গোলাঘাট: ঐতিহাসিক প্ৰত্নতাত্বিক সমলৰে ভৰপূৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওপাহাৰ । পাহাৰৰ ওপৰত বিভিন্ন ভাস্কৰ্য শিল্পৰ ভঁৰাল হিচাপে পৰিচিত এই দেওপাহাৰ । য'ত আছে বহু প্ৰাচীন শিলালিপি । মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই পাহাৰে বাটৰুৱাক হাত বাউলী মাতে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ । গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দেওপাহাৰত ওপৰত আছে আনুমানিক সপ্তম, নৱম শতিকাৰ ভাস্কৰ্য শিল্পৰ বিভিন্ন কলা খোদিত হৈ আছে ।
লোকবিশ্বাস মতে এই দেওপাহাৰৰ ওপৰত থকা প্ৰত্নতাত্বিক সমল থকা স্থানত এটা শিৱ মন্দিৰ আছিল । কিন্তু ১৮৯৭ চনৰ মন্দিৰভাগ ধ্বংসস্তুপত পৰিণত হয় । বহুদিন ধৰি জনচক্ষুসৰ আঁৰত থকা এই ভাস্কৰ্যৰ ভগ্নাৱশেষসমূহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু পৰৱৰ্তীকালত থমাছ গাৰ্ডথেই নামৰ এজন ইংৰাজ খেতিয়কৰ দৃষ্টিগোচৰ হয় । সেই সময়ৰ পৰাই উক্ত পাহাৰৰ ওপৰত থকা সমলসমূহ চাবলৈ বহু লোকৰ আগমনে ঘটে ।
দেওপাহাৰৰ ঐতিহাসিক প্ৰত্নতাত্বিক শৈল ভাস্কৰ্য কোনে কেতিয়া কিয় নিৰ্মাণ কৰিছিল তাৰ সঠিক তথ্য আজিও উদ্ধাৰ হোৱা নাই যদিও প্ৰত্নতাত্বিকসকলে এইসমূহ গুপ্তসকলৰ বা পাল বংশৰ ৰজাসকলে নিৰ্মাণ কৰিছিল বুলি ক'ব খোজে । তাৰ পাছত বহুতে এই সম্পৰ্কে বিভিন্ন প্ৰতিবেদন প্ৰকাশ কৰিছিল । পৰৱৰ্তী সময়ত অসম চৰকাৰৰ পুৰাতত্ব বিভাগে নিজৰ অধীনলৈ আনে আৰু ইয়াক পৰ্যটক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰে ।

ইয়াত থকা ভাস্কৰ্যসমূহৰ ভিতৰত ৰাৱণে সীতাক হৰণ, জঁটায়ু পক্ষীৰ যুদ্ধ, ৰাম লক্ষ্মণ আৰু সুগ্ৰীৱৰ মিলন, লগতে এটা যমৰ মূৰ্ত্তি আদি প্ৰধান ইয়াৰ আৰু বহু শিলাখণ্ড আছে । ইয়াৰ উপৰিও লোকবিশ্বাস অনুসৰি এই স্থানত থকা শিৱলিংগ ১৯ শতিকাত দেওপাহাৰৰ সমতলত স্থাপন কৰা হয় যাক বাবা থান বুলি জনাজাত । পৰ্যটকৰ আকৰ্ষণৰ ইমান থল থকাৰ পাছতো যেন সঠিক ৰূপত আগবঢ়ায় লৈ যাব পৰা নাই অসমৰ পৰ্যটন বিভাগে ।

এই সম্পৰ্কে প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামীয়ে কয়, "আমি পৰিকল্পিতভাৱে ইয়াৰ প্ৰচাৰ হোৱা নাই বাবে এনে হৈছে । দেওপাহাৰৰ যিসমূহ ভাস্কৰ্যসমূহ বহুতকে বেলেগ ইয়াত ৰামায়ণ, মহাভাৰতৰ বহু কাহিনী আছে বুলি কয় । বিশেষকৈ এনেধৰণৰ মন্দিৰত যমৰ মূৰ্তি নাথাকে কিন্তু দেওপাহাৰত যমৰ মূৰ্ত্তি আছিল । এই ভাস্কৰ্যসমূহ বৰ্তমানলৈকে ভালকৈ গৱেষণা হোৱা নাই এই কথা একেবাৰে সত্য ৷ ইয়াৰ উপৰিও সঠিক ৰূপত দাঙি ধৰিব পৰা নাই পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ ।"

তেওঁ লগতে কয়,"গোলাঘাট জিলাৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা যেনে কাছমাৰী বৰপথাৰ সৰুপথাৰ আদি অঞ্চলত থকা শিলৰ মূৰ্ত্তিসমূহ কোন শতিকাৰ কোনে কৰিছিল এই সম্পৰ্কে আমাৰ হাতত বুৰঞ্জীত নাই । আমি সকলোৱে কৈ আছো আহোম ৰাজত্বকালৰ আগত বড়ো, কছাৰীসকলৰ ৰাজত্ব আছিল সেই সময়ত গতিকে আহোমসকলে শিলৰ ভাস্কৰ্যসমূহ সংৰক্ষণ কৰিছিল । ঠিক তেনেদৰে য'ত সিঁচৰতি হৈ থকা শিলাখণ্ডৰে নেঘেৰিটিং শিৱদৌল নিৰ্মাণ কৰাইছিল আহোমসকলে । অসমত থকা ভাস্কৰ্য শিল্পৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ বাবে সংগঠিত হৈ কাম কৰিব লাগিব ।"
প্ৰকৃতপ্ৰেমীগৰাকীয়ে কয়, "প্ৰাচীন কালৰ বস্তু আছে বুলি আমি সংৰক্ষণ কৰি বহি থাকিলে নহ'ব যদি পৰ্যটকে এইসমূহ চাই কিবা শিকি লগত লৈ যায় তেনেহলে আমাৰ ৰাজ্য বা দেশৰ কাৰণে মংগলজনক কথা । ইয়াৰ উপৰিও কাজিৰঙালৈ অহা পৰ্যটকে কেৱল মাত্ৰ কাজিৰঙা দৰ্শন কৰা নহয় উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই আছে । কাৰণ কোনোবা পৰ্যটকে যেতিয়া কাজিৰঙা ভ্ৰমণ কৰিবলৈ বুকিং কৰে তেতিয়া পৰ্যটকক সকলো বিষয়বস্তু দাঙি ধৰিব নোৱাৰে বাবে এই ঠাইসমূহত পৰ্যটকৰ আগমন নহয় ।"

আনহাতে এই সম্পৰ্কে স্থানীয় এজন যুৱ সাংবাদিক বিনন ফুকনে কয়, "ইতিহাস প্ৰসিদ্ধ নুমলীগড় দেওপাহাৰত প্ৰত্নতাত্বিক সমলেৰে ভৰপূৰ আৰু দেওপাহাৰৰ কেউদিশে দেখিবলৈ পোৱা যায় বহু শিলাখণ্ড । যিসমূহ শিলাখণ্ডত বহু ঐতিহাসিক কথা খোদিত হৈ আছে ইয়াৰ কিছুমান কাহিনী মহাভাৰতৰ লগত জড়িত আছে বুলি বহুতেই কয় । শেহতীয়াকৈ দেওপাহাৰৰ এই প্ৰত্নতাত্বিক সমলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদক্ষেপ গ্ৰহণ কৰিছে আৰু এই শিলাখণ্ড তেওঁ পৰিদৰ্শন কৰিছে আৰু ইয়াক সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে ৰাইজক আশ্বাস দিছে আৰু এইটো কেৱল মাত্ৰ নুমলীগড় অঞ্চলৰ নহয় সমগ্ৰ অসমৰ বাবে দেও পৰ্বত এটা ঐতিহাসিক ঠাই । ইয়ালৈ বিদেশী পৰ্যটকক অহাৰ এটা সুবিধা আছে আৰু পৰ্যটনস্থলী হিচাপে ইয়াক আমি বিবেচনা কৰো ।"

ইফালে এই ভাস্কৰ্য শিলাখণ্ডৰ সুৰক্ষাৰ দায়িত্বত থকা এজন যুৱকে কয়, "ইয়ালৈ সোমবাৰে অলপ বেছি মানুহ আহে বাকী দিনত কম হয় । ওচৰৰ মানুহৰ লগতে কাজিৰঙালৈ অহা পৰ্যটক কেতিয়াবা আহে । মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিছিল আৰু অলপ সুন্দৰকৈ সজাই পৰাই তোলাৰ কথা কৈছিল ।"