ETV Bharat / state

প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ কন্যাই কিয় ল'লে জীৱনৰ চৰম সিদ্ধান্ত ?

এসময়ৰ জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ পৰিয়াল হৈ পৰিছিল এলাগী । আজি তেওঁৰ কন্য়া গুচি গ'ল অজান দেশলৈ ।

Bhrigu Kumar Phukan Daughter's Death
ভৃগু কুমাৰ ফুকনৰ কন্যাৰ মৃত্য়ু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 5:06 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম আন্দেলনৰ প্ৰভাৱশালী ছাত্ৰ নেতা তথা প্ৰয়াত প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ কন্যাই দেওবাৰে ল'লে জীৱনৰ চৰম সিদ্ধান্ত । গুৱাহাটী মহানগৰীৰ খাৰঘূলিত থকা বাসগৃহৰ ছাঁদৰ পৰা পৰি দেওবাৰে মৃত্যু হয় জাতীয়তাবাদী নেতা তথা প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীৰ একমাত্ৰ কন্য়া উপাসা ফুকনৰ । ঘৰৰ দ্বিতীয় মহলাৰ ছাঁদৰ পৰা পৰে প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীৰ কন্য়াগৰাকী । সেই সময়ত ঘৰত আছিল তেওঁৰ মাতৃ । কিন্তু পৰি গৈছিল নে জপিয়াইছিল ?

কেনেকৈ ঘটিল ঘটনাটো ?

ভৃগু কুমাৰ ফুকনৰ কন্যাৰ মৃত্য়ু (ETV Bharat Assam)

স্থানীয় লোকৰ ভাষ্য় অনুসৰি উপাসাই মানসিকভাৱে ভাৰসাম্য়হীন হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে । এগৰাকী স্থানীয় মহিলাই সংবাদ মাধ্যমৰ আগত কয়, "আজি পুৱা ৮-৩০ বজাত এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পাৰিলো এগৰাকী কাম কৰা মহিলাৰ পৰা । এই সম্পৰ্কে পৰিয়ালক লোকে স্থানীয় লোকক অৱগত কৰি হাস্পতাললৈ নিয়ে । ইতিমধ্য়ে ইয়াতেই মৃত্য়ু হৈছে । কালি কোনোবা আলহী অহা বাবে তেওঁ বোলে বজাৰো কৰিছিল । তেওঁ বোলে মাকক কৈ থাকে আৰু জীয়াই নাথাকে । কেলেই জোৰ জবৰদস্তি ৰখা বুলি মাকক প্ৰায়ে কৈ আছিল । মানসিক অসুস্থতাত ভুগি থকা বুলি মাকক প্ৰায়ে কৈছিল । নিজা বাসগৃহৰ ওপৰৰ পৰা জপিয়াই তেওঁ চৰম সিদ্ধান্ত লৈছে । খাৰঘূলিৰ বাসগৃহত মাতৃ আৰু কন্যা দুয়ো বাস কৰিছিল ।"

স্থানীয় লোকে কি কয় ?

আন এগৰাকী স্থানীয় লোকে এই সন্দৰ্ভত কয়, "ভৃগু কুমাৰ ফুকনৰ মৃত্যুৰ পাছৰে পৰাই মানসিক হতাশাত ভুগিছিল তেওঁৰ কন্য়া । মানসিক ৰোগৰ চিকিৎসাও কৰি আছিল । মাতৃক বাৰে বাৰে আত্মহননৰ পথ বাছি লোৱাৰ কথা কৈছিল । শনিবাৰেও মাতৃক কৈছিল 'মা মই মৰিম '। ‌দেওবাৰে পুৱা ৭.৫৫ বজাত ঘৰৰ দ্বিতীয় মহলাৰ পৰা পৰি গৈছিল । মাতৃয়ে শব্দ শুনি বাহিৰলৈ চাওতেই তলত পৰি থকা প্ৰত্যক্ষ কৰে । লগে লগে মাতৃয়ে ওচৰ-চুবুৰীয়াক খবৰ দিয়ে । স্থানীয় লোকৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ লৈ যোৱাৰ পথত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।"

এলাগী হৈ পৰিছিল ভৃগু কুমাৰ ফুকনৰ পৰিয়াল :

উল্লেখ্য় যে ভৃগু কুমাৰ ফুকন এগৰাকী জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল । তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম আন্দোলনৰ এগৰাকী গুৰিধৰোতা আছিল । অসম চুক্তি স্বাক্ষৰকাৰী চাৰিগৰাকী ব্যক্তিৰ মাজৰ ভৃগু কুমাৰ ফুকনো আছিল অন্য়তম ।

অসম গণ পৰিষদ দল গঠনত আগভাগ লোৱা শক্তিশালী নেতা আছিল যদিও তেওঁৰ মৃত্য়ুৰ পিছত ভৃগু কুমাৰ ফুকনৰ পৰিয়ালটো লাহে লাহে এলাগী হৈ পৰে দলটোৰ নেতাসকলৰ বাবে । স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে ভৃগু কুমাৰ ফুকনৰ মত্য়ু তিথিতো আনকি অগপৰ কোনো নেতা-কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁৰ গৃহত উপস্থিত হোৱা নাছিল ।

(যদি আপোনাৰ মনলৈ জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক:দিশা ছালিয়ানৰ মৃত্যুৰ চি বি আই তদন্ত বিচাৰিছে পিতৃয়ে: দিশাৰ পিতৃক সমৰ্থন সুশান্ত সিং ৰাজপুতৰ পিতৃৰো - DISHA SALIAN DEATH CASE

৫০ হাজাৰ টকাৰ ধাৰৰ সুত হ’লগৈ ১০ লাখ টকা, জীৱন শেষ কৰি দিয়াই ভাল বুলি চৰম সিদ্ধান্ত ব্যৱসায়ীৰ - BUSINESSMAN DEATH IN DELHI