নিজৰ চৰকাৰৰ দিনতে দলীয় কৰ্মীক সুৰক্ষা দিব নোৱৰাত মনোবল হ্ৰাস হৈছে বহু বিজেপি কৰ্মীৰ: ক্ষোভ জ্যেষ্ঠ বিজেপি নেতাৰ - Debajit Hazarika Suicide Case
Sonari BJP leader suicide case: ব্লেকমেইলিঙৰ সন্মুখীন হৈ বিজেপি নেতাই চৰম সিদ্ধান্ত লোৱাৰ পাছত সোণাৰিত ৰাইজে বৰ্জন কৰিলে এটা চেটেলাইট চেনেল । দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ সোণাৰি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ বিজেপি কৰ্মীৰ । সোণাৰিৰ টিয়কঘাটত সংবাদমেল সম্বোধন কৰি দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে উজাৰিলে ক্ষোভ ।

Published : September 24, 2024 at 5:47 PM IST
মৰাণ,২৪ ছেপ্টেম্বৰ: চৰাইদেউৰ সোণাৰিত বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্ত লোৱাৰ ঘটনাত অভিযুক্ত দুজন লোক আজিও মুকলি আকাশৰ তলত । দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা সোণাৰি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ । কিয়নো ২০ ছেপ্টেম্বৰৰ পৰা পলাতক হৈ থকা সোণাৰিৰ সাংবাদিক ৰফিক আহমেদ আৰু আৰ টি আই কৰ্মী দুলাল বৰাৰ শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে । ইয়াৰ মাজতে সোমবাৰে সন্ধিয়া দুগৰাকীকৈ মন্ত্ৰী বিজেপি নেতাজনৰ ঘৰত উপস্থিত হৈ সকলোকে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছিল ।
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে প্ৰয়াত দেৱজিৎ হাজৰিকাৰ গৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰাৰ আশ্বাস দিছিল । কিন্তু ইয়াৰ পাছতো চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে দুই পলাতক অভিযুক্তক আটক কৰিবলৈ কোনো তৎপৰতাত নেদেখুৱাৰ অভিযোগ তুলি মঙলবাৰে সোণাৰিৰ টিয়কঘাটত সংবাদমেল সম্বোধন কৰে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে । বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা আৰ টি আই কৰ্মী দুলাল বৰা আৰু সাংবাদিক ৰফিক আহমেদক গ্ৰেপ্তাৰৰ দাবী জনাই সংবাদমেলৰ জড়িয়তে ।
ঘটনা সংঘটিত হোৱা কেইবাদিন পাৰ হ'ল যদিও সোণাৰিৰ সাংবাদিক ৰফিক আহমেদৰ বিৰুদ্ধে ৰাজ্যৰ আগশাৰীৰ টেলিভিচন চেনেলটোৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ দল-সংগঠনৰ লগতে ৰাইজৰ । পলাতক ৰফিক আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত চেনেলটো চৰাইদেউৰ সোণাৰিত বৰ্জন কৰা হ'ব বুলি সংবাদমেলত কোৱা হয় ।
লগতে দেৱজিৎ হাজৰিকাৰ পৰিয়ালক উচিত ন্যায় প্ৰদানৰ দাবী জনোৱাৰ লগতে পত্নীক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ৰাইজে । আনহাতে বিজেপি চৰকাৰৰ দিনতে বিজেপি কৰ্মীক সুৰক্ষা দিব নোৱৰাত বিজেপি কৰ্মীৰ মনোবল হ্ৰাস পাইছে বুলি সংবাদমেলত উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতা কাজল দে'ই । এই ঘটনাৰ পাছতে দলৰ হৈ কাম কৰিবলৈ সাহস হেৰুৱাইছে দলীয় কৰ্মীসকলে । সেয়ে এই ঘটনাৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনায় ।
উল্লেখযোগ্য যে, যোৱা ২০ ছেপ্টেম্বৰত চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ পিছত আজিও ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা পঞ্চায়ত সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ কৰি গৈছিল আত্মহত্যাৰ কাৰণ । "বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই আহিছিল মোক । সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত ল'লো" বুলি চুইচাইড নোটত উল্লেখ কৰি গৈছিল ।
চুইচাইড নোটত উল্লেখ থকা ৪ জনৰ বিৰুদ্ধে মৃত পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীয়ে এজাহাৰ দাখিল কৰাত সোণাৰি আৰক্ষীয়ে শুকুৰবাৰে বিয়লি BDO ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছিল আৰু আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাত দুয়োজনকে জেললৈ প্ৰেৰণ কৰা হয় ।

