ETV Bharat / state

ছিণ্ডিকেটৰ হৈ মাত মতাৰ বাবেই মোক প্ৰাণে মৰাৰ ভাবুকি দিছে; শংকিত কংগ্ৰেছ নেতা

ডিমা হাছাও জিলাত কংগ্ৰেছ নেতাক প্ৰাণে মৰাৰ ভাবুকি । থানাত দাখিল এজাহাৰ ।

Death threat to a Congress leader in Dima Hasao district
বাপুজিৎ লাংথাচা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 9:32 PM IST

2 Min Read
Choose ETV Bharat

হাফলং : কোন দিশে গতি কৰিছে আজিৰ সমাজখন ! মাৰো বুলি ক'লেই কাৰোবাক মাৰি দিব পাৰে একাংশই ! এইবাৰ প্ৰাণৰ শংকাত ভুগিছে এজন ব্যক্তি । নাম বাপুজিৎ লাংথাচা । জানিব পৰা মতে, বাপুজিৎ ডিমা হাছাও জিলা কংগ্ৰেছৰ এগৰাকী নেতা ।

ছিণ্ডিকেটৰ হৈ মাত মতাৰ বাবেই কংগ্ৰেছ নেতা বাপুজিৎ লাংথাচাক মঙলবাৰে প্ৰাণে মৰাৰ ভাবুকি দিয়ে ৰক ডিমাছা ওৰফে প্ৰবীণ হাগজেৰ নামৰ এগৰাকী ব্যক্তিয়ে । সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে বাপুজিতে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বাপুজিতে হাফলং আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ।

Death threat to a Congress leader in Dima Hasao district
এজাহাৰ (ETV Bharat Assam)

মঙলবাৰে বিয়লি কংগ্ৰেছ নেতা বাপুজিৎ লাংথাচাই কয়, ''মঙলবাৰ দিনৰ প্ৰায় ২:৩০ বজাত হাফলং ডিমাছা মহিলা সমিতিৰ ওচৰৰ পৰা মই মোৰ ল'ৰাটোক টিউচনৰ পৰা আনিবলৈ গৈছিলো । তেনে সময়তে প্ৰবীণ হাগজাৰ নামৰ ব্যক্তিগৰাকী এখন স্কুটি লৈ সেই ঠাইত উপস্থিত হয় আৰু মোক প্ৰশ্ন কৰে যে কিয় মই সংবাদ মাধ্যমৰ আগত ছিণ্ডিকেটৰ কথা কৈছো, কিয় তেওঁৰ নাম লৈছো । যদি মই অতি সোনকালে প্ৰবীণ হাগজাৰৰ নাম সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পৰা আঁতৰাই দিবলৈ নকওঁ তেনেহ'লে মোৰ লগতে মোৰ গোটেই পৰিয়ালটোকে কাটি পেলাই দিব বুলি ভাবুকি দিয়ে ।''

Death threat to a Congress leader in Dima Hasao district
ৰক ডিমাছা ওৰফে প্ৰবীণ হাগজেৰ (ETV Bharat Assam)

এই ঘটনাৰ পাচতে প্ৰাণৰ শংকাত ভুগিছে কংগ্ৰেছ নেতা বাপুজিৎ লাংথাচাই । সেয়ে মঙলবাৰে বিয়লি বাপুজিৎ লাংথাচে প্ৰবীণ হাগজাৰৰ বিৰুদ্ধে হাফলং থানাত দাখিল কৰে এজাহাৰ । লগতে তেওঁ আৰক্ষীক এই বিষয়টো ভালদৰে নজৰ দিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক : ২৪ ঘণ্টাৰ ভিতৰত "উৰাই" দিম ! স্বাস্থ্যমন্ত্ৰীলৈ আহিল ফোন