ETV Bharat / state

ডিমা হাছাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে পকীকৰণৰ দাবী; অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ আই এছ এফৰ - NH 27 DIMA HASAO

ডিমা হাছাওৰ মাজেদি যোৱা এটা ৰাষ্ট্ৰীয় ঘাইপথ । দীর্ঘ দিনৰ পৰা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ আছে ।

NH 27 Dima Hasao
ডিমা হাছাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে পকীকৰণৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 12:17 PM IST

3 Min Read

হাফলং : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ মাজেদি যোৱা এইটো হৈছে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ । এই ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ডিমা হাছাও, বৰাক উপত্যকা, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বাবে এক জীৱনৰেখা স্বৰূপ । কিন্তু দীর্ঘ দিনৰ পৰা এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা মিয়াংক্ৰলৈকে পথৰ দুৰৱস্থাৰ বাবে এতিয়া যমৰ-যন্ত্ৰণা ভুগিবলগা হৈছে সাধাৰণ ৰাইজে ।

বৰ্তমানে এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰেদি নিৰ্মাণ কৰা হৈছে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰ চাৰিলেন পথ নিৰ্মাণৰ কাম । ইয়াৰে নিৰিমবাংলাৰ পৰা হাৰেংগাজাওলৈকে এই চাৰিলেন পথ নিৰ্মাণৰ দায়িত্বত আছে গুজৰাটৰ দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট লিমিটেড । এই নিৰ্মাণ সংস্থাৰ চাৰিলেন পথ নিৰ্মাণৰ উপৰি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বৰ্তমান জাতিংগাৰ পৰা মিয়াংক্ৰলৈকে 15 কিলোমিটাৰ পথ মেৰামতি কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্দেশ দিলেও নিৰ্মাণ সংস্থাটোৱে পথটো মেৰামতি কৰাৰ কোন উদ্যোগ লোৱা নাই বুলি অভিযোগ স্থানীয় ৰাইজ আৰু ছাত্ৰ সংগঠন ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফ'ৰামৰ ।

ডিমা হাছাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে পকীকৰণৰ দাবী (ETV Bharat Assam)

লগতে অনতিপলমে জাতিংগাৰ পৰা মিয়াংক্ৰলৈকে 15 কিলোমিটাৰ পথ মেৰামতি আৰু ব্লেকটপিঙ কাম সম্পূৰ্ণ নহ'লে তীব্ৰ আন্দোলনৰ ভাবুকি দিয়ে ছাত্ৰ সংগঠনটোৱে ।

এই সন্দৰ্ভত কি কয় ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফ'ৰামৰ সভাপতি ডেভিড কেভমে

27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা মিয়াংক্ৰ অংশ দেখি উদ্বেগ প্ৰকাশ কৰি ডেভিড কেভমে কয়, "যোৱা 20 মাৰ্চত গুৱাহাটীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উত্তৰ-পূবৰ আঞ্চলিক কাৰ্যালয়ত আঞ্চলিক বিষয়া অনিল চৌধুৰীক সাক্ষাৎ কৰি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা মিয়াংক্ৰলৈকে বৰ্তমানৰ পথছোৱা মেৰামতি আৰু ব্লেকটপিং কৰাৰ বিষয়ে আলোচনা কৰো । তাৰ পিছত তেওঁ জানিবলৈ দিয়ে যে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই দীনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰা প্ৰাইভেট নিৰ্মান সংস্থাক পথটো মেৰামতি আৰু ব্লেকটপিং কৰাৰ নিৰ্দেশ দিছে ।"

ডেভিড কেভমে কয়, "ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই নিৰ্মাণ সংস্থাটোক নিৰ্দেশ দিছে যদিও তেওঁলোকে ব্লেকটপিঙৰ কাম আৰম্ভ কৰা নাই । কিন্তু তেওঁলোকে চাৰিলেন পথ নিৰ্মাণৰ কাম কৰি আছে । নিৰ্মাণ সংস্থাটোৱে স্থানীয় ৰাইজৰ অনুভূতিক গুৰুত্ব দিয়া নাই ।"

তেওঁ লগতে কয়, "বৰষুণৰ আগতে এই পথছোৱা মেৰামতি বা ব্লেকটপিং নহ'লে বৰষুণৰ সময়ত পথটো বন্ধ হৈ পৰিব । বৰ্তমানে এই পথটোৰ দুৰৱস্থাৰ বাবে ৰোগীৰ পৰা ছাত্ৰ-ছাত্ৰীসকল ব্যাপক সমস্যাত পৰিবলগা হৈছে । কিয়নো এই পথটো আমাৰ বাবে লাইফ লাইন ।"

ডেভিড কেভমে কয়, "আজি বা কালিৰ ভিতৰতে নিৰ্মাণ সংস্থাই পথটো মেৰামতি আৰু ব্লেকটপিঙৰ কাম আৰম্ভ নকৰিলে আমি নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম । নিৰ্মাণ সংস্থাটোৱে যদি ইয়াৰ পিছতেতো কাম আৰম্ভ নকৰে তেনেহ'লে ডিমা হাছাও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি জানিবলৈ দিয়ে ।"

উল্লেখ্য যে 1998 চনত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বপ্নৰ শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰ চাৰিলেন পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ডিমা হাছাও জিলাৰ মাজেদি তৎকালীন 54 নম্বৰ সম্প্ৰসাৰণ ৰাষ্ট্ৰীয় ঘাইপথ তথা বৰ্তমানৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বপ্নৰ শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হ'লেও ডিমা হাছাও জিলাত এই পথ নিৰ্মাণৰ কাম বিগত দুই দশকত সম্পূৰ্ণ হোৱা নাই ।

লগতে পঢ়ক: ঐতিহাসিক ধোদৰ আলি নিৰ্মাণত বিসংগতি; প্ৰতিবাদত পথ অৱৰোধ জনতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.