ETV Bharat / state

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 5th September 2025
ৰাশিফল… (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 5, 2025 at 5:00 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ যোগ-অনুশীলন কৰা ইচ্ছা হʼব পাৰে ৷

বৃষ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিব, সক্ৰিয় অনুভৱ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ সত্যৰ ভাল ফল লাভ ৷ পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ শিল্পী প্ৰতিভাৰ গুণাগুণ ব্যৱহাৰ কৰিব ৷ গান গোৱা, কবিতা আবৃত্তি কৰা, নৃত্য কৰিবলৈ আৰম্ভ কৰিব পাৰে, সফল হʼব ৷

মিথুন ৰাশি : মনৰ পৰা বেয়া ভাববোৰ আঁতৰাই পেলাওক, নহ’লে বিপদত পৰিব ৷ নতুন কাম আৰম্ভ নকৰিব ৷ খং নিয়ন্ত্ৰণ কৰক ৷ খৰচৰ মাত্ৰা কমাওক ৷

কৰ্কট ৰাশি : বিবাহিতসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ ড্ৰাইভ আনন্দ মনেৰে কৰিব ৷

সিংহ ৰাশি : নিজৰ কর্মত মুক্তি অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ বজাৰলৈ যাব পাৰে ৷

কন্যা ৰাশি : আলোচনাৰ পৰা পৰাপক্ষত আঁঁতৰি থাকক, কাৰণ আপোনাৰ অলপ টান কথাই সমগ্ৰ পৰিৱেশটো নষ্ট কৰিব পাৰে ৷ হঠাতে খৰচ বৃদ্ধি হ’ব পাৰে ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত কথা পাতক, তেওঁলোকৰ লগত বাহিৰত ফুৰিবলৈ যাওঁক ৷ ভাল খাদ্য গ্ৰহণ কৰক, নহ’লে পেটৰ বিষত ভুগিব পাৰে ৷

তুলা ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে জীৱনত ভাল বন্ধু লাভ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ভাগ্য প্ৰায় ভাল ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ শিক্ষাৰ্থীসকলৰ বাবে সময় অনুকুল নহয় ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ বিভ্ৰান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত সফলতাত বাধাৰ সৃষ্টি হ’ব পাৰে । মনটোক বিশ্ৰাম দিয়ক, আৰাম লাভ কৰিব ৷

মকৰ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিব, সক্ৰিয় অনুভৱ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷

কুম্ভ ৰাশি : লক্ষ্মীৰ কৃপা দৃষ্টি বৰশিব ৷ সামাজিক অৱস্থাৰ উন্নতি হ’ব ৷ গ্ৰহৰ প্ৰভাৱত ব্যৱসায়ত উন্নতি হ’ব ৷ মহিলা বন্ধুৰ লগত সম্পৰ্ক উন্নত ৷ নতুন সম্পৰ্ক সোমাই পৰিব পাৰে ৷ দুয়ো ভ্ৰমণত যোৱাৰ যোগ আছে ৷ বিবাহ প্ৰাৰ্থীসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব ৷ বৈবাহিক জীৱন শুভ ৷

মীন ৰাশি : কাৰ্যক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন ৷ সকলোৰে লগত সুসম্পৰ্ক বজাই ৰাখিব পাৰিব ৷ লক্ষ্মীদেৱীৰ কৃপা বৰশিব ৷ ব্যৱসায়ত উন্নতি ৷ সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷