কিছু জাতক-জাতিকাৰ দুৱাৰডলিত ৰৈ আছে সফলতা; প্ৰেম-বিবাহৰ বাবেও উত্তম সুযোগ...আজিৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব বা আজি কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : March 8, 2025 at 6:00 AM IST
- মেষ ৰাশি : বিপদাশংকা নাই, কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক হৈ থকাটো ভাল ৷ বন্ধুৰ লগত তৰ্ক হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ লক্ষ্যত সফল ৷
- বৃষ ৰাশি : বিপদাশংকা আছে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কামত পৰিব ৷ যুক্তিৰে সকলো বিচাৰ-বিবেচনা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
- মিথুন ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰক ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিত বাবে দিনটো শুভ ৷
- কৰ্কট ৰাশি : দিনটো সুভ ৷ আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷
- সিংহ ৰাশি : জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ বিপদাশংকা নাই, তথাপিও নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- কন্যা ৰাশি : কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগতো সম্পর্ক ভাল ৷
- তুলা ৰাশি : নিজৰ শিল্পী প্ৰতিভা ব্যৱহাৰ কৰক ৷ আঁচৰিত নহ’ব, কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
- বৃশ্চিক ৰাশি : দিনটো ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বাধা-বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷
- ধনু ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বিপদাশংকা নাই ৷ দিনটো প্ৰায় ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ নাম আৰু সুনাম হʼব ৷
- মকৰ ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ প্ৰেমৰ সম্পর্ক কিছু কঠিন হ’ব ৷
- কুম্ভ ৰাশি : বিদেশলৈ অধ্যয়ন কৰিবলৈ যাব পাব পাৰে ৷ আজি ভাগ্য ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বাধা-বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷
- মীন ৰাশি : দিনটো প্ৰায় ভাল ৷ আজি ভাগ্য ভাল ৷ নিজৰ ব্যৱসায় আৰু কর্মত মনোযোগ দিব ৷ লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷

