ETV Bharat / state

মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতে ২৫ নৱেম্বৰলৈ স্থগিত মৰাণসকলৰ প্ৰতিবাদ

৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখা মৰাণসকলৰ বিভিন্ন সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক ।

cm moran community meeting
ডিব্ৰুগড়ৰ সচিবালয়ত মৰাণ জনগোষ্ঠীৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 1:06 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: জনজাতিকৰণৰ দাবীত উজনিত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নকৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ৬ জনগোষ্ঠীৰ দল-সংগঠনসমূহ । বিগত এটা মাহে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীয়ে ধাৰাবাহিকভাৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । বৃহৎ অৰ্থনৈতিক অৱৰোধ, জোঁৰ সমদল কৰি তিনিচুকীয়াৰ জন-জীৱন স্তব্ধ কৰি দিছিল মৰাণ জনগোষ্ঠীৰ ৰাইজে । অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি তিনিচুকীয়া জিলাৰ পৰা কয়লা, চাহ, কাঠ, তেলৰ ৰপ্তানি বন্ধ হোৱাৰ লগে লগে উজনিত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল ।

একপ্ৰকাৰ জনজাতিকৰণ সন্দৰ্ভত মৰাণ জনগোষ্ঠীৰ সংগঠনসমূহে ৰাজপথ কঁপাই তোলাৰ পাছত চৰকাৰৰ মূৰৰ কামোৰণিৰ সৃষ্টি হৈছে । বৃহৎ অৰ্থনৈতিক অৱৰোধ, জোঁৰ সমদলৰ পাছত মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে । ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত বুধবাৰে নিশা মৰাণ জনগোষ্ঠীৰ সংগঠনৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

মৰাণ জনগোষ্ঠীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat)

কেইবা ঘণ্টা ধৰি জনগোষ্ঠীৰ দুই শতাধিক ৰাইজৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী । এই আলোচনাৰ পাছতেই ২৫ নৱেম্বৰলৈকে জনজাতিকৰণ দাবীত প্ৰতিবাদ স্থগিত ৰখাৰ কথা জানিবলৈ দিয়ে মৰাণ জনগোষ্ঠীৰ সংগঠনসমূহে ।‌

উল্লেখ্য যে দীৰ্ঘদিন ধৰি মৰাণ জনগোষ্ঠীয়ে অসমৰ ৬ জনগোষ্ঠীক ঐক্য মঞ্চৰ সৈতে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ লগতে শেহতীয়াকৈ পৃথকে পৃথকে আন্দোলন কৰিছিল । মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিৰ পাছত জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবনে নাই সেয়াহে লক্ষ্যণীয় হ'ব !

cm moran community meeting
ডিব্ৰুগড়ৰ সচিবালয়ত মৰাণ জনগোষ্ঠীৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat)

মৰাণ জনগোষ্ঠীৰ সৈতে মুখ্যমন্ত্ৰী আলোচনা :

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মৰাণ জনগোষ্ঠীক জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মিলিত হৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়াই কয়, "পূৰ্বে ২৫ ছেপ্টেম্বৰত আলোচনা হৈছিল গুৱাহাটীত । মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল আৰু জনগোষ্ঠীৰ ৰাইজৰ সৈতে আলোচনাত বহাৰ কথা কৈছিল । সেয়ে আজি মৰাণ জনগোষ্ঠীৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ।"

cm moran community meeting
মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতে ২৫ নৱেম্বৰলৈ প্ৰতিবাদ স্থগিত মৰাণসকলৰ (ETV Bharat)

তেওঁ লগতে কয়, "অহা ২৫ নৱেম্বৰত বিধানসভাত জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰি বিষয়টো সমাধান কৰাৰ আশ্বাস দিছে । আজি জনজাতিকৰণৰ লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় । জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে । আমি আশা কৰিছোঁ সমাধান হ'ব । অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া আশ্বাস দিছে আমি শেষবাৰৰ বাবে মানি লৈছোঁ । ২৫ নৱেম্বৰৰ পাছত জনজাতিৰকৰণ নহ'লে পুনৰ আন্দোলন কৰা হ'ব বুলিও আলোচনাত কোৱা হৈছে ।‌"

cm moran community meeting
ডিব্ৰুগড়ৰ সচিবালয়ত মৰাণ জনগোষ্ঠীৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat)

অৰুণাচলৰ মৰাণসকলে লাভ কৰা নাই মৌলিক অধিকাৰ :

অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ প্ৰসংগত পলিন্দ্ৰ বড়াই কয়, "বহু বছৰৰ পৰা অৰুণাচলত মৰাণ জনগোষ্ঠীৰ ৰাইজ বাস কৰি আছে । অৰুণাচলত থকা মৰাণসকলে কোনো অধিকা‌ৰ লাভ কৰা নাই । থাকিবলৈ, পঢ়া-শুনা কৰিবলৈ অধিকাৰ লাভ কৰা নাই । ইয়াৰ পাছতে অৰুণাচলত থকা সকলৰ মৌলিক অধিকাৰৰ বাবে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল । ইতিমধ্যে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । অসম চৰকাৰে জাতিগত প্ৰমাণপত্ৰৰ পৰা আন নথি পত্ৰ প্ৰদান কৰিব ।"

লগতে পঢ়ক :বন্ধ হৈ পৰিল ১২৫ খন চাহ বাগিচা; প্ৰতিবাদৰ বাবে ওলাই আহিল সকলো