উৎকট গৰমে প্ৰাণ কাঢ়িলে দুগৰাকীৰ ! বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - Excessive Heat
Heat waves: গ্ৰীষ্ম প্ৰবাহত বিপৰ্যস্ত জনজীৱন ৷ গৰমৰ বাবে ৰাজ্য়ত বহু লোক অসুস্থ হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে কেইবাজনেও । ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিবলৈ বাধ্য হৈছে ৷

Published : September 21, 2024 at 9:49 PM IST
লখিমপুৰ, ২১ ছেপ্টেম্বৰ: বিগত কেইবাদিন ধৰি হোৱা গ্ৰীষ্মপ্ৰবাহৰ বাবে উৎকট গৰমে দহিছে ৰাজ্যবাসীক । প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্ৰা । আনকি প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিবলৈ বাধ্য় হৈছে জিলা প্ৰশাসনে । ৰাজ্য়ৰ আন ঠাইৰ লগতে লখিমপুৰতো প্ৰচণ্ড গৰমৰ বাবে জনজীৱন বিপৰ্যস্ত হৈ পৰাৰ সময়তেই দুগৰাকী লোকে হেৰুৱালে প্ৰাণ ।
- গৰমৰ বাবে প্ৰাণ হেৰুৱালে দুগৰাকীয়ে !
গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল ছাত্রী । লখিমপুৰত শনিবাৰে দুগৰাকী লোকৰ হিটষ্ট্ৰোকত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । লখিমপুৰ নগৰ এলেকাৰ তিনি নং ৱাৰ্ডৰ মৈদমীয়া পদ্মা নগৰ পথ নিবাসী সুনীল কছাৰী (৪৫)ৰ শনিবাৰে বিয়লি তিনিমান বজাত মৃত্যু হয়। কোম্পানীৰ গাড়ী চলাই জীৱন নির্বাহ কৰা সুনীলে আন দিনাৰ দৰে আজিও গাড়ী চলাই আহি নগৰৰ সমীপত উপস্থিত হৈছিল । সেই সময়তে তেওঁ হঠাৎ অসুস্থ হৈ পৰাত ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্র সন্তানক এৰি থৈ গৈছে ।
আনহাতে তাৰিয়নি ৰাজগড়তো এগৰাকী মহিলাৰ গৰমৰ বাবে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । মহিলাগৰাকী হৈছে চম্পাৱতী ফুকন (৬৬)। পুৱতি নিশা তেওঁ শেতেলীতে অস্বাভাবিক মৃত্যুক সাবটি লয় । পৰিয়ালবৰ্গই হিটস্ট্রোকৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ প্রকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁ এটি পুত্র সন্তানসহ দুগৰাকী বিবাহিত কন্যা এৰি থৈ যায়।
- বিদ্যালয়তে ঢলি পৰিল ছাত্ৰী
আনহাতে, আজিৰ দিনটোতে প্ৰচণ্ড গৰমত বৰনাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্রেণীৰ এগৰাকী ছাত্রী বিদ্যালয়তে ঢলি পৰে । ছাত্রীগৰাকী বিদ্যালয়ৰ ভিতৰতে ঢলি পৰাত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে । সেয়েহে ক্ৰমবৰ্ধমান গৰমৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলাখনৰ বিদ্যালয়সমূহৰ সময়সূচী সলনি কৰা হৈছে । জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেম চন্দ্ৰ শইকীয়াই এক নিৰ্দেশ যোগে এই বিষয়ে ঘোষণা কৰিছে । ২৩ ছেপ্টেম্বৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ'ব ।
এই নিৰ্দেশনা অনুসৰি প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ, মজলীয়া পৰ্যায়ৰ বিদ্যালয়সমূহৰ পাঠদান ৮ বজাৰ পৰা ১ বজালৈ আৰু হাইস্কুল বা উচ্চতৰ পৰ্যায়ৰ বিদ্যালয়সমুহৰ পাঠদান ৮ বজাৰ পৰা ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে । চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্রত এই নিৰ্দেশ প্ৰযোজ্য হ'ব ।

