তেজপুৰ: উত্তৰ পাৰৰ অন্যতম উচ্চশিক্ষাৰ অনুষ্ঠান তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰংমহাবিদ্যালয়লৈ এক আশাব্যঞ্জক খবৰ । বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰাত আজি মহাবিদ্যালয়খনত শোণিতপুৰ সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিত এক উল্লাসপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় ।
উল্লেখ্য যে বুধবাৰে সন্ধিয়া মহাবিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ যুটীয়া সচিব ড০ আৰ মনোজ কুমাৰৰ পৰা স্বায়ত্তশাসিত মৰ্যাদাৰ স্বীকৃতিপত্ৰ লাভ কৰে । ইয়াৰ পিছত আজি সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিত অধ্যক্ষ ড৹ পলাশমণি শইকীয়াক মহাবিদ্যালয় শিক্ষক গোট, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থা ,দৰং মহাবিদ্যালয় কৰ্মচাৰী সন্থা, ছাত্ৰ একতা সভাকে ধৰি বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰে ।

মহাবিদ্যালয়খনৰ প্ৰায় সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত অধ্যাপক ড৹ স্বপ্নালী কাকতিয়ে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ খগেশ্বৰ বৰকাকতী উপস্থিত থাকে । প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অধ্যক্ষ ড০ পলাশমণি শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰি এখন স্বায়ত্তশাসিত কলেজৰ মৰ্যাদাৰ থাকিব লগা সকলোবোৰ সুবিধাৰ পিছতেই বিশ্ববিদ্যালয় অনুদান আয়োগে এই মৰ্যাদা প্ৰদান কৰাত আহ্লাদিত আৰু গৌৰৱান্বিত হৈছোঁ বুলি মন্তব্য কৰে ।

অধ্যক্ষ ড০ পলাশমণি শইকীয়াই দৰং মহাবিদ্যালয়ৰ ঐতিহ্যৰ গৰিমা সদৰী কৰি প্ৰায় ৫৫০০ গৰাকী শিক্ষাৰ্থীৰ লগতে ১৩৫ গৰাকীকৈ অধ্যাপক-অধ্যাপিকা থকা মহাবিদ্যালয়খনত অহা পাঁচ বছৰৰ ভিতৰত আৰু অধিক নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে । এই বছৰৰ পৰাই জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰা, আগন্তুক পাঁচ বছৰৰ ভিতৰত সকলো বিভাগৰে স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰাৰ উপৰি অধ্যক্ষগৰাকীয়ে অহা ১৫ বছৰৰ ভিতৰত মহাবিদ্যালয়খনক "ডীমড ইউনিভাৰ্চিটি"লৈ উত্তৰণ ঘটোৱাৰ সংকল্পৰ কথাও সদৰী কৰে ।

ভাষণ প্ৰসংগত অধ্যক্ষ ড৹ পলাশমণি শইকীয়াই অলপতে ৰাজ্যখনৰ একমাত্ৰ মহাবিদ্যালয় হিচাপে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ জৰিয়তে FIST অনুদান লাভ কৰা আৰু আজিলৈকে অসমৰ কোনো এখন মহাবিদ্যালয়ে এই অনুদান লাভ নকৰাৰ তথ্য প্ৰকাশ কৰাৰ লগতে চলিত বৰ্ষৰ নামভৰ্তিৰ বাবে ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থানত ১৩ হেজাৰ শিক্ষাৰ্থীয়ে আবেদন কৰা আৰু এই সংক্ৰান্তত কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰশংসা কৰাৰ তথ্যও উল্লেখ কৰে ।
বিগত সময়ছোৱাত মহাবিদ্যালয়খনৰ পৰা ২৩৫ খন গৱেষণাপত্ৰ প্ৰকাশ কৰা আৰু কেবাগৰাকীও শিক্ষকে পেটেন্ট লাভ কৰিবলৈ সক্ষম হোৱাৰ দৰে মহাবিদ্যালয়খনৰ কৃতিত্বৰ প্ৰসংগ উল্লেখ কৰি তেওঁ মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰী সমাজক কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে এই অনুষ্ঠানতে সাংসদ ৰঞ্জিত দত্তক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ খগেশ্বৰ বৰকাকতীৰ লগতে অধ্যক্ষ ড০ পলাশমণি শইকীয়াৰ উপৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ তৰফৰ পৰা সভাপতি ধ্ৰুৱজ্যোতি দাস, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ইন্দ্ৰানী তামুলী, শিক্ষক গোটৰ তৰফৰ পৰা সভাপতি অৰুন্ধতী ডেকা নাথ, কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা জ্যেষ্ঠ সহায়ক অচ্যুত শৰ্মা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মৃন্ময় দাস আদিয়ে সম্ভাষণ জনায় ।
অনুষ্ঠানটিত সাংসদ ৰঞ্জিত দত্তই ভাষণ প্ৰদান কৰি ১৯৭৬ চনৰ মহাবিদ্যালয়খনৰ ছাত্ৰ হিচাপে স্মৃতি ৰোমন্থন কৰি মহাবিদ্যালয়খনৰ ঐতিহ্য ব্যক্ত কৰে । তেওঁ লগতে মহাবিদ্যালয়খনলৈ সাংসদ পুঁজিৰ পৰা ২৫ লাখ টকাৰ অনুদান দিয়াৰ কথাও ঘোষণা কৰে । আনহাতে বিয়লি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত হৈ মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে ।
লগতে পঢ়ক : ভূত ওলাইছে ভূত ! ভূতৰ ভয়ত স্কুল ছুটী: ভূতে ধৰা ছাত্ৰ-ছাত্ৰীক নিলে মোল্লাৰ কাষলৈ