ETV Bharat / state

ভালপোৱা, প্ৰেমৰ সম্পর্ক আজি কেনে হ'ব, কোন ৰাশিৰ লোকৰ বাবে আহিব বিদেশৰ পৰা খবৰ...জানো আহক আজিৰ ৰাশিফলত

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে জানো আহক আজিৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 2, 2025 at 6:01 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । শান্ত হৈ কর্ম কৰক । কিছু খেলিমেলি হʼব পাৰে ।
  2. বৃষ ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল । প্ৰেমত শুভ । ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই প্ৰেমৰ সম্পৰ্কত মনোযোগ দিব । বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ।
  3. মিথুন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব । লক্ষ্যত সফল । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব । আজি ভাগ্য ভাল ।
  4. কৰ্কট ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে । সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ।হানিকাৰক আলোচনাই নকৰিব ।
  5. সিংহ ৰাশি : জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব । কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে । হতাশা নহ'ব, পুনৰ চেষ্টা কৰিব । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । খং-ৰাগ নিয়ন্ত্ৰণ কৰক । শান্ত হৈ কর্ম কৰক ।
  6. কন্যা ৰাশি : ভাল বন্ধু লাভ । বহুতো ব্যক্তি লগত সংযোগ হʼব । মন পছন্দ কাৰ্যই আনন্দিত কৰি তুলিব । সকলো অশান্তিৰ কাৰণ দূৰ হʼব ।
  7. তুলা ৰাশি : নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰক । কলাৰ প্ৰতি প্ৰেম হʼব । ভাগ্য প্ৰায় ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । ভাগ্য ভাল ।
  8. বৃশ্চিক ৰাশি : নিজৰ প্ৰতিভা আৰু শিল্পৰ গুণাগুণ ব্যৱহাৰ কৰক । বিয়াৰ সংযোগত সফলতা লাভ । জীৱনত ভাল বন্ধু লাভ । কলাৰ প্ৰতি প্ৰেম হʼব । নতুন পৰিকল্পনাৰে পুৰণি ঘৰটো নতুন গৃহলৈ পৰিণত কৰিব পাৰে ।
  9. ধনু ৰাশি : হানিকাৰক আলোচনাই পৰচৰ্চ্চালৈ পৰিণত হ’ব পাৰে । পৰচৰ্চ্চা নকৰিব ।
  10. মকৰ ৰাশি : নিজ ব্যৱসায়ত মনোযোগ দিব । প্ৰেমত শুভ । কর্মত ব্যস্ততা বৃদ্ধি । ব্যক্তিগত জীৱনত ইয়াৰ প্ৰাভাৱ পৰিব ।
  11. কুম্ভ ৰাশি : যাত্রাৰ যোগ । নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব । শান্ত হৈ কর্ম কৰিব ।
  12. মীন ৰাশি : দিনটো শুভ । বিপদাশংকা নাই । কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক হৈ থকাটো ভাল । নতুনকৈ ব্যৱসায় কৰিব পাৰে । ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত । পৰিয়ালৰ লগত সম্পর্ক ভাল । প্ৰেমত শুভ ।