ETV Bharat / state

দুলীয়াজানত অইল ইণ্ডিয়াৰ তৈলখাদত অঘটন: ভয়ংকৰ বিপদৰ আশংকাত অঞ্চলবাসী

দুলীয়াজানৰ নগাজান আৰু তামুলীখাট গাঁৱৰ মাজত থকা অইল ইণ্ডিয়াৰ তৈলখাদত অঘটন । অইলৰ পাইপ ফাটি তীব্ৰ গতিত তেল-গেছৰ লগতে বালি নিৰ্গমন । আতংকময় পৰিস্থিতি ।

oil field accident in Duliajan
দুলীয়াজানত অইল ইণ্ডিয়াৰ তৈলখাদত অঘটন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 2, 2025 at 10:30 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: পঞ্চায়ত নিৰ্বাচনক লৈ সকলো ব্যস্ত থকাৰ সময়তে অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । দুলীয়াজানৰ সমীপৰ নগাজান আৰু তামুলীখাট গাঁৱৰ মাজত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নম্বৰ তৈলখাদত অহৰহ গতিত নিৰ্গমন হৈছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ ।

বৃহস্পতিবাৰে বিয়লি তৈলখাদটোত সংঘটিত হয় এই ঘটনা । ফলত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে । ঘটনাস্থলীত দুলীয়াজানৰ পৰা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু অইলৰ বিভাগীয় বিষয়া আৰু কৰ্মচাৰী উপস্থিত হৈছে ।

দুলীয়াজানত অইল ইণ্ডিয়াৰ তৈলখাদত অঘটন (ETV Bharat Assam)

জানিব পৰা মতে, অইলৰ তৈলখাদৰ মূল অংশ এক্সমাছটিৰ পৰা অহৰহ গতিত নিৰ্গমন হৈছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ । ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ লগতে অইলৰ দুৰ্যোগ প্ৰশমন বিভাগ, উৎপাদন বিভাগৰ বিষয়া, অভিযন্তা, কৰ্মচাৰীসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে । কিন্তু এই পৰ্যন্ত অইল কৰ্তৃপক্ষই বন্ধ কৰিবলৈ সক্ষম হোৱা নাই তেল আৰু গেছ নিৰ্গমন ।

আনহাতে, এই ঘটনা কিয় সংঘটিত হ'ল সেই কথা অইল কৰ্তৃপক্ষৰ পৰা জানিব পৰা হোৱা নাই । কিন্তু অইল ইণ্ডিয়াৰ এটা বৃহৎ দলে অহৰহ গতিত নিৰ্গমন হোৱা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণৰ বাবে যুদ্ধকালীন চেষ্টা চলাই আছে ।

উল্লেখ্য যে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন তৈলখাদত এটাৰ পাছত আন এটা ভয়ানক ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে । ২০২০ চনত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰ বাঘজানত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান জন এনাৰ্জী প্ৰাইভেট লিমিটেডে কৰা খননত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড ।

ঠিক একেদৰে অইল ইণ্ডিয়াৰ গুৰুত্বহীনতাৰ বাবে দুলীয়াজানত পুনৰ বাঘজানকাণ্ড হ'ব নেকি তাক লৈ ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে ।

প্ৰচণ্ড শব্দ কৰি অইল ইণ্ডিয়াৰ তৈলখাদত বিস্ফোৰণ

ইফালে ঘটনা সন্দৰ্ভত লৈ স্থানীয় ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কয়, "বিয়লি প্ৰচণ্ড শব্দ কৰি এটা বিস্ফোৰণ হয় । ৰাইজে বোমা বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰিছিল যদিও পিছত দেখে অইল খাদৰ পাইপ ফাটি প্ৰচণ্ড শব্দ কৰি গেছ-তেল নিৰ্গমন হৈছে । এটা মাহৰ পূৰ্বে একে ঠাইতে পাইপ ফাটি একেই ঘটনা সংঘটিত হৈছিল । এই ঘটনাৰ বাবে অঞ্চলটোৰ ৰাইজে ঘৰত জুই জ্বলাব পৰা নাই । যদি অইল ইণ্ডিয়া কৰ্তৃপক্ষই গেছ, তেল নিৰ্গমন বন্ধ কৰিব নোৱাৰে তেতিয়াহ'লে অঞ্চলটোৰ ৰাইজক নিৰাপদ স্থানলৈ নি খাদ্য যোগান ধৰিব লাগিব । অইল ইণ্ডিয়াৰ দলে গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই ।"

লগতে পঢ়ক :বিয়াৰ খাদ্যত বিষক্ৰিয়া, চিকিৎসাধীন অৰ্ধশতাধিক - FOOD POISONINGS IN DIBRUGARH
লগতে পঢ়ক :আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন: বৰাকসহ ১৪ জিলাত ভোটগ্ৰহণ - PANCHAYAT ELECTIONS 2025