চাইবাৰ অপৰাধত জড়িত নগাঁৱৰ তিনি যুৱকক আটক দিল্লী আৰক্ষীৰ - cyber crime
Cyber Crime : চাইবাৰ অপৰাধীৰ সন্ধানত নগাঁৱতো অভিযান দিল্লী আৰক্ষীৰ। ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ চাইবাৰ অপৰাধত জড়িত নগাঁৱৰ যুৱক। ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকক লগত লৈ নগাঁৱত অভিযান দিল্লী আৰক্ষীৰ। নগাঁৱৰ পৰাও আটক দুই যুৱক।

Published : July 28, 2024 at 8:52 PM IST
নগাঁও, 28 জুলাই : চাইবাৰ ক্ৰাইমত জড়িত যুৱকৰ সন্ধানত দিল্লী আৰক্ষীয়ে দেওবাৰে অভিযান চলাই নগাঁৱৰ লগতে বিভিন্ন প্ৰান্তত ৷ ইফালে শনিবাৰে নিশাও চাইবাৰ অপৰাধীৰ সন্ধানত নগাঁৱৰো বিভিন্ন প্ৰান্তত অভিযান চলাই দিল্লী আৰক্ষীৰ এটা দলে ৷ দিল্লী আৰক্ষীৰ দলটোৱে চাইবাৰ ক্ৰাইমৰ সংক্ৰান্তত অভিযান চলাই নগাঁৱৰ দুই যুৱকক আটক কৰে ৷
জানিব পৰা মতে চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত আনাৰুদ্দিন লস্কৰ আৰু মমচাদ আৰিফ নামৰ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষীৰ দলটোৱে ৷ প্ৰথমে আৰক্ষীৰ দলটোৱে ডিমাপুৰত অভিযান চলাই আনাৰুদ্দিন লস্কৰ নামৰ নগাঁৱৰ যুৱকজনক আটক কৰাৰ পাচত ধৃত আনাৰুদ্দিনক লগত লৈ নগাঁৱৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে দিল্লী আৰক্ষীৰ দলটোৱে ৷ ইতিমধ্যে নগাঁৱৰ ধিং বেচামাৰীৰ পৰা মমচাদ আৰিফ নামৰ আন এজন যুৱকক আটক কৰাৰ লগতে শিয়ালমাৰীৰ পৰা সোধ পোছৰ বাবে আটক কৰিছে আন এজন যুৱকক ৷
উল্লেখ্য যে, চাইবাৰ ক্ৰাইমৰ জৰিয়তে এই চক্ৰটোৱে কোটি কোটি টকা হৰলুকি কৰাৰ তথ্য দিল্লী আৰক্ষীয়ে লাভ কৰা বুলিও এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷ দিল্লী আৰক্ষীয়ে আটক কৰা আনাৰুদ্দিন লস্কৰ আৰু মমচাদ আৰিফক গ্ৰেপ্তাৰ কৰা বুলিও জানিব পৰা গৈছে ৷ ধৃত যুৱক কেইজনৰ সৈতে ৰাজ্যৰ বাহিৰৰ কোনো সদস্যও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী দিল্লী আৰক্ষীৰ দলটোৱে ৷ অধিক তথ্যৰ বাবে নগাঁও সদৰ আৰক্ষী থানাত আটাইকে দিল্লী আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : প্ৰেমিকৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই - Sensational murder

