ETV Bharat / state

কামপুৰ চেনিকলৰ মৃত্যুমুখী যাত্ৰা: অসহনীয় জীৱন নিৰ্বাহ কৰ্মচাৰীৰ

কেনেদৰে আৰম্ভ হ'ল কামপুৰ চেলিকলৰ মৃত্যুমুখী যাত্ৰা ? বৰ্তমান চেনিকলৰ কৰ্মচাৰীসকলে কেনেদৰে জীৱন নিৰ্বাহ কৰিছে ?

Kampur Cooperative Sugar Mill
কামপুৰ চেলিকলৰ মৃত্যুমুখী যাত্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 7:11 PM IST

6 Min Read
Choose ETV Bharat

নগাঁও: "এসময়ত মাহৰ দৰমহাৰ টকাৰে স্বচ্ছলভাৱেই পৰিয়াল পোহপাল দিছিলো । কিন্তু এতিয়া লোকৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে জীৱন ৰক্ষা কৰিবলগীয়া হৈছে । উপায়ন্তৰ হৈ এতিয়া পুৱাই হাতত দা খন লৈ কাম বিচাৰি লোকৰ ঘৰৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লাগে । বাসস্থান বুলিবলৈ পূৰ্বে কাম কৰা উদ্যোগটোৰ জৰাজীৰ্ণ আৱাস এটা আছে । তাতে আমি প্ৰাক্তন কৰ্মচাৰী হিচাপে তিনিটা পৰিয়াল বাস কৰো । আমি এতিয়া উপায়হীন ।" ই টিভি ভাৰতৰ সন্মুখত এইদৰে মনৰ বেদনা ব্যক্ত কৰে সৰুকণ দেউৰীয়ে । সৰুকণ দেউৰী হৈছে এসময়ত শ শ পৰিয়ালৰ বাবে উপাৰ্জনৰ বাট মোকলাবলৈ সক্ষম হোৱা মধ্য অসমৰ এটা গুৰুত্বপূৰ্ণ উদ্যোগৰ প্ৰাক্তন কৰ্মচাৰী ।

চৰকাৰে অসমক ঔদ্যোগিক হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এডভাণ্টেজ আছামৰ জৰিয়তে কোটি কোটি টকা খৰচ কৰাৰ সময়ত বন্ধ হৈ থকা এটা উদ্যোগৰ কৰ্মচাৰীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন ৰক্ষা কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে ।

কামপুৰ চেলিকলৰ মৃত্যুমুখী যাত্ৰা (ETV Bharat)

বিগত প্ৰায় দুটা দশক ধৰি বন্ধ হৈ থকা উদ্যোগটো হৈছে কামপুৰ সমবায় চেনিকল । ৭০ দশকতে স্থাপিত কামপুৰ চেনিকল বিগত প্ৰায় দুটা দশকে বন্ধ হৈ থকাত বৃহত্তৰ অঞ্চলটোৰ অৰ্থনীতিৰ ওপৰতো পৰিছে বহুখিনি প্ৰভাৱ । বিগত প্ৰায় দুটা দশক ধৰি চেনিকলটো বন্ধ হৈ থকাত বিশেষকৈ কামপুৰ চেনিকলৰ সৈতে জড়িত কৰ্মচাৰীসকল এতিয়া ভুগিছে চৰম আৰ্থিক সংকটত । কোনোবাই যদি দিন হাজিৰা কৰি পেটৰ ভাতমুঠি মোকলাইছে, আন কোনোবাই আকৌ এসাজ অন্নৰ বাবে ভিক্ষাবৃত্তিত জড়িত হোৱা বুলিও জানিবলৈ দিছে চেনিকলটোৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী মোলান লস্কৰে ।

কামপুৰ চেনিকলৰ গৌৰৱময় অতীত :

১৯৭৫ চনত চৰকাৰী পঞ্জীয়ন লাভ কৰা কামপুৰ সমবায় চেনিকলে ১৯৭৮ চনত উৎপাদন আৰম্ভ কৰিছিল । প্ৰথম বছৰতেই ১৯ হাজাৰ কুইণ্টল চেনি উৎপাদন কৰি সকলোকে আচৰিত কৰা এই চেনিকলে পৰৱৰ্তী সময়ত বছৰি ৬০ হাজাৰ কুইণ্টল চেনি উৎপাদনৰ সামৰ্থ্য অৰ্জন কৰিছিল । বৃহৎ লাভৰ মুখ দেখা এই উদ্যোগে নগাঁও জিলাৰ বৃহত্তৰ অঞ্চলৰ অৰ্থনীতিক শক্তিশালী কৰিছিল । স্থানীয় কৃষকৰ পৰা কুঁহিয়াৰ ক্ৰয় কৰি তেওঁলোককো আৰ্থিকভাৱে স্বাৱলম্বী কৰিছিল । চেনিকলৰ পাৰ্শ্বৱৰ্তী অঞ্চলত দোকান-পোহাৰৰ জৰিয়তেও বহু যুৱকে জীৱিকাৰ পথ বিচাৰি পাইছিল ।

মৃত্যুমুখী যাত্ৰা :

কিন্তু কামপুৰ চেনিকলৰ এই গৌৰৱৰ দিনবোৰ বেছিদিন নাথাকিল । প্ৰতিবছৰেই বৃহৎ লাভাংশৰ মুখ দেখা স্বত্বেও কামপুৰ সমবায় চেনিকলত সেই সময়ৰ মেনেজমেণ্টৰ একাংশই আৰম্ভ কৰা দুৰ্নীতি আৰু অদূৰদৰ্শিতাৰ বাবেই ক্ৰমান্বয়ে মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল কামপুৰ চেনিকলৰ । পৰৱৰ্তী সময়ত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতেই কামপুৰ সমবায় চেনিকল বন্ধ হৈ পৰা বুলিও ইটিভি ভাৰতক জানিবলৈ দিয়ে চেনিকলটোৰ কৃষি বিভাগৰ প্ৰাক্তন কৰ্মচাৰী মোলান লস্কৰে । যাৰ ফলত নিয়মীয়া আৰু অনিয়মীয়া প্ৰায় ৬ শতাধিক কৰ্মচাৰীৰ জীৱন অন্ধকাৰলৈ গতি কৰে ।

অঞ্চলটোৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ :

এটা বছৰত ৬০ হাজাৰ কুইণ্টল চেনি উৎপাদন কৰিবলৈ সক্ষম হোৱা কামপুৰ সমবায় চেনিকল বন্ধ হৈ পৰাত যথেষ্ট ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ কৃষক । কৃষিপ্ৰধান কামপুৰ অঞ্চলত চেনিকল স্থাপন হোৱাৰ পাছৰ পৰাই অঞ্চলটো একপ্ৰকাৰ বিখ্যাত হৈ পৰিছিল কুঁহিয়াৰ খেতিৰ বাবে । স্থনীয় বহু কৃষকে পথাৰত উৎপাদন কৰা কুঁহিয়াৰ চেনিকলত বিক্ৰী কৰি অধিক লাভৱান হ'বলৈ সক্ষম হৈছিল । কিন্তু চেনিকলটো বন্ধ হৈ পৰাত কুঁহিয়াৰ খেতিও প্ৰায় নকৰা হ'ল অঞ্চলটোৰ কৃষকসকলে । আনকি অঞ্চলটোৰ বহু যুৱকে চেনিকলৰ পাৰ্শ্বৱৰ্তী এলেকাত বিভিন্ন দোকান পোহাৰ কৰিও স্বাৱলম্বী হৈছিল । কিন্তু চেনিকলটো বন্ধ হৈ পৰাত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ উপাৰ্জন প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে বন্ধ হৈ পৰে । এই কথা উল্লেখ কৰি স্থানীয় এগৰাকী লোকে আক্ষেপ প্ৰকাশ কৰে ইটিভি ভাৰতৰ সন্মুখত । কৰ্মচাৰী লস্কৰে কয়,"জীয়াই থকা উদ্যোগবিলাক হত্যা কৰা হৈছে, আজি পুঁজিপতি মানুহবিলাকক মাতি আনিছে ইয়াতে মাটি দিবলৈ । কিন্তু হৈ থকা উদ্যোগবিলাক কিয় এফালৰ পৰা ধ্বংস কৰিলে ?"

কামপুৰ চেনিকল পুনৰুজ্জীৱিত কৰাৰ দাবী :

কামপুৰ সমবায় চেনিকল বন্ধ হৈ পৰাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নগাঁও জিলাৰে বহু পৰিয়ালৰ উপাৰ্জনৰ বাটো বন্ধ হৈ পৰে । বছৰি বৃহৎ লাভৰ মুখ দেখা কামপুৰ চেনিকল পুনৰুজ্জীৱিত কৰিবলৈ স্থানীয় লোকৰ লগতে প্ৰাক্তন কৰ্মচাৰী দীৰ্ঘদিনে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত পুনৰুজ্জীৱিত নোহোৱা কামপুৰ চেনিকল পুনৰুজ্জীৱিত কৰিবলৈ পুনৰ ই টিভি ভাৰতৰ জৰিয়তে চৰকাৰক দাবী জনাইছে প্ৰাক্তন কৰ্মচাৰী মোলন লস্কৰে । লগতে কামপুৰ সমবায় চেনিকলটোত চৰকাৰৰ প্ৰায় ৭ কোটি টকা অনাদায় হৈ থকাৰ কথাও উল্লেখ কৰি অতি শীঘ্ৰে উক্ত ধন আদায় দি চেনিকলটোৰ দুই শতাধিক কৰ্মচাৰীক কিছু হ'লেও সকাহ দিবলৈ চৰকাৰক দাবী জনায় প্ৰাক্তন কৰ্মচাৰী মোলান লস্কৰে । এসময়ত বৃহত্তৰ এটা অ়ঞ্চলক পোহৰাই ৰখা কামপুৰ চেনিকল সম্প্ৰতি আৱৰিছে ঘন জংঘলেৰে । আনকি চেনিকলটোৰ বিভিন্ন সামগ্ৰী এতিয়া চোৰে লুটপাত কৰি থকা বুলিও জনাইছে স্থানীয় লোকে । চেনিকলটোৰ গুদামৰ পৰা আৱাসলৈকে এতিয়া জহি-খহি একপ্ৰকাৰ চিন মোকামেই নোহোৱা হৈ পৰিছে ।

কামপুৰ চেনিকলৰ কাহিনী কেৱল এটা উদ্যোগৰ পতনৰ কাহিনী নহয়, আচলতে ই শ শ পৰিয়ালৰ সপোন ভংগৰ কাহিনী । এসময়ত গৌৰৱৰ প্ৰতীক আছিল এই চেনিকল । আজি ই জংঘলৰ মাজত হেৰাই গৈছে । অসমত বৃহৎ উদ্যোগ গঢ়াৰ লক্ষ্যৰে এডভাণ্টেজ আছামৰ আয়োজন কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কামপুৰ চেনিকল পুনৰুজ্জীৱিত কৰাৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিব নে ? এয়া এতিয়া কামপুৰবাসীৰ সন্মুখত ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক :উৰুখা পঁজাত লাখ লাখ চাহ শ্ৰমিকৰ জীৱন-মৰণৰ যুঁজ: চাওঁতা কোনো নাই - ASSAM TEA WORKERS PROBLEMS