একাধিক ৰাশিৰ বাবে শুভ আজিৰ দিনটো… কোনে কৰিব পাৰিব বিদেশ ভ্ৰমণ… জানক দিনটোৰ ৰাশিফলত
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : September 3, 2025 at 5:00 AM IST
- মেষ ৰাশি : মানসিক স্থিতি অনুন্নত ৷ কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব ৷ সকলোতে অলপ ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷
- বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷
- মিথুন ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব স্থাপন ৷ প্ৰেমত শুভ ৷ ভাগ্য প্ৰায় ভাল ৷
- কৰ্কট ৰাশি : আপোনাৰ কথাই আনক মানসিক আঘাট দিব পাৰে ৷ কিন্তু প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- সিংহ ৰাশি : শিল্পী প্ৰতিভাৰ গুণাগুণ ব্যৱহাৰ কৰিব ৷ ধাৰ্মীক উৎসৱ উৎযাপন কৰিব পাৰে ৷ ভ্রমণৰ যোগ ৷ দিনটো আনন্দময় হʼব ৷
- কন্যা ৰাশি : দিনটো ভাল ৷ বিপদৰ আশংকা নাই ৷ তথাপিও কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ লক্ষ্যত সফল নহ’বও পাৰে ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’বও পাৰে ৷
- তুলা ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আজি প্ৰায় ভাল হʼব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰাখক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ ভ্রমণৰ যোগ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- বৃশ্চিক ৰাশি : ইফালে-সিফালে আজি বহু অআমন্ত্রিত পৰামর্শ পাব, সেই পৰামৰ্শবোৰ ভাল হʼব ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতসকলৰ বাবে ভাল দিন ৷ নতুন ব্যৱসায়ৰ বিচাৰ হʼব ৷
- ধনু ৰাশি : স্বাস্থ্যৰ যতন লওঁক । পৰিকল্পিত কাম হাতত ল’লে সফল হ’ব । আৰ্থিক লাভৰ যোগ । তীৰ্থযাত্ৰা হ’ব পাৰে । আত্মীয়ৰ ঘৰত কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে । দাম্পত্য জীৱনে আপোনাৰ বাবে কঢ়িয়াই আনিব স্বাচ্ছন্দ্য আৰু আনন্দ । সুখাদ্য ভোজন কৰিব পাৰে । সামাজিকভাৱে আপোনাৰ নাম যশ বৃদ্ধি পাব ।
- মকৰ ৰাশি : দিনটো ভাল ৷ খৰচ বৃদ্ধি ৷ চৰকাৰী নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব ৷ মানসিক আৰু শাৰীৰিকভাৱে হতাশা হʼব পাৰে ৷
- কুম্ভ ৰাশি : দিনটো আৱেগিক হৈ পৰিব পাৰে ৷ জীৱনত ভাল সফল লাভ ৷ নতুন পৰিকল্পনাৰে পুৰণি ঘৰটো নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল ৷
- মীন ৰাশি : দিনটো শুভ ৷ ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা লাভ কৰিব । আপুনি ব্যৱসায়ীয়ে হওঁক বা চাকৰিয়ালেই হওঁক, ইতিবাচক ফল পাব । পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব । ঘৰত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব ।

