ETV Bharat / state

'দেও কুবেৰ শলিতা লগোৱা সকাম' কি !

সৰুপথাৰত 'দেও কুবেৰ শলিতা লগোৱা সকাম' । উপস্থিত মন্ত্ৰী অতুল বৰা । অসম-নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰীগৰাকীৰ ।

'Deo Kuber Shalita Lagua Sakam' held at Sarupathar under the initiative of CYSA
দেও কুবেৰ শলিতা লগোৱা সকাম' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 9:40 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ উদ্যোগত সৰুপথাৰত অনুষ্ঠিত কৰা হয় দেও কুবেৰ শলিতা লগোৱা সকাম । মাঘী পূৰ্ণিমা তিথি উপলক্ষে অনুষ্ঠিত কৰা হয় দেও কুবেৰ শলিতা লগোৱা সকাম । সৰুপথাৰৰ ১নং গন্ধকৰৈ গাঁৱত অনুষ্ঠিত কৰিছে এই অনুষ্ঠান । অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ ৰজা ৰজা বীৰপাল, সতী সাধনীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জনোৱা হয়, স্মৃতি তৰ্পণ কৰাৰ লগতে ৰাজীৱ শদিয়াকো শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

চুতীয়া জনগোষ্ঠীৰ 'দেও কুবেৰ শলিতা লগোৱা সকাম' পূৰ্ব-পুৰুষৰ উপাসনা কৰা এক জনগোষ্ঠীয় অনুষ্ঠান । জনশ্ৰুতি অনুসৰি বীৰপালৰ ৰাজত্ব কালতে চুতীয়াৰ ইষ্ট দেৱতা কুবেৰৰ আবিৰ্ভাৱ হৈছিল চুতীয়া ৰাজ্যত । ইষ্ট দেৱতা কুবেৰ দেৱে ৰাজলক্ষ্মী স্বৰূপা পাঁচবিধ ধাতু দ্ৰব্য স্বপ্নৰ জৰিয়তে বীবৰক অৰ্পণ কৰিছিল । ইয়াৰে ভিতৰত সোণৰ বিড়ালী, সোণৰ ঢাল, তৰোৱাল, এপাত জাকি আৰু এটা দণ্ডচত্ৰ আছিল ।

দেও কুবেৰ শলিতা লগোৱা সকাম' (ETV Bharat Assam)

এই সম্পদসমূহ আছিল চুতীয়া ৰজাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক তথা দেশৰ স্বাভিমান আৰু সাহসৰ প্ৰতীক । এই ধাতু দ্ৰব্য সম্পদসমূহ চুতীয়া ৰাজবংশত প্ৰজন্ম ধৰি সংৰক্ষিত হৈ আছিল আৰু পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা গংগাজলেৰে পবিত্ৰ কৰি পূজা অৰ্চনা কৰাৰ লগতে দেও কুবেৰ আৰু শলিতা লগোৱা সকাম অনুষ্ঠিত কৰিছিল । দেও কুবেৰ অনুষ্ঠানত 'সাম্প্ৰতিক সময়ত অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয়' শীৰ্ষক বিষয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

'Deo Kuber Shalita Lagua Sakam' held at Sarupathar under the initiative of CYSA
জেং বিহু প্ৰদৰ্শন (ETV Bharat Assam)

চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ উদ্যোগত সৰুপথাৰত অনুষ্ঠিত হোৱা দেও কুবেৰ শলিতা লগোৱা সকামত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা । মন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, "আজি মাঘী পূৰ্ণিমা ৷ মাঘী পূৰ্ণিমাৰ দিনটোতেই চুতীয়াসকলে দেও কুবেৰৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰে । আমি জানো যে উত্তৰ পাৰত পৰম্পৰাগতভাৱে পাতি অহা হয় । ইয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে । আমি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি অত্যন্ত আনন্দিত হৈছোঁ ।"

'Deo Kuber Shalita Lagua Sakam' held at Sarupathar under the initiative of CYSA
মন্ত্ৰী অতুল বৰা (ETV Bharat Assam)

ইফালে একেদিনাই অসম-নাগালেণ্ড সীমান্তত অৱস্থিত তৈলখাদত নাগালেণ্ডৰ প্ৰশাসন উপস্থিত হৈ ONGC ৰ বিষয়া কৰ্মচাৰীক ভাবুকি প্ৰদান কৰাৰ প্ৰসংগত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও, অসম-নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত মন্ত্ৰী বৰাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । তেওঁ কয়, "আপোনালোকে জানে যে বহুদিনৰে পৰা সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তত মাজে মাজে কেতবোৰ ঘটনা হৈ থাকে । আগতেতো বহুত ডাঙৰ ঘটনাই হৈ গৈছে । আমাৰ কাৰ্যকালত আমি চোকা দৃষ্টি ৰাখিছোঁ । মুখ্যমন্ত্ৰীয়েও চুবুৰীয়া ৰাজ্যসমূহৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক এটা ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰি আহিছে ।"

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তৱৰ্তী তৈলখাদত নগাৰ শেন চকু - ASSAM NAGALAND BORDER

সতৰ্ক হৈ থাকক ! ভয়ংকৰ বিস্ফোৰণৰ শব্দই কঁপাব লখিমপুৰক - DULLUNG RESERVED FOREST