ETV Bharat / state

কোনে হত্যা কৰিলে জুৰীয়াৰ ছাদিকুলক ?

ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে নিৰুদ্দেশ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ।

DEATH BODY RECOVERED AT JURIA
যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2025 at 7:13 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : মঙলবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল এজন যুৱক । ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰ পৰাই সন্ধানহীন হৈ পৰে যুৱকজন । পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও নাপালে কোনো সন্ধান । কিন্তু আজি পুৱাই উদ্ধাৰ হয় সন্ধানহীন যুৱকজনৰ মৃতদেহ ।

এই ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত । বুধবাৰে পুৱাই জুৰীয়াত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । পুৱাই জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাৰ ৰে'লৱে লাইনত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। প্ৰাতঃভ্ৰমণলৈ ওলাই অহা স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি জুৰীয়া আৰক্ষীক খৱৰ দিয়ে। কিছু সময় পাছতেই যুৱকজনৰ পৰিয়ালৰ লোকো উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে । উদ্ধাৰ হোৱা মৃতদেহটো জুৰীয়াৰ পৰমাইভেটিৰ ছাদিকুল ইছলাম বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে।

যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য (ETV Bharat Assam)

কেনেকৈ সংঘটিত হয় ঘটনাতো :

এই সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে সাংবাদিকৰ আগত কয়, "মঙলবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল ছাদিকুল । কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰাই নিৰুদ্দেশ হৈ আছিল ছাদিকুল । নিশা পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । ওৰে নিশাই বিচাৰ-খোচাৰ কৰিও সন্ধান নাপালো ।"

আজি পুৱাই কাষৰে গাঁৱৰ ৰে'ল লাইনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ছাদিকুল ইছলামৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে । মৃতদেহৰ ডিঙি আৰু মূৰত আঘাতৰ চিন স্পষ্ট হোৱা বুলি দাবী কৰি দুৰ্বৃত্তই ছাদিকুল ইছলামক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । লগতে মৃতদেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰি স্থানীয় লোকেও ছাদিকুল ইছলামক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে ।

ইপিনে, জুৰীয়া থানাৰ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে যদিও ৰে'লৱে লাইনৰ ওপৰত উদ্ধাৰ হোৱা মৃতদেহক লৈ ৰে'লৱে আৰক্ষীয়েও তদন্ত আৰম্ভ কৰে । পৰৱৰ্তী সময়ত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ছাদিকুল ইছলামক দুৰ্বৃত্তই হত্যা কৰি ৰে'লৱে লাইনৰ ওপৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও কি অৱস্থাত ছাদিকুলৰ মৃত্যু হৈছে সেয়া পোহৰলৈ অহা নাই ।

লগতে পঢ়ক:প্ৰেমিক ভাৰাঘৰত প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ, দোষীক উচিত শাস্তিৰ দাবীত প্ৰতিবাদ - PROTEST IN JONAI

প্ৰেমিকৰ ভাড়াঘৰত প্ৰেমিকাৰ মৃতদেহ; উচিত তদন্তৰ দাবী দল-সংগঠনৰ - DEATH BODY RECOVERED