ETV Bharat / state

জেতুকাক নিচিনি মেহেন্দী চিনি পোৱাসকলৰ বাবে দেৰগাঁৱৰ পৰা গুৱাহাটীলৈ আহিছে জেতুকা পাত

গুৱাহাটীত ব'হাগী মেলা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ব্যৱসায়ী । বিহুৰ সামগ্ৰী বিচাৰি গ্ৰাহকৰ ভিৰ ।

Bihu preparation
গুৱাহাটীত ব'হাগী মেলা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 7:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী । ইতিমধ্যে ৰাজ্যজুৰি বিহুৰ প্ৰস্তুতি আৰম্ভ হৈছে । ঢোল-পেঁপাৰ মাতত চৌদিশ ৰজনজনাই উঠিছে । গ্ৰামাঞ্চলত ৰঙালীৰ সামগ্ৰী যোগাৰ কৰাত সকলো ব্যস্ত হৈছে । অৱশ্যে যান্ত্ৰিকতাৰ মহানগৰীতো উপলব্ধ হৈছে ৰঙালী বিহুৰ সকলো সামগ্ৰী । গ্ৰামাঞ্চলৰ দৰে গুৱাহাটীতো উপলব্ধ হৈছে কপৌ ফুল, জেতুকা, চিৰা, পিঠা, দৈ, ক্ৰীম আদি । একেদৰে গাঁৱৰ শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা গামোচাও ওলাইছে গুৱাহাটীৰ বজাৰত । যদি আপোনাকো এই সামগ্ৰীবোৰৰ প্ৰয়োজন, তেনেহ'লে চিন্তা নাই । কাৰণ গুৱাহাটীৰ বিভিন্ন স্থানত আয়োজিত হৈছে ৰঙালী বিহুৰ বিশেষ বজাৰ ।

মহানগৰীত ব'হাগী মেলা

গুৱাহাটীত ব'হাগী মেলা (ETV Bharat)

প্ৰতিবছৰৰ দৰে দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰতো অনুষ্ঠিত হৈছে ব'হাগী মেলাৰ । য'ত আন আন সামগ্ৰীৰ লগতে গামোচা, কপৌ ফুল, জেতুকাৰ ব্যাপক চাহিদা দেখা গৈছে । পুৱাৰে পৰা নিশালৈ গ্ৰাহকে ভিৰ কৰিছে এই মেলাত । গ্ৰাহকৰ সঁহাৰি দেখি উৎফুল্লিত ব্যৱসায়ী ।

মেলাখনত গামোচা বিক্ৰী কৰা হাজোৰ দেবেন ডেকাই কয়, "ব'হাগ বিহু বুলিলে গামোচাখনেই মূল বিহুৱান । সেয়েহে গামোচাৰ বিক্ৰী ভাল হৈছে । গ্ৰাহকৰ সঁহাৰি যথেষ্ট ভাল পাইছো । এয়া শুভ লক্ষণ । মোৰ বিপণিত ১০০-১,৬০০ টকালৈ গামোচা আছে । এইবাৰ প্ৰায় ৩,৫০০ গামোচা আনিছিলো । প্ৰায় শেষ হৈছে গামোচা । বিগত বৰ্ষতকৈ গামোচাৰ মূল্য বৃদ্ধি পাইছে । প্ৰতিখন গামোচাত ২০-৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে ।" তেওঁ লগতে কয়, "এইবাৰ মুখ্যমন্ত্ৰীয়ে গামোচা ক্ৰয় কৰাৰ ফলত শিপিনীসকল উপকৃত হৈছে যদিও ব্যৱসায়ীসকলৰ ওপৰত প্ৰভাৱ পৰিছে ।" তেওঁ ৰাইজক পাৱাৰলুমৰ গামোচা ক্ৰয় নকৰিবলৈও আহ্বান জনাইছে ।

আনহাতে ৰঙালী বিহু কপৌ ফুল আৰু জেতুকা অবিহনে যেন আধৰুৱা । এই কংক্ৰিটৰ মহানগৰীত বিহুৰ বজাৰত জেতুকা আৰু কপৌৰ চাহিদা বৃদ্ধি পাইছে । মেলালৈ দেৰগাঁৱৰ পৰা অহা ব্যৱসায়ী মেৰলিন বৰদলৈয়ে কয়, "ৰঙালী বিহুৰ লগত জেতুকা আৰু কপৌ ফুল ওতঃপ্ৰোতভাৱে জড়িত । কিন্তু জেতুকাৰ বিষয়ে নৱপ্ৰজন্মই নাজানে । তেওঁলোকে মেহেন্দীৰ কথাহে জানে । যাৰ বাবে নৱপ্ৰজন্মক জেতুকা কি চিনাকী কৰাই দিবলৈ জেতুকা আনিছিলো যদিও সঁহাৰি খুব ভাল পাইছো । তাৰ বিপৰীতে কপৌ ফুলৰো চাহিদা আছে ।" তিনিচুকীয়াৰ ব্যৱসায়ী সীমা সোণোৱালে কয়,"লাৰু, পিঠা, চিৰা, হুৰুমৰ লগতে কপৌ ফুল আৰু ভাটৌ ফুলো আনিছো । গ্ৰাহকে খুব হেঁপাহেৰে কপৌফুল, ভাটৌ ফুল কিনিছে । বহুলোকে ইয়ালৈ কপৌফুল বিচাৰি আহিছে । প্ৰতি থোপা ফুল ১০০-৫০০ টকালৈ বিক্ৰী হৈছে ।"

লগতে পঢ়ক :নাচনীৰ ৰূপত এইবাৰ ১৬গৰাকী জনপ্ৰিয় অভিনেত্ৰী - ASSAMESSE ACTRESSES JENG BIHU