ETV Bharat / state

বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 9th October 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 7:13 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ থাকি কর্ম কৰিব, সফল হʼব ৷ দিনটো খেলিমেলি হʼব পাৰে ৷
  2. বৃষ ৰাশি : উদিগ্নতাই আপোনাক চাৰিওফালৰ পৰা আগুৰি থাকিব আৰু তাৰ ফলত আপোনাৰ মনৰ স্থিৰতা হেৰুৱাব ৷ পৰিয়ালৰ লগত হোৱা তৰ্ক বিতৰ্কই ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিব ৷ একে সময়তে আপোনাৰ কষ্টকৰ কামৰ ফল লাভত ব্যৰ্থ হ’ব ৷ যাৰ ফলত ধনৰ অভাবে দেখা দিব ৷
  3. মিথুন ৰাশি : সফলতা অনুসন্ধানৰ চিন্তা কৰক ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখক । নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷
  4. কৰ্কট ৰাশি : নতুন বন্ধু-বৰ্গ লাভ ৷ বন্ধু-বৰ্গৰ লগত দিনটো ভালে যাব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  5. সিংহ ৰাশি : মানসিক আৰু আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ দুঃশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  6. কন্যা ৰাশি : টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ কামত সন্তুষ্টি পাবলৈ আপোনাৰ মনৰ শুনক ৷ নথিপত্রত সুস্থিৰে পঢ়ি চহী কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷
  7. তুলা ৰাশি : যদি আপুনি টকা ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব । লʼৰা-ছোৱালীৰ সাফল্যই আনন্দ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ ৷ দৰমহা ভাল হʼব ৷
  8. বৃশ্চিক ৰাশি : যুক্তিৰে সকলো যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাল লক্ষ্যত সফল হʼব । মহিলাৰ ভাগ্য ভাল ৷ আজি বিপদৰ শংকা নাই ৷ তথাপিও সতৰ্ক থকাটো ভাল ৷ বিপদত পৰা পৰা সুৰক্ষিত হ’ব ৷ আবেলি প্ৰায় ভাল ৷
  9. ধনু ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব । আঁচৰিত নহ’ব আপুনি আজি ইভেণ্ট হেণ্ডেলাৰ হʼব ৷ কর্মৰ বাবে দূৰ যাত্রা হʼব পাৰে ৷ এই যাত্রা কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব ৷
  10. মকৰ ৰাশি : নিজৰ ওপৰত আশ্বাস, ভাৰসা ৰখিলে নিশ্চিতভাৱে লক্ষ্যত সফল হ’ব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
  11. কুম্ভ ৰাশি : কঠোৰ কাৰ্য সহজতে কৰি সফল হ’ব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ পছন্দ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  12. মীন ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে ৷ খৰচ সুস্থিৰে কৰিব ৷