ETV Bharat / state

অৰুণাচলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি ৰাজনাথ সিঙৰ

Defence Minister Rajnath Singh: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ ৰাইজ তথা নিৰাপত্তা বাহিনীৰ সুবিধাৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে ।

Important projects inaugurated in Arunachal
অৰুণাচলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি ৰাজনাথ সিঙৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 2:26 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ,১৩ অক্টোবৰ : দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ৭৫ টা বৃহৎ আন্তঃগাঁথনি প্ৰকল্প দেশবাসীৰ বাবে মুকলি কৰে । এই সকলোবোৰ প্ৰকল্পৰ ভিতৰত ৭ টা প্ৰকল্প অৰুণাচল প্ৰদেশৰ প্ৰজেক্ট ভৰ্টকৰ (Project Vartak) দ্বাৰা নিৰ্মাণ কৰা হৈছে ।

গুৰুত্বপূৰ্ণ দলং আৰু পথ মুকলি

তেজপুৰস্থ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণে এই সন্দৰ্ভত কয় যে তেজপুৰত মুখ্য কাৰ্যালয় থকা প্ৰকল্প বৰ্টকৰ ১৪, ৪২ আৰু ৭৬৩ নং টাস্ক ফ'ৰ্চে এই পথসমূহ নিৰ্মাণ কৰিছে । অৰুণাচল প্ৰদেশত উদ্বোধন কৰা ৭ টা প্ৰকল্পৰ ভিতৰত আছে ৪ খন দলং ক্ৰমে অমৰতলা ১ নং দলং, শ্ব' চু দলং, ডাহুং দলং আৰু টাৱাং চু -তৃতীয় দলং । ইয়াৰ উপৰিও পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টি গোম্পা-টাৱাঙৰ লুংৰোলা, ৱাই জংচন-পইণ্ট ৪৪৭৪ আৰু লুংৰোলা-ট্ৰিপল হাইটছৰ পথ তিনিটাও উদ্বোধন কৰা হয় ।

Important projects inaugurated in Arunachal
অৰুণাচলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি ৰাজনাথ সিঙৰ (ETV Bharat)

ইয়াৰ লগতে হিমালয়ৰ পাহাৰীয়া ৰাজ্যখনৰ মুঠ ১৮ টা প্ৰকল্পৰ উদ্বোধন কৰে । অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী অতি দুৰ্গম অঞ্চলত যোগাযোগ ব্যৱস্থা সুগম কৰিবৰ বাবে স্থানীয় জনসাধাৰণৰ উপযোগী হোৱাকৈ নিৰ্মাণ কৰা হৈছে এই পথকেইটা । বিশেষকৈ সীমান্তত সুৰক্ষা বাহিনীৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এই বছৰ সীমান্ত পথ সংস্থাৰ তেজপুৰস্থ প্ৰজেক্ট ভৰ্টকে এই কাম সম্পূৰ্ণ কৰে ।

Important projects inaugurated in Arunachal
অৰুণাচলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি ৰাজনাথ সিঙৰ (ETV Bharat)

পশ্চিম অৰুণাচল প্ৰদেশত হেলিপেড মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে একে অনুষ্ঠানতে পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টেঙা অঞ্চলত এখন হেলিপেড মুকলি কৰে । পশ্চিম কামেং জিলাৰ টেঙা অঞ্চল ভাৰতীয় সেনাৰ অধীনত থকা অঞ্চল । সেনাৰ লগতে স্থানীয় লোকৰ বাবে এই হেলিপেডে জৰুৰীকালীন সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :"ৰে'ল দুৰ্ঘটনা হৈয়ে থাকে": কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য