জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? কি কি কৰিব, কি কি নকৰিব ?
শিক্ষা, স্বাস্থ্য়, গাৰ্হস্থ্য, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব আজিৰ দিনটো... জানো আহক আজিৰ ৰাশিফল ৷

Published : July 2, 2025 at 4:00 AM IST
মেষ ৰাশি : আজি আপুনি নিৰুদ্বিগ্ন প্ৰকাশ কৰিব । আপোনাৰ প্ৰায় ভাল হʼব । বহুতো ব্যক্তি লগত সংযোগ হʼব । নতুন বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব । কঠোৰ পৰিশ্ৰমৰ ফল পাব । ধৈৰ্যশীল হওঁক লাভবান হ’ব ।
বৃষ ৰাশি : কঠিন দিন হʼব পাৰে । কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব । কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে । আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে । কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ।
মিথুন ৰাশি : আপোনাৰ আবেগে যেন আপোনাক পৰাস্ত কৰিব নোৱাৰে, বিশেষকৈ মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত লক্ষ্য ৰাখিব । মহিলাতকৈয়ো আজি আপোনাৰ বাবে অধিক বিপজ্জনক হ’ল পানী । পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক । মদ্যপান নকৰিব বা আপোনাৰ বাবে পিছলৈ ক্ষতিকৰ হ’ব পাৰে এনেকুৱা কোনো কাম নকৰিব । আজি গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব আপুনি । টোপনিৰ ক্ষতি হ’ব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । পৰিয়ালৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব ।
কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব । আজি ৰোমাঞ্চকৰ মন হৈ পৰিব । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব । আপোনাৰ প্ৰায় ভাল আৰু আনন্দময় দিন হʼব । বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত । খৰচ বৃদ্ধি হʼব পাৰে ।
সিংহ ৰাশি : আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব । কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে । বিয়লি সৰু এক যাত্রা হʼব পাৰে । বিয়লি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । প্ৰেমৰ সম্পর্ক ভাল হʼব ।
কন্যা ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব । কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে । প্ৰশংসা লাভ হʼব । নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে । নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব । জীৱনত সফলতা পাব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । প্ৰেমৰ সম্পর্ক ভাল হʼব ।
তুলা ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব । আপোনাৰ খেলিমেলি হʼব পাৰে । কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব । আজি কোনো লাভ বা ক্ষতি নাই । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । আপোনাৰ প্ৰায় ভাল হʼব ।
বৃশ্চিক ৰাশি : জীৱনত প্ৰভাৱ পৰিব, অধ্যয়ন আৰু কাৰ্যভাৰ হʼব । কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ।
ধনু ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে । জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব । বিবাহিতৰ বাবে এইটো দিন ভাল । প্ৰেমৰ সম্পর্ক ভাল হʼব । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব । পৰিয়ালৰ লগত ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব । আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ।
মকৰ ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব । আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব । বিয়া আৰু সংযোগত সফলতা লাভ হʼব ।
কুম্ভ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব । ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব । হতাশ নহʼব, পুনৰ চেষ্টা কৰিব । কঠোৰ পৰিশ্ৰমৰ ফল পাব । ধৈৰ্যশীল হওঁক লাভবান হ’ব । আপোনাৰ কৰ্মজীৱনত অশান্তি হʼব পাৰে ।
মীন ৰাশি : আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ আপুনি যদিহে কবি ,সাহিত্যিক, মূৰ্তিকাৰ বা চিত্ৰশিল্পী হয় তেন্তে নিজৰ যুঁজত নামি পৰক ৷ ব্যবসায়ীসকলৰ নতুন কাম আৰম্ভ কৰাৰ সু সময় আৰু বিদেশৰ লগত ব্যবসায় কৰিব বিচাৰিছে যদি আগবাঢ়ক !ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷

