ETV Bharat / state

নিৰ্বাচন খেলিবলৈ ২ লাখ দিব অখিলে; ল'ব নোখোজে শৃংখলে - AKHIL GOGOI VS SHRINKHAL CHALIHA

অখিল আৰু শৃংখলৰ মাজৰ কথা-বতৰাই এতিয়া শিৱসাগৰৰ ৰাজনীতি গৰম কৰি তুলিছে । সঁচাকৈয়ে অখিলৰ বিৰুদ্ধে নিৰ্বাচন খেলিব নেকি শৃংখলে ?

akhil gogoi shrinkhal chaliha debate
নিৰ্বাচন খেলিবলৈ ২ লাখ দিব অখিলে;ল'ব নোখোজে শৃংখলে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 10:24 PM IST

3 Min Read

গুৱাহাটী : এইবাৰ অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিব শৃংখল চলিহাই । শিৱসাগৰত ইয়াক লৈ ব্যাপক চৰ্চা চলিছে । নিৰ্বাচন খেলিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিজে শিৱসাগৰৰ যুৱনেতা শৃংখল চলিহাক নিৰ্বাচন খেলিবলৈ টকা দিব ৷ বৃহস্পতিবাৰে গুৱাহাটীত এই মন্তব্য কৰে অখিল গগৈয়ে । শেহতীয়াভাৱে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে শৃংখল চলিহা ।

চলিহাই তাৰ মাজতে বুধবাৰে সামাজিক মাধ্যমত এটা পোষ্ট দিয়ে, "মই আপোনাৰ লগত আছো লুৰীণদা..."— ইয়াৰ পিছতেই চৰ্চা আৰম্ভ হয় অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচন খেলিব শৃংখল চলিহাই । সাংবাদিকে বিধায়ক অখিল গগৈক শৃংখল চলিহাই নিৰ্বাচন খেলাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে তেওঁ নিৰ্বাচন খেলিলে শৃংখল চলিহাক দুই লাখ টকা দি সহায় কৰিব । ৰাজনৈতিক দলত যোগদান কৰিলে অস্থিৰ শৃংখলৰ জীৱনলৈ শৃংখলা আহিব বুলিও তেওঁ কয় ৷

নিৰ্বাচন খেলিবলৈ ২ লাখ দিব অখিলে;ল'ব নোখোজে শৃংখলে (ETV Bharat)

নিৰ্বাচন খেলিবলৈ শৃংখলক ২ লাখ টকা দিব অখিলে

বিধায়ক অখিল গগৈৰ মন্তব্য, "শৃংখল মোৰ ভাই ৷ বিধায়ক হৈ জে'লৰ পৰা ওলায়েই শৃংখলৰ ওচৰলৈ গৈছিলোঁ মই । তেওঁৰ দেউতাকক দেউতা বুলি মাতিছিলোঁ ৷ মাকক মা বুলি সেৱা কৰোঁ ৷ শৃংখলে নিৰ্বাচন খেলিলে মই সুখী হ'ম ।" শিৱসাগৰত নিৰ্বাচন খেলিলে শৃংখল চলিহাক দুই লাখ টকা দি সহায় কৰিব বুলিও মন্তব্য কৰি অখিল গগৈয়ে কয়,"মই মোৰ ভাই শৃংখলৰ জীৱনলৈ অলপ শৃংখল আহিব লাগে । প্রথমে কোনো এটা দায়বদ্ধ ৰাজনৈতিক দলত যোগদান কৰক । সঁচাকৈয়ে যদি লুৰীণজ্যোতি গগৈৰ দলত যোগদান কৰে মই আদৰণি জনাম । লুৰীণজ্যোতিহঁতে যদি শৃংখল চলিহাক মোৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নমায়, মই নিজে ২ লাখ টকা দি সহায় কৰিম । মই শৃংখলৰ ভাল হোৱাটো বিচাৰো ৷ মোৰ ভাই সি । জীৱনত শৃংখলা আহিবলৈ তেওঁ দায়িত্বশীল ৰাজনৈতিক দলত যোগ দিলে মই বৰ ভাল পাম ৷ তাৰ ভাল হওঁক ৷ শৃংখলিত হওঁক ।"

আনহতে অখিল গগৈয়ে ঠগিলে বুলি শৃংখল চলিহাই কৰা মন্তব্য প্ৰসংগত গগৈয়ে কি বিষয়ত তেওঁক ঠগা হ'ল সেয়া স্পষ্ট কৰি উল্লেখ কৰি ক'বলৈ আহ্বান জনায় । শৃংখলৰ অভিযোগ খণ্ডন কৰি অখিল গগৈয়ে কয়,"২০২১ৰ নিৰ্বাচনত জিকাৰ পিছত মই তেওঁৰ ঘৰলৈ গৈছো ৷ মই শৃংখল চলিহাক মই ভাই হিচাপে সহায়হে কৰি আহিছো । তেওঁ যদি ভাবিছে মই তেওঁক ঠগিছো, তেন্তে নিৰ্দিষ্টকৈ কৈ দিব লাগে ৷"

শৃংখলক নালাগে অখিলৰ ২ লাখ

ইফালে বিধায়ক অখিল গগৈৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই । চলিহাই কয়, "প্ৰতিক্ৰিয়া দিবলৈ একো নাই মোৰ । খিলঞ্জীয়া মানুহৰ কাৰণে এখন সংগ্রাম কৰি আছো, ইয়াত কোনো বাংলাদেশী মানুহৰ তুষ্টিকৰণ সহ্য কৰা নহ'ব । মোক ২ লাখ টকাৰ প্ৰয়োজন নাই ।...মোৰ বীৰ লাচিত সেনাৰ সৈনিক তথা অসমৰ জন গণ আছে মই নিৰ্বাচন খেলিলে মোক আৰ্থিকভাৱে সহায় কৰিব, মই দৃঢ় বিশ্বাসী । ৰাজনীতি সদায় মৰ্যাদাপূৰ্ণ হ'ব লাগে...। অসমৰ জন গণ, খিলঞ্জীয়া মানুহে বিচাৰ কৰিব কোন বিজেপিৰ দালাল, কোন কংগ্ৰেছৰ দালাল, কোন বাংলাদেশী দালাল । মই সকলোকে অনুৰোধ জনাইছোঁ ৰাজনীতিৰ মূল্যবোধ যাতে তললৈ নাযায় সকলো পক্ষকে মই অনুৰোধ জনাইছোঁ । মই শৃংখলাবদ্ধ নহয় মই সৰু পৰাই উৎপতীয়া ।"

লগতে পঢ়ক :নিৰ্বাচনত সংখ্যালঘুৰ ভোট কিদৰে আদায় কৰে কংগ্ৰেছে ? - MLA RUPAK SARMA ON MINORITY VOTE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.