ETV Bharat / state

বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 30, 2025 at 5:01 AM IST

4 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : ভাল লক্ষ্যত সফল ৷ মহিলাৰ ভাগ্য ভাল ৷ কিয়নো আজি বিপদাৰ আশংকা নাই ৷ কিন্তু সতৰ্ক থকাটো ভাল ৷ বিপদত পৰাৰ পৰা সুৰক্ষিত হ’ব ৷ আবেলি প্ৰায় ভাল ৷
  2. বৃষ ৰাশি : প্ৰতিশ্ৰুতি পূৰ্ণ দিন ৷ ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক ৷ ব্যৱসায়ীক দিশত প্ৰতিদ্বন্দীক হৰোৱাব ৷ সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব । বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ।
  3. মিথুন ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ জীৱনত ভাল বন্ধু লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ কর্মত জীৱন ভাল ৷
  4. কৰ্কট ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ বাবে সহায় লাভ ৷
  5. সিংহ ৰাশি : খৰচ বৃদ্ধি ৷ টকা-পইচা সাৱধানে খৰচ কৰিব ৷ নতুন কার্য-ব্যৱসায়ত নিশ্চিতি নহ’ব ৷ ভাগ্য প্ৰায় ভাল ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দৰে সময় কটাব ৷
  6. কন্যা ৰাশি : আজি আপুনি মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ; দিনটো শান্তিৰে পাৰ হৈ যাব দিয়ক । প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবেও এটা সাধাৰণ দিন । ঘৰত থকা আজৰি সময়ত, আপুনি পৰিয়ালকেন্দ্ৰিক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন । দৰ্শনীয় স্থানত পিকনিকৰ পৰিকল্পনাৰে সন্ধিয়া সময়খিনি কটাওক ।
  7. তুলা ৰাশি : পুৱা খোজকাঢ়িবলৈ গ’লে অধিক আনন্দিত অনুভৱ কৰিব । নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক ৷ একেসময়তে ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক; অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা পাৰ্থক্যক দূৰ কৰিব পাৰে । কামত অহং ভাব আহিবলৈ নিদিব ৷
  8. বৃশ্চিক ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ দৰমহা ভাল হʼব ৷ নতুন কৰ্মত লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
  9. ধনু ৰাশি : আশীৰ্বাদৰ বৃষ্টি হ’ব ৷ দিনটো লাভপূৰ্ণ ৷ আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যাধিক ব্যয় নকৰিব । সামাজিক অনুষ্ঠান আৰু যোগাযোগত নিজকে সক্ৰিয়ভাৱে অধিকৃত কৰি ৰাখক ৷ মানুহৰ লগত আপুনি শান্ত আৰু ধৈৰ্যশীল হৈ ব্যৱহাৰ কৰিব ৷ গাড়ী চলাওতে সতৰ্ক হওক ৷ কোনো ট্ৰেফিক নিয়ম ভংগ নকৰিব; দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।
  10. মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ ইয়াৰ প্ৰভাৱ কার্য জীৱনত পৰিব ৷ শান্ত হৈ কর্ম কৰক ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত সতৰ্ক হওক ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব ৷
  11. কুম্ভ ৰাশি : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অবলম্বন কৰিব লগা হ’ব পাৰে । কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত শান্ত হৈ ব্যৱহাৰ কৰক ৷ মধ্যাহ্নৰ পিছত কৰ্মস্থলীৰ পৰিৱেশ আপোনাৰ পক্ষতে থাকিব ৷ ঘৰতো একেই পৰিৱেশ থাকিব ৷ প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া যাত্ৰা কৰিব লগা হ’ব পাৰে । ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে ।
  12. মীন ৰাশি : কর্ম ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কাৰ্য কর্ম পৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷