ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানক দিনটোৰ ৰাশিফলত

আজি কি কি কৰিব আৰু কি কি নকৰিব, সেয়া আমাৰ ৰাশিফলৰ জৰিয়তে জানক ৷

Daily horoscope
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 3, 2025 at 7:04 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি : আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ আজি ধাৰণা ভাল হʼব ৷ আপোনাৰ স্থিতি সফল হʼব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ৷

বৃষ ৰাশি : পৰিয়ালৰ সৈতে কোনো সামাজিক অনুষ্ঠানত বা ক’ৰবাত ফুৰিবলৈ বা কোনো বনভোজনত ফুৰিবলৈ যাব পাৰে । আপুনি কোনো আলোচনা বা দৰাদৰিত অংশ ল’ব পাৰে, যি আপোনাৰ ব্যৱসায়ৰ অধিক উন্নতি কৰিব । সামাজিকভাৱে আপুনি বহুত সন্মান পাব । ব্যক্তিগতভাৱে আপুনি বহুত ধন পাব ।

মিথুন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ সপ্তাহৰ আৰম্ভণিতে স্বাস্থ্য ভাল ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাত সফল হʼব ৷ এই দিনটো নাৰীৰ সৌভাগ্য হʼব ৷ আপোনাৰ সম্পত্তিৰ, ঘৰৰ পৰা লাভ হʼব ৷ প্ৰশংসা লাভ হʼব, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷ কৰ্ম জীৱনত ভাল হʼব ৷ এইটো দিন ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভ হʼব ৷

কৰ্কট ৰাশি : আপুনি আজি বৰ ভাগৰুৱা অনুভব কৰিব ৷ শাৰিৰীক আৰু মানসিকভাবে অস্থিৰ অনুভব কৰিব ৷ আপোনাৰ সংযম হেৰাই যাব আৰু প্ৰিয় সংগীৰ লগতে দন্দত লিপ্ত হোৱাৰ সম্ভাবনা আছে ৷ গতিকে অলপ সময় অকলশৰে ৰৈ ভাবক আৰু আৰু নিজৰ মনক কাবু কৰক আৰু তেওঁৰ লগত অলপ বুজাবুজিলৈ আহক ৷ যাৰ বাবে এটা সুন্দৰ দেওবাৰৰ দুপৰীয়া উপভোগ কৰিব পাৰিব ৷ আপুনি সৰু সুৰা অসুখ যেনে মূৰৰ বিষ বা পেট জ্বলা পোৰা আদি সমস্যাত ভুগিব পাৰে ৷ শৰীৰৰ যত্ন লওক, বাহিৰত খোৱা বন্ধ কৰক ৷ খৰচৰ মাত্ৰা বাঢ়িব আৰু ভ্ৰমণ বৰ শুভ নহ’ব ৷ আপোনাৰ তলতীয়া কৰ্মচাৰীসকলে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সাবধানে থাকক ৷

সিংহ ৰাশি : আজি আপোনাৰ নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷

কন্যা ৰাশি : আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বন্ধুৰ লগত পার্টি হʼব পাৰে ৷ কন্যা-শিশুৰ সফলতাৰ বাবে আনন্দময় দিন হʼব ৷ আপুনি আজি সৎকৰ্ম্মক ভাল কৰিবলৈ পৰিশ্ৰম কৰিব ৷ শান্ত হৈ কর্ম কৰিব ৷

তুলা ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ আনন্দিত ফল লাভ হʼব ৷ প্ৰশংসা লাভ হʼব ৷ হানিকাৰক আলোচনাই পৰচৰ্চ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷

বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা ভাগ্যশালী দিন ৷ সুখী থাকক আৰু ভাল সময় প্ৰিয়জন আৰু বন্ধুৰ লগত উপভোগ কৰক ৷ মানসিক শান্তি লাভ কৰিব আৰু শৰীৰ ভালে থাকিব ৷ ঘৰুৱা পৰিবেশ শান্ত থাকিব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক বা ছবি অকা, চালচা বা জেঝ নৃত্য শিকিব পাৰে ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷ বন্ধুৰ লগত কফি খাবলৈ গৈ পুৰণি কথা মনত পেলাওক ৷

ধনু ৰাশি : দিনটো বৰ সুন্দৰ নহয় ৷ আপুনি কামৰ ক্ষেত্ৰত বিশেষ অসুবিধা পাব ৷ আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধিয়ে আপোনাক চিন্তাত পেলাব ৷ শান্ত থাকক আৰু ধৈৰ্য ধৰি বিপদৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰক ৷ ঘৰুৱা পৰিবেশটো অশান্তিৰ সৃষ্টি হ’ব, আপুনি প্ৰিয় ব্যক্তিসকলৰ পৰা আঘাত পাব পাৰে ৷ এই অৱস্থা কিছুদিন চলি থাকিব ৷ আপোনাৰ নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰন ৰাখক ৷ আইনী কাগজত চহী কৰাৰ আগতে দুবাৰ চিন্তা কৰক৷

মকৰ ৰাশি : আপোনাৰ খেলিমেলি হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কঠিন ব্যক্তিৰ লগত সংযোগ হʼব আপোনাৰ ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ আপোনাৰ কৰ্মত প্রতিযোগিতা হ'ব পাৰে, কিন্তু প্রতিযোগী বিফল হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷

কুম্ভ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি ৷ আপোনাৰ ভাগ্য প্ৰায় ভাল হʼব ৷

মীন ৰাশি : যাত্রা বা ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷ আপোনাৰ ধাৰ্মিক উৎসৱসমূহৰ উৎযাপন হʼব পাৰে ৷ নতুন বস্তু বা ব্যৱসায় আপুনি উদ্ঘাটন কৰিব ৷