কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : October 5, 2025 at 5:00 AM IST
- মেষ ৰাশি : ইফালে-সিফালে আজি আপুনি অআমন্ত্রিত পৰামর্শ পাব ৷ পৰামর্শবোৰ ভাল হʼব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্মত শান্ত হৈ থাকিব, সফল হʼব ৷ খেলিমেলি হʼব পাৰে ৷
- বৃষ ৰাশি : আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷
- মিথুন ৰাশি : আজি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কাৰ্য কর্মত পৰিব ৷ দুৰ্ভাগ্যৰ হʼব পাৰে ৷ আপোনাৰ গ্ৰহৰ স্থান ভাল নহয় ৷ মিশ্রিত খেলিমেলি হ’ব পাৰে ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- কৰ্কট ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ খৰচৰ মাত্ৰাও বৃদ্ধি হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দৰে সময় পাৰ কৰিব ৷
- সিংহ ৰাশি : স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে । দাম্পত্য জীৱনত সুখ নাই বুলিয়ে ক’ব পাৰি । লক্ষ্য ৰাখিব এই বিৰোধে আপোনাৰ স্বাস্থ্যৰ যেন ক্ষতি কৰি নকৰে ৷ সকলো কাম ইমানেই জটিল হৈ পৰিব যে, তাক চম্ভালিব পৰাটো টান হ’ব । ৰাজহুৱা ক্ষেত্ৰত এনেকুৱা কিছু কামনকৰিব, যাৰ বাবে আপোনাৰ বদনাম হ’ব পাৰে । ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে অত্যন্ত সতৰ্ক হৈ থাকক । মামলা-মোকৰ্দমাত নোসোমাব ।
- কন্যা ৰাশি : নিজৰ শিল্পী প্ৰতিভাৰ গুণাগুণ ব্যৱহাৰ কৰিব ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা ৰাখক ৷ লক্ষ্য সফল ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
- তুলা ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- বৃশ্চিক ৰাশি : স্বাৰ্থ সৃষ্টিকৰ্তা হিচাবে প্ৰকাশ কৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
- ধনু ৰাশি : দিনটো ভাল ৷ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ যদি আপুনি টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব । নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত ।
- মকৰ ৰাশি : শ্বেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব ৷ ধনৰ দিশত শুভ ৷ অৱশ্যে ঘৰুৱা দিশত এনে নহয়, কাৰণ আপোনাৰ প্ৰিয়জনৰ পৰা আঘাট পাব পাৰে ৷ পঢ়া-শুনা কৰা সকলৰ বাবে বৰ ভাল সময় নহয় ৷ একে সময়তে স্বাস্থ্য অৱনতি ঘটিব পাৰে ৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক ৷
- কুম্ভ ৰাশি : দিনটো প্ৰায় ভাল ৷ কিন্তু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অন্যথা বিপদা হ’ব পাৰে ৷ যুক্তিৰে সকলো চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
- মীন ৰাশি : নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ সাৱধানে কার্য কৰিব ৷ সক্ৰিয় অনুভৱ হʼব ৷

