খৰচ বাঢ়িব কিছু ৰাশিৰ জাতক-জাতিকাৰ, পদোন্নতি ৰৈ আছে কন্যা ৰাশিৰ লোকৰ বাবে...
জ্যোতিষশাস্ত্ৰ মতে কিদৰে পাৰ হ’ব এই বৰ্ষৰ মাৰ্চৰ প্ৰথমটো দেওবাৰ ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

ৰাশিফল (ETV Bharat)

Published : March 2, 2025 at 6:10 AM IST
- মেষ ৰাশি : যুক্তিৰে সকলো কথা বুজিবলৈ চেষ্টা কৰক ৷ লক্ষ্যত সফল ৷ কিন্তু বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷
- বৃষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰক ৷ আজি মনৰ কথা ভাগ-বতৰা কৰিব ইচ্ছা হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- মিথুন ৰাশি : নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্য সফল ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷
- কৰ্কট ৰাশি : দিনটোৰ বেছি সময় প্ৰাৰ্থনা আৰু মন্দিৰ ভ্ৰমণতে যাব ৷ ধৰ্মমূলক যাত্ৰাই আপোনালৈ লাভ কঢ়িয়াই আনিব ৷ পৰিয়ালেও আপোনাক লগ দিব, একেলগে সময় কটাব পাৰিব ৷ শৰীৰ ভাল, ধনৰ দিশো ভাল ৷
- সিংহ ৰাশি : আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব । আজি ইভেন্ট হেণ্ডেলাৰ হʼব ৷ কর্মৰ বাবে দূৰ যাত্ৰা হʼব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
- কন্যা ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ তথাপিও কিছু সময়ত খেলিমেলি হʼব পাৰে ৷
- তুলা ৰাশি : হানিকাৰক আলোচনা নকৰিব, পৰচৰ্চা নকৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ শান্ত হৈ কর্ম কৰিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷
- বৃশ্চিক ৰাশি : আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- ধনু ৰাশি : দুঃচিন্তাৰ কাৰণ হʼব পাৰে ৷ মানসিক অশান্তি, হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
- মকৰ ৰাশি : গ্ৰহৰ স্থান ভাল ৷ দিনটো সুন্দৰ ৷ মনত উদয় হোৱা ধাৰণাক কামত লগোৱাৰ এয়া উচিত সময় ৷ ভাতৃ ভগ্নীৰ পৰা সহযোগ লাভ কৰিব ৷ ধনৰ আগমনৰ বাট মুকলি হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া ৷
- কুম্ভ ৰাশি : অদৰকাৰি আলোচনাত ভাগ লোৱাৰ পৰা আঁতৰত থাকক ৷ পৰিয়ালৰ মাজত থকা অশান্তি হ’ব পাৰে ৷ ধৰ্মৰ কামত সময় আৰু টকা খৰচ কৰিব পাৰে, অলপ চিন্তামুক্ত হ’ব ৷ খাদ্যভাসৰ ওপৰত চকু ৰাখক ৷ স্বাস্থ্যৰ যতন লওক ৷
- মীন ৰাশি : খৰচ বৃদ্ধি ৷ নতুনকৈ কোনো কার্য বা ব্যৱসায় আৰম্ভ নকৰিব ৷ ভাগ্য ভাল ৷

