আজিৰ দিনটো আপোনাৰ কেনে যাব ?
জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? ৰাশিফল চাওক...

Published : December 29, 2024 at 7:20 AM IST
মেষ ৰাশি: নিজৰ কথা-বতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক । খং নকৰিব । নিজৰ শত্ৰুৰ পৰা সাৱধান । ৰহস্যময় বিষয়ে আপোনাক আকৃষ্ট কৰিব । ভ্ৰমণ এৰাই চলক৷ যিমান দূৰ সম্ভৱ, নতুন কাম আজি হাতত নোলোৱায়ে ভাল । আধ্যাত্মিক লাভৰ যোগ আছে । আজি আপুনি মিশ্ৰ ফল পাব ।
বৃষ ৰাশি: আজি দিনটো অনুকূল । শাৰীৰিক অৱস্থা উত্তম থকাৰ লগতে মানসিক অৱস্থাও উত্তম হৈ থাকিব । বন্ধু আৰু পৰিয়ালৰ সৈতে যথেষ্ট সময় কটাব । সামাজিক বৃত্তত আপুনি সফলতা পাব । দূৰ কোনো ঠাইৰ পৰা ভাল খবৰ পাব । দাম্পত্য জীৱন সুখৰ । আজি অপ্ৰত্যাশিত সম্বাদ লাভ হ’ব যেন লাগিছে ।
মিথুন ৰাশি: আজি দিনটো অনুকূল । ঘৰৰ পৰিৱেশ আজি শান্তি আৰু আনন্দপূৰ্ণ । পৰিয়ালত কোনো আনন্দ-উল্লাসপূৰ্ণ অনুষ্ঠানৰ যোগ আছে । আপোনাৰ আজি খৰছ হ’ব কিন্তু কেৱল প্ৰয়োজনতহে । আৰ্থিক লাভৰ সুযোগ আহিব পাৰে । আজি আপুনি সুস্থ-সবল আৰু উদ্যমী হৈ থাকিব আৰু কৰ্মক্ষেত্ৰত সফলতা পাব । বান্ধৱীসকলৰ সৈতে মতবিৰোধ হ’ব পাৰে । ৰৈ থকা কাম আগবাঢ়িব । মূৰ গৰম নকৰিব, নহ’লে ই আপোনাক কামৰ ক্ষতি কৰি দিব । সহকৰ্মীসকলৰ সহযোগিতা পাব । আপুনি নিজৰ প্ৰতিযোগীসকলৰ ওপৰত বিজয় পাব ।
কৰ্কট ৰাশি: সামান্য সতৰ্ক হৈ থাকক । শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি হ’ব পাৰে । মানসিক অস্থিৰতাত ভুগিব আৰু ত্ৰস্ত হৈ থাকিব । বিৰক্তি ভাব থাকিব । পেটৰ সমস্যাই আপোনাক দিগদাৰ দিব পাৰে । অপ্ৰত্যাশিত ব্যয়ৰ বাবে সাজু থাকক । প্ৰিয়জনৰ সৈতে বিবাদৰ ফলত সম্পৰ্ক বেয়া হ’ব পাৰে । ভ্ৰমণ এৰাই চলক । বিড়ম্বনাক এৰাই চলিবলৈ যৌন আকাংক্ষাক নিয়ন্ত্ৰণ কৰক ।
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে অনুকূল দিন অপেক্ষা কৰি আছে । পৰিয়ালৰ লোকৰ সৈতে তৰ্ক-বিতৰ্কৰ ফলত নিৰানন্দময় পৰিৱেশ সৃষ্টি হোৱাৰ আশংকা আছে । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । বিভ্ৰান্তিত ভুগিব আৰু নেতিবাচত চিন্তাই আপোনাক আমনি দি থাকিব । আপোনাৰ মাতৃ অসুস্থ হৈ যাব পাৰে । উদ্বেগ বৃদ্ধি পাব তাৰ ফলত টোপনিৰ ক্ষতি হ’ব । পানী আৰু নাৰীৰপৰা সাৱধান । আপুনি সময়ত ভোজন কৰিব নোৱাৰিব । আপুনি আজি কামক লৈ দুশ্চিন্তাত থাকিব । সম্পত্তি সম্বন্ধীয় বিষয়ত সাৱধান ।
কন্যা ৰাশি: কোনো কাম হাতত লোৱাৰ আগতে দুনাই ভাবক । বন্ধুসকলৰ সৈতে উৎসৱ মুখৰ সময় কটোৱাৰ যোগ । আজি আপুনি অত্যধিক আৱেগিক হৈ থাকিব । আজি আপুনি নিজৰ অন্তৰৰ ঘনিষ্ঠ মানুহক লগ পাব । নিজৰ ভাই-ভনীৰ দ্বাৰা উপকৃত হ’ব পাৰে । আজি আপুনি নিজৰ প্ৰতিযোগীসকলতকৈ আগুৱাই থাকিব । ৰহস্যময় আৰু আধ্যাত্মিক বিষয়ত সফলতা পাব ।
তুলা ৰাশি : আজি কোনো কামত মন নবহিব যেন লাগিছে । আজি গোটেই দিন বিপাঙত থাকিব, গতিকে নতুন কোনো প্ৰকল্পৰ কাম হাতত লোৱাৰপৰা বিৰত থাকক । সহকৰ্মীসকলৰ সৈতে স্বাভাৱিক সম্পৰ্ক বৰ্তাই ৰাখক, কিয়নো তেওঁলোকৰ সৈতে ভুল বুজাবুজি সৃষ্টি হোৱাৰ ফলত আপুনি আৱেগিকভাৱে কষ্ট পাব পাৰে । কোনো চুক্তি আদিত চহী কৰাৰ সময়ত আঁকোৰগোজ হৈ নাথাকিব । ভ্ৰমণৰ দিন পিছুৱাই দিয়ক। আৰ্থিক লাভৰ যোগ আছে । আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিগত সম্পৰ্ক বৰ ভাল নহয় আজি ।
বৃশ্চিক ৰাশি : আজি দিনটো স্বাভাৱিক । আপোনাৰ শৰীৰ-মন তজবজীয়া থাকিব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ পাব । আপুনি হয়তো আজি বন্ধু আৰু পৰিয়ালৰ লোকৰপৰা কোনো উপহাৰ পাব, যাৰ ফলত আপুনি অধিক আনন্দ লাভ কৰিব । প্ৰিয়জনসকলৰ সৈতে সাক্ষাৎ আপোনাৰ বাবে ফলাদায়ক বুলি প্ৰমাণিত হ’ব। সুসংবাদ পাব পাৰে। ভ্ৰমণ সুখদায়ক হ’ব । আপোনাৰ যৌনজীৱন বিস্ময়াভিভূত ধৰণৰ হ’ব পাৰে ।
ধনু ৰাশি : আজি আপুনি সতৰ্ক হৈ থাকক, কিয়নো আজি প্ৰতিকূলতাৰ মুখত পৰিব আপুনি । পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ ভুল বুজাবুজিৰ ফলত আপোনাৰ মন বেয়া হৈ থাকিব পাৰে । আপোনাৰ আগ্ৰাসী স্বাভাৱৰ কাৰণে বিতৰ্কৰ সূত্ৰপাত হ’ব পাৰে । নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক, বিশেষকৈ নিজৰ মুখত লেকাম টানি ৰাখক । আজি আপুনি দুৰ্ঘটনাত পৰিব পাৰে বা অসুস্থ হ’ব পাৰে । ন্যায়ালয় সম্বন্ধীয় বিষয়ত আপুনি আজি লিপ্ত হ’লে সতৰ্ক হৈ থাকিব। অনাৱশ্যক কাম কৰিবলগীয়া হ’লে আপোনাৰ শান্তি বিঘ্নিত হ’ব।
মকৰ ৰাশি: আপুনি সামাজিক কৰ্মৰ দ্বাৰা লাভবান হ’ব । তদুপৰি অন্যান্য আৰু বহুতো ক্ষেত্ৰৰ পৰাও আপুনি লাভবান । আত্মীয়-স্বজনৰ সৈতে সাক্ষাতৰ ফলতো আপুনি লাভবান হ’ব পাৰে । বিবাহপ্ৰাৰ্থাসকলে আজি অলপ অধিক প্ৰয়াস পাব লাগিব । পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। পত্মী আৰু সন্তানৰপৰা সহযোগিতা পাব । শ্বপিঙৰ কাৰণে দিনটো ভাল । শ্বেয়াৰ মাৰ্কেটৰপৰা লাভবান হ’ব পাৰে । স্বামীয়ে স্ত্ৰীৰ বা স্ত্ৰীয়ে স্বামীৰ স্বাস্থ্যৰ বাবে দুশ্চিন্তাত পৰিব পাৰে ।
কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা অনুকূল দিন অপেক্ষা কৰি আছে । আজি আপুনি যিয়ে কৰিব তাতেই সফলতা পাব, আজি আপুনি সপ্তম স্বৰ্গত বিচৰণ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ ভালেই থাকিব, তাৰ বাবে কামত অপাৰ সফলতা পাব পাৰে । অফিচত আপোনাৰ ঊৰ্ধ্বতনসকলে বা আপোনাৰ মুৰব্বীয়ে আপোনাৰ উপৰত আশীৰ্বাদ বৰ্ষণ কৰিব, আপোনাক আজি উদ্বেগমুক্ত কৰি ৰাখিব । সাংসাৰিক জীৱনো আনন্দেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে ।
মীন ৰাশি: কাৰ্যক্ষেত্ৰত শত্ৰুৰে ভৰা দিন । আপোনাৰ সহকৰ্মী, বচ আৰু প্ৰতিযোগিসকলৰ ওপৰত চকু ৰাখক । আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভব কৰিব । এইটো এটা ভাবিব লগা বিষয় । বচে দিয়া কাম এবাৰ নহয় দুবাৰ চাওক । তৰ্ক বিতৰ্কত আৰু আলোচনাত চিধা হওক । ধ্যান কৰি দুঃচিন্তা দূৰ কৰাৰ চিন্তা কৰক । এইবোৰ কৰি আপুনি ভাল আৰু সতেজ অনুভব কৰিব । ব্যবসায়ীসকলে বিশেষ কিছুমান বাধা পাব ।

