ETV Bharat / state

এজাক বৰষুণে সকাহ দিলেও অসমত শেহতীয়াকৈ বৰষুণ কমিছে

অসমত বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ।‌ স্বাভাৱিক বৰষুণতকৈ যোৱা দুমাহত বৰষুণ যথেষ্ট হ্ৰাস পাইছে । এক প্ৰকাৰ যোৱা দুমাহত ঘাটি বৰষুণ হৈছে ।

rainfalls in Assam
বৰঝাৰ বতৰ‌ বিজ্ঞান কেন্দ্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2025 at 8:21 PM IST

|

Updated : January 9, 2025 at 9:19 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ধূলিৰে ধূসৰিত হৈ পৰা গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অহা এজাক বৰষুণে বায়ু প্ৰদূষণৰ পৰা কিছু সকাহ দিয়াৰ‌ লগতে শীতৰ প্ৰকোপ বৃদ্ধি কৰিছে । শুকান বতৰ, ধূলি, বায়ু প্ৰদূষণৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণৰ বাবে । অৱশ্যে এই বৰষুণজাকে যেন মহানগৰবাসীক কিছু সকাহ দিলে । প্ৰায় আঢ়ৈ মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল বৰষুণজাক ৷

উল্লেখ্য যে বিগত আঢ়ৈ মাহ ধৰি ৰাজ্যত বৰষুণ অহা নাছিল । অসমত বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ।‌ স্বাভাৱিক বৰষুণতকৈ যোৱা দুমাহত বৰষুণ যথেষ্ট হ্ৰাস পাইছে । এক প্ৰকাৰ যোৱা দুমাহত ঘাটি বৰষুণ হৈছে । গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, যোৱা দুমাহত অৰ্থাৎ নৱেম্বৰ আৰু ডিচেম্বৰত অসমত ঘাটি বৰষুণ হৈছে ৷

rainfalls in Assam
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য (ETV Bharat Assam)

ডিচেম্বৰত আকৌ যথেষ্ট ঘাটি (large deficit) বৰষুণ হৈছে । আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমত যোৱা নৱেম্বৰত -৫৮ শতাংশ ঘাটি বৰষুণ হৈছিল । আকৌ অসমত যোৱা ডিচেম্বৰত -৮৩ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছিল ৷

rainfalls in Assam
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য (ETV Bharat Assam)

মন কৰিবলগীয়া যে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰত নৱেম্বৰ আৰু ডিচেম্বৰত ঘাটি বৰষুণ হৈছে । তথ্য মতে, যোৱা নৱেম্বৰত অৰুণাচল প্ৰদেশত -৭২ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছে। সেইদৰে যোৱা নৱেম্বৰত মেঘালয়ত -৮৩ শতাংশ আৰু নগালেণ্ডত -৮০ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছে ।

rainfalls in Assam
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য (ETV Bharat Assam)

আনহাতে, যোৱা নৱেম্বৰত মণিপুৰত -৫৪ শতাংশ, ত্ৰিপুৰাত -৩৭ শতাংশ আৰু মিজোৰামত -৩১ শতাংশ ঘাটি বৰষুণ হৈছে । তথ্য মতে, যোৱা ডিচেম্বৰত অৰুণাচল প্ৰদেশত -৭৯ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছে । সেইদৰে যোৱা ডিচেম্বৰত মেঘালয়ত -১০০ শতাংশ আৰু নাগালেণ্ডত -১০০ শতাংশ, মণিপুৰত -৯৭ শতাংশ আৰু ত্ৰিপুৰাত -৮৭ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছে ।

আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, ঋতু অনুসৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক বৰষুণৰ পৰিমাণ যথেষ্ট সাল-সলনি হৈছে । কম সময়ত বেছি বৰষুণ অহাটো বৃদ্ধি হৈছে । যোৱা অক্টোবৰত অসমত স্বাভাৱিক বৰষুণতকৈ ৪৬ শতাংশ বৃদ্ধি পাইছিল ।

rainfalls in Assam
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য (ETV Bharat Assam)

আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সুনীত দাসে সদৰী কৰা মতে, স্বাভাৱিক বৰষুণতকৈ বৰষুণৰ পৰিমাণ ২০ শতাংশতকৈ বেছি ‌হ'লে সেয়া অতিৰিক্ত বেছি বৰষুণ হোৱা বুলি ধৰা হয় । সেই দিশৰ পৰা যোৱা অক্টোবৰত অসমত স্বাভাৱিক বৰষুণতকৈ অতিৰিক্ত বৰষুণ হৈছিল ।

লগতে পঢ়ক :উমৰাংছ' কয়লাখনিৰ দুৰ্ঘটনা: চৰকাৰক জবাবদিহি গৌৰৱ গগৈৰ - CONGRESS MP GAURAV GOGOI
লগতে পঢ়ক :এইবাৰ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসম আৰক্ষী; আবদ্ধ আৰক্ষীৰ দলক উদ্ধাৰ - ASSAM POLICE
Last Updated : January 9, 2025 at 9:19 AM IST