ETV Bharat / state

ফ্লেট কিনাৰ কথা ভাবিছে নেকি ? তেন্তে তাৰ পূৰ্বে জানি লওক এইকেইটা কথা - GUWAHATI REAL ESTATE BUSINESS

ফ্লেটৰ চাহিদা বৃদ্ধিৰ লগে লগে পৰিসৰ বৃদ্ধি পাইছে ৰিয়েল ইষ্টেটৰ ব্যৱসায়ৰ । ফ্লেট ক্ৰয়ৰ ক্ষেত্রত জানিবলগা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আমাৰ এক বিশেষ প্ৰতিবেদন ।

Guwahati real estate business
ফ্লেট কিনাৰ কথা ভাবিছে নেকি ? তেন্তে তাৰ পূৰ্বে জানি লওক এইকেইটা কথা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 5:14 PM IST

5 Min Read

গুৱাহাটী: ৰাজ্যৰ নগৰ-চহৰত জনসংখ্যা বৃদ্ধিৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে ফ্লেটৰ চাহিদা । বিশেষকৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত জনসংখ্যাৰ বিপৰীতে ভূমিৰ পৰিমাণ কমি অহাত স্বাভাৱিকতে ফ্লেটৰ চাহিদা বৃদ্ধি পাইছে । ফ্লেটৰ চাহিদা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে ৰিয়েল ইষ্টেটৰ ব্যৱসায়ো ।

বৰ্তমান সময়ত ৰিয়েল ইষ্টেটৰ ব্যৱসায়ে বিশাল পৰিসৰ লাভ কৰিছে । চৌদিশে গঢ় লৈ উঠিছে বিশাল বিশাল অট্টালিকা । আনহাতে, গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন নগৰ-চহৰত সৰু সৰু এপাৰ্টমেণ্টৰো চাহিদা বৃদ্ধি পাইছে ।

চাহিদা বৃদ্ধি পালেও কিন্তু ফ্লেট এটা ক্ৰয় কৰিবলৈ যাওঁতে প্ৰথমতে কি কি কথা জানি লোৱা উচিত সেই সম্পৰ্কে বহু লোকেই অৱগত নহয় । যাৰ বাবে ফ্লেট এটা ক্ৰয় কৰিবলৈ যাওঁতে বহু লোকেই বিবুদ্ধিত পৰে । ফ্লেট এটা ক্ৰয় কৰিবলৈ যাওঁতে জানিবলগীয়া কেতবোৰ দিশ সামৰি এই বিশেষ প্ৰতিবেদন ।

Guwahati real estate business
ফ্লেট কিনাৰ পূৰ্বে জানি লওক কেইটামান কথা (ETV Bharat Assam)

আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্টাকচাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ সভাপতি তথা বিশিষ্ট অভিযন্তা পি কে শৰ্মাৰে হোৱা আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

ফ্লেট কিনাৰ পূৰ্বে জানি লওক এইকেইটা কথা (ETV Bharat Assam)

প্ৰশ্ন : ফ্লেট এটা ক্ৰয় কৰিবলৈ যাওঁতে প্ৰথমতে কি কি বিষয় জানি ল'ব লাগে ?

উত্তৰ : গ্ৰাহকৰ সুৰক্ষাৰ বাবে ২০১৭ চনৰ পিছৰ পৰা ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথ'ৰিটি চমুকৈ 'ৰেৰা' আইনখন প্ৰযোজ্য কৰা হৈছে । এই আইনখনে ক্ৰেতাক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে । 'ৰেৰা'ৰ ৱেবছাইটত সকলো উপলব্ধ । ক্ৰয় কৰিব বিচৰা প্ৰকল্পৰ সকলো দিশ ৰেৰাৰ ৱেবছাইটত চাব পাৰিব । তাত নিৰ্মাতাৰ সম্পূৰ্ণ তথ্য উপলব্ধ । নিৰ্মাতা আৰু প্ৰকল্পৰ সকলো তথ্য তাত লাভ কৰিব পাৰিব । মাটিৰ কাগজ-পত্রৰ পৰা আৰম্ভ কৰি অনুমতিকে ধৰি সকলো দিশ তাত চাব পাৰিব ।

ক্ৰেতাই প্ৰথমতে ৰেৰাৰ পঞ্জীয়ন থকা প্ৰকল্প চাই ল'ব লাগে । ৰেৰাই সকলো চালিজাৰি চাইহে পঞ্জীয়ন কৰে । ক্ৰেতাই কিবা অসুবিধা পালে ৰেৰাই ইয়াৰ সমাধান দিব । ৰেৰাই গোচৰো ল'ব পাৰে আৰু ইয়াৰ মীমাংস‍াও কৰিব পাৰে । ৰেৰাই গ্ৰাহকৰ সুৰক্ষা সুনিশ্চিত কৰে ।

প্ৰশ্ন : ফ্লেট ক্ৰয় কৰাৰ প্ৰক্ৰিয়াটো কেনেকুৱা ?

উত্তৰ : ফ্লেট এটাৰ সকলো দিশ চালিজাৰি চাই সিদ্ধান্ত লোৱাৰ পিছত বুকিঙৰ অগ্ৰিম ধন দি চুক্তি স্বাক্ষৰ কৰা হয় । তাৰ পিছত চুক্তি অনুসৰি কিস্তি দিয়া হয় । সময়মতে যাতে গ্ৰাহকে ফ্লেট লাভ কৰে সেই দিশটোও ৰেৰাই চায় । ৰেৰা হোৱাৰ পৰা গ্ৰাহক সম্পূৰ্ণৰূপে সুৰক্ষিত ।

প্ৰশ্ন : ফ্লেট এটাৰ মালিকীস্বত্ব কিমান দিনলৈ থাকে ?

উত্তৰ : মাটিৰ দৰে ফ্লেটৰ মালিকীস্বত্ব চিৰদিনৰ বাবে থাকে । স্থাৱৰ সম্পত্তিৰ আইনৰ আওতাত পৰে ফ্লেট । প্ৰজন্মৰ পাছত প্ৰজন্মই ইয়াৰ অধিকাৰ পাব । ঘৰৰ ডিজাইনৰ মানদণ্ড অনুসৰি এটা ঘৰৰ আয়ুস এশ বছৰ । কাগজ-পত্র অনুসৰি এশ বছৰ থাকে । কিন্তু আমি ইয়াত কেইবাশ বছৰ পুৰণি ঘৰ দেখিছোঁ ।

প্ৰশ্ন : প্ৰাকৃতিক দুৰ্যোগ নাইবা আন কোনো কাৰণত এপাৰ্টমেণ্ট ধ্বংস হ'লে কি হ'ব ?

উত্তৰ : প্ৰাকৃতিক দুৰ্যোগৰ বাবে বীমাটো দৰকাৰী বিষয়। নিৰ্মাতাৰ হাতত অট্টালিকাটো থকালৈকে বা ক্ৰেতাক নিদিয়া পৰ্যন্ত নিৰ্মাতাৰ দায়িত্বত থাকিব তথা প্ৰিমিয়াম দিব । কিন্তু ক্ৰেতাক গতাই দিয়াৰ পিছত ছ'চাইটীৰ হাতলৈ যোৱাৰ পিছত ছ'চাইটীয়ে প্ৰিমিয়াম দিব । প্ৰাকৃতিক দুৰ্যোগৰ বাবে ঘৰৰ বীমা কৰা থাকে ।

প্ৰশ্ন : ফ্লেট বা এপাৰ্টমেণ্ট নিৰ্মাণ কৰি গ্ৰাহকক দিয়াৰ পাছত নিৰ্মাতাৰ দায়বদ্ধতা কেতিয়ালৈকে থাকে ?

উত্তৰ : প্ৰম'টাৰসকলৰ বিসংগতিৰ ক্ষেত্রত দায়বদ্ধতা পাঁচ বছৰৰ বাবে থাকে । নিৰ্মাণৰ ক্ষেত্রত কিবা ত্ৰুটি থাকিলে তাৰ দায়িত্ব পাঁচ বছৰৰ বাবে প্ৰম'ট‍াৰ সকলে লয় ।

প্ৰশ্ন : সৰু আকাৰৰ ভূমিত নিৰ্মাণ কৰা দুই-তিনিমহলীয়া অট্টালিকাৰ কম সংখ্যাৰ ফ্লেটসমূহ কিমান নিৰাপদ ?

উত্তৰ : সৰু সৰু অট্টালিকাৰ ফ্লেটসমূহ 'ৰেৰা'ৰ নিয়ন্ত্রণত নাই । মাটিৰ পৰিমাণ আৰু ইউনিটৰ সংখ্যাৰ লগত এইটো জড়িত । সৰু সৰু প্ৰকল্পৰ ক্ষেত্রত ৰেৰাৰ পঞ্জীয়ন বাধ্যতামূলক নহ'ব পাৰে । বাধ্যতামূলক নোহোৱা ঠাইত কোনোৱা ক্ৰেতাই ফ্লেট ক্ৰয় কৰিব গ'লে এটা ডাঙৰ প্ৰত্যাহ্বান লোৱা হ'ব । কাৰণ তেনে অট্টালিকা নাইবা ফ্লেটত কিবা বিসংগতি হ'লে কোনো ধৰণৰ সুৰক্ষা নাই ।

ৰেৰাৰ আওতাত নপৰা ফ্লেটৰ ক্ষেত্রত কিবা সমস্যা হ'লে আদালতলৈ যাব লাগিব । যিটো এটা দীঘলীয়া প্ৰক্ৰিয়া । ৰেৰাৰ অধীনত হ'লে সম্পূৰ্ণ সুৰক্ষিত । সেয়ে ফ্লেট এটা ক্ৰয় কৰাৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰা উচিত ।

লগতে পঢ়ক :উদ্যোগপতিৰে বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ: এডভাণ্টেজ আছাম ২.০ ত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান - ASSAM CM MEETS INDUSTRY LEADERS
লগতে পঢ়ক :উত্তৰ-পূব ভাৰত অভূতপূৰ্ব উন্নতিৰ সাক্ষী হৈছে: প্ৰধানমন্ত্ৰী - RISING NORTH EAST INVESTORS SUMMIT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.