ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো...

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? দিনটোৰ ৰাশিফল পঢ়ো আহক...

Daily Horoscope For 28th February 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 6:26 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : ইফালে-সিফালে আজি অ-আমন্ত্ৰিত পৰামর্শ পাব, কিন্তু পৰামর্শবোৰ ভাল হʼব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷ খেলিমেলিও হʼব পাৰে ৷
  2. বৃষ ৰাশি : আৱেগীক চিন্তাধাৰাৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগৰ প্ৰভাৱ জীৱনত পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷
  3. মিথুন ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দুৰ্ভাগ্য হʼব পাৰে ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ খেলিমেলি হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  4. কৰ্কট ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কৰ্ম-ব্যৱসায়ত সফল লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  5. সিংহ ৰাশি : স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে । দাম্পত্য সুখ নাই বুলিয়ে ক’ব পাৰি । সকলো কাম ইমানেই জটিল হৈ পৰিব যে তাক চম্ভালিব পৰাটো টান হ’ব । ৰাজহুৱা ক্ষেত্ৰত এনেকুৱা কোনো কাম নকৰিব, যাৰ বাবে আপোনাৰ বদনাম হ’ব পাৰে । ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে অত্যন্ত সতৰ্ক হৈ থাকক । মামলা-মোকৰ্দমাত নোসোমাব ।
  6. কন্যা ৰাশি : নিজৰ শিল্পী প্ৰতিভাৰ গুণাগুণ ব্যৱহাৰ কৰক ৷ নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক ৷ লক্ষ্য সফল ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
  7. তুলা ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত ভাল ৷
  8. বৃশ্চিক ৰাশি : কর্মত ব্যস্ত থাকিব ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
  9. ধনু ৰাশি : দিন ভাল ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ যদি উপাৰ্জিত ধনখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব । সৌন্দৰ্য চৰ্চা কৰক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷
  10. মকৰ ৰাশি : ধনৰ দিশত শুভ ৷ ঘৰুৱা দিশত এনে নহয়, কাৰণ প্ৰিয়জনৰ পৰা আঘাত পাব পাৰে ৷ গৃহলক্ষ্মীসকলে ঘৰৰ বাহিৰটো তেওঁলোকৰ কাম কৰাৰ ক্ষমতা দেখুৱাব পাৰিব ৷ পঢ়া শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয় ৷ একে সময়তে স্বাস্থ্যও ভালে নাযাব ৷
  11. কুম্ভ ৰাশি : দিনটো প্ৰায় ভাল ৷ আনন্দময় হʼব ৷ অৱশ্যে কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ সফল হʼব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
  12. মীন ৰাশি : দিনটো মধ্যমীয়া ৷ ইয়াৰ প্ৰভাৱ কাৰ্ম-ব্যৱসায়ত পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷