ETV Bharat / state

এছ জয়শংকৰৰ নেতৃত্বত অসমত উপস্থিত ৪৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দল

খানাপাৰাত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ‘এডভান্টেজ অসম: বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন‘ ।

ADVANTAGE ASSAM 2 PREPARATION
অসমত মন্ত্ৰী এছ জয়শংকৰ নেতৃত্বত ৪৫ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2025 at 11:01 PM IST

|

Updated : February 24, 2025 at 2:29 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ঐতিহাসিক দিন । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ৪৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি আজি অসমত উপস্থিত হয় । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নেতৃত্বত এডভান্টেজ অসমত ২.০ত অংশগ্ৰহণৰ বাবে অসমত উপস্থিত হয় ৪৫ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ দলটো ।

যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত দেওবাৰে নিশা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ নেতৃত্বত ৪৫ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটো উপস্থিত হয় । এই দলটোক আজি ৰৰৈয়া বিমান বন্দৰত অসম চৰকাৰৰ হৈ কৃষিমন্ত্ৰী অতুল বৰা,মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসমীয়াৰ স্বাভিমান গামোচা আৰু ফুলৰ টোৰাৰে আদৰণি জনায় । অসমত উপস্থিত হোৱা প্ৰতিনিধি দলটোক যোৰহাট ৰৰৈয়া বিমানবন্দৰ পৰা পোনো পোনে লৈ যোৱা হয় অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ।

অসমত মন্ত্ৰী এছ জয়শংকৰ নেতৃত্বত ৪৫ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি (ETV Bharat Assam)

আজি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰি পুৱাৰ ভাগত কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি পুনৰ যোৰহাট ৰৰৈয়া বিমানবন্দৰত উপস্থিত হৈ ইয়াৰ পৰাই পোনে পোনে এডভান্টেজ অসম ২.০ত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ ৰাওনা হ'ব । আনহাতে, আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত অহা দলটোক মন্ত্ৰী অতুল বৰাই আদৰণি জনাই কয়, "আজিৰ দিনটো অসমৰ বাবে ঐতিহাসিক দিন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন,উপভোগ কৰাৰ লগতে এডভান্টেজ অসমত অংশগ্ৰহণ বাবে ৪৫ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দল আহিছে ।"

উল্লেখ্য় যে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিতিয়ে অসমৰ পৰ্যটন ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে । কাজিৰঙালৈ বৈদেশী পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ নেতৃত্বত ৪৫ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোক বিলাসী বাহনেৰে লৈ যোৱা হৈছে ।

লগতে পঢ়ক:৩৫ খন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে উচ্চ আয়ুক্তসকল অংশগ্ৰহণ কৰিব এডভাণ্টেজ অসমত : মুখ্যমন্ত্ৰী - ADVANTAGE ASSAM 2

এডভাণ্টেজ অসম আৰু 'ঝুমইৰ বিনন্দিনী': আহি আছে প্ৰধানমন্ত্ৰীৰ লগতে ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূত - ADVANTAGE ASSAM

Last Updated : February 24, 2025 at 2:29 PM IST