মন্ত্ৰী হ’ব খোজা অখিল গগৈৰ গণ্ডগোলটো ক’ত? বুজা নাই কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই
মিত্ৰতাক লৈ অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বাকযুদ্ধ তুংগত । কোনোৱেই নেৰে কাকো ।

Published : July 19, 2025 at 10:15 PM IST
গুৱাহাটী: মিত্ৰতাক লৈ অখিল গগৈৰ গণ্ডগোলটো ক’ত ধৰিব পৰা নাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই ৷ অখিল গগৈয়ে এতিয়াই মন্ত্ৰী হোৱাৰ কথা কিয় কয় বুজিব পৰা নাই কংগ্ৰেছে । ৰাইজৰ দলৰ সভাপতিগৰাকীৰ বিৰুদ্ধে শনিবাৰে পুনৰ আক্ৰমণাত্মক হৈ পৰে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ প্ৰক্ৰিয়া অব্যাহত আছে । শেহতীয়াকৈ পুনৰ এবাৰ অখিল গগৈয়ে গৌৰৱ গগৈক সমালোচনা কৰি মন্তব্য কৰিছে, “কাৰোবাক মুখ্যমন্ত্ৰী পাতিবলৈ আমি মিত্ৰতা বিচৰা নাই । আমি বিজেপিক হৰুৱাবলৈহে মিত্ৰতা বিচাৰিছো । গৌৰৱ গগৈ এনে এজন নেতা যি ফোন কৰিলে ৰিচিভ নকৰে । তেনে নেতাক সংবাদ মাধ্যমত কথা নকৈ ক’ত ক’ব ?” অখিল গগৈৰ শেহতীয়া মন্তব্যৰ প্ৰত্যুত্তৰ দিলে বিৰোধীৰ দলপতিয়ে ।
দেৱৱ্ৰত শইকীয়াই কয় যে ৰাইজৰ দলৰ বাদে সকলো বিৰোধীৰ লগতেই মিত্ৰতা অব্যাহত আছে কংগ্ৰেছৰ । অখিল গগৈ প্ৰসংগত শইকীয়াই কয়, “তেওঁ কিয় বাৰেপতি এনে কথা কৈ থাকে মই নাজানো । আমাৰ দলেতো কেতিয়াও কাৰোৰে লগত মিত্ৰতা নহ’ব বুলি কোৱা নাই ৷ লুৰীণজ্যোতি গগৈৰ লগত আমি যোৱাবাৰ মিত্ৰতা কৰিছিলো । সেই মিত্ৰতা এতিয়াও অব্যাহত আছে । মই ভাবো চিপিআই আদি দলৰ সৈতে আমৰ মিত্ৰতা এতিয়াও অব্যাহত আছে । "প্ৰায় সকলো দলৰ লগতেই কংগ্ৰেছৰ মিত্ৰতা অব্যাহত আছে বুলি দাবী দেৱব্ৰত শইকীয়াৰ ৷
অখিল গগৈৰ ক্ষেত্ৰত গণ্ডগোল ক’ত লাগিছে ধৰিব পৰা নাই তেওঁ । সেয়ে বিৰোধীৰ দলপতিগৰাকীয়ে মন্তব্য কৰিছে, “তেতিয়াহ’লে অখিল গগৈৰ গণ্ডগোলটো ক’ত লাগি আছে ? অখিল গগৈয়ে কিয় কংগ্ৰেছক বাৰে বাৰে দম দি থাকে সেইটো মই নাজানো; কিন্তু ৰাইজৰ মাজত তেওঁ যিটো ভুল ধাৰণা দিব গৈ আছে যে কংগ্ৰেছে কোনো মিত্ৰতা নকৰে ; কিন্তু কংগ্ৰেছে আজিও অন্যান্য দলৰ লগত মিত্ৰতা কৰি আছে আৰু এই মিত্ৰতা বাহাল থাকিব ।
”অখিল গগৈৰ লগত মিত্ৰতা নোহোৱা মানেই যে আন দলৰ লগত মিত্ৰতা হোৱা নাই এনে নহয় বুলি মন্তব্য কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে কয়, “যিটো ধাৰণা দিয়া হৈছে যে অখিল গগৈৰ লগত মিত্ৰতা নোহোৱাৰ বাবে গোটেই মিত্ৰতা হোৱা নাই ৷ আজিৰ তাৰিখত অসম জাতীয় পৰিষদ, চিপিআইএমএল এইবিলাক দলৰ লগততো আমাৰ মিত্ৰতা চলি আছে ৷ কোনেওতো সংবাদ মাধ্যমৰ আগত এনেকুৱা মন্তব্য প্ৰকাশ কৰা নাই ৷ গতিকে অখিল গগৈয়ে কোৱা কথাবোৰ ১০০ শতাংশই শুদ্ধ নহয় বুলি জনাব খোজো ।”
আনহাতে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বিৰোধীৰ মিত্ৰতা বিচৰা নাই বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি দেৱব্ৰত শইকীয়াই ক’লে মন্ত্ৰী হ’ব বুলি কিয় কয় অখিল গগৈয়ে ? তেওঁ কয়, "মুখ্যমন্ত্ৰী কোন হ’ব সেইটো হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব; কিন্তু তেওঁ নিজেও কৈছে তেওঁ মন্ত্ৰী হ’ব ।" কংগ্ৰেছৰ চৰকাৰ গঠন হ’লে অখিল গগৈৰ দলে বাহিৰৰ পৰা সমৰ্থন কৰাৰ সিদ্ধান্ত ল’ব পাৰে বুলি গগৈক কটাক্ষ দেৱব্ৰত শইকীয়াৰ । শইকীয়াই কটাক্ষ কৰে এইদৰে, "বহুত দল আছে বাহিৰৰ পৰা সমৰ্থন কৰে । এসময়ত চিপিআই, চিপিআইএম দলে আমাক বাহিৰৰ পৰা আমাক সমৰ্থন কৰিছিল; কিন্তু অখিল গগৈয়ে মন্ত্ৰী হ’ম বুলি কিয় ইমান চিন্তা কৰি আছে ? কিজানি তেওঁৰ দলে বাহিৰৰ পৰাই ছাপৰ্ট কৰিম বুলি সিদ্ধান্ত লয় ? অৱশ্যে তেওঁতো অকলেই সৰ্বেসৰ্বা ; কিন্তু কথাটো তেনেকৈ ভাবিব নাপায় । আমি বিজেপি বিৰোধী শক্তি এটা গঢ়িব বিচাৰিছো তাত সকলোৱে নিঃস্বাৰ্থৰূপে সহযোগিতা কৰা উচিত ।"
কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ কটাক্ষ ভৰা সমালোচনাৰ বানে অখিল গগৈক কি দৰে বিন্ধে সেয়া লক্ষণীয় হ’ব ৷ লগতে লক্ষণীয় হ’ব কংগ্ৰেছ আৰু ৰাইজৰ দলৰ তিক্ততাপূৰ্ণ মিত্ৰতাৰ বাদানুবাদে ২০২৬ৰ বাবে বিৰোধীৰ মিত্ৰতাৰ কচৰতত কি প্ৰভাৱ পেলায় ।

