প্ৰক্ৰিয়াৰ মাজেৰে নাযাওঁ । আগৰ সিদ্ধান্ত আছিল যে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা ৷ তাৰ পিছত ভাৰতীয় আইনী ব্যৱস্থাৰ মাজেৰে আগবঢ়া হয় ৷ আগতেও আমি ১০০/৫০০ অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ কৰিছিলো । তেওঁলোকক জে'ললৈ পঠিওৱা হৈছিল । আদালতত হাজিৰ কৰোৱা হৈছিল ৷ এতিয়া আমি সিদ্ধান্ত লৈছো যে আমি তেওঁলোকক আমাৰ দেশলৈ নানো । আমি উভতাই পঠিয়াম । এয়া আমাৰ নতুন পৰিঘটনা ৷ আগতে প্ৰতি বছৰে ৪-৫ হাজাৰ অনুপ্ৰেৱশকাৰী ধৰা পৰিছিল । এতিয়া ঘূৰাই পঠিওৱাৰ কাৰণে সংখ্যাটো কমিছে । উভতাই পঠিওৱাটো এক নতুন উদ্ভাৱন ।"

উল্লেখ্য যে এই বছৰৰ ফেব্ৰুৱাৰী মাহত দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ ডিটেনশ্যন কেম্পক লৈ দিছিল এক বিশেষ নিৰ্দেশনা আৰু মন্তব্য ৷ জবাবদিহি কৰিছিল কেন্দ্ৰীয় চৰকাৰক । ন্যায়াধীশ অভয় এছ অ'কা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে মন্তব্য কৰিছিল, "আপুনি এনে ব্যক্তিক চিৰকাললৈকে বন্দী কৰি ৰাখিব নোৱাৰে । এবাৰ বিদেশী বুলি ঘোষণা কৰাৰ পিছত যুক্তিসংগত পদক্ষেপ ল'ব লাগিব ।"

ন্যায়ালয়ে উত্তৰ-পূবৰ ডিটেনশ্যন চেণ্টাৰ বা ট্ৰেনজিট কেম্পৰ লোকে দাখিল কৰা গোচৰৰ এটা গোটৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰক বিতাড়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে দুসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ তাৰ পিছৰ পৰাই অসম চৰকাৰে ডিটেনশ্যন কেম্পৰ পৰা বিদেশী চিনাক্ত হোৱা লোকসকলক বিতাড়নৰ কাম আৰম্ভ কৰে । যাৰ ফলশ্ৰুতিত অসমৰ মুখ্যমন্ত্ৰীয়ে শনিবাৰে ঘোষণা কৰে যে অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্পত এতিয়া মাত্ৰ আইনী প্ৰক্ৰিয়া চলি থকা ৩০-৪০ জনহে বাংলাদেশী লোক আছে ।

লগতে পঢ়ক :কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত : মুখ্যমন্ত্রীয়ে ক'লে সিদ্ধান্তসমূহ - DECISION OF CABINET MEETING