তুলা ৰাশি আইনী কামত সাৱধান, মীন ৰাশিৰ শ্বেয়াৰ বজাৰত লাভৰ দিন, বৃষ ৰাশিয়ে ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনা কৰিব...আৰু জানিবলৈ পঢ়ক আজিৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Published : March 26, 2025 at 7:21 AM IST
মেষ ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
বৃষ ৰাশি : ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনাত ব্যস্ত থাকিব পাৰে । আপোনাৰ উদ্ভাৱনী ধাৰণা আৰু উন্নত প্ৰযুক্তিয়ে আপোনাৰ ব্যৱসায়ক বাঞ্চিত পৰিণাম দিব । তথাপিও, সকলো ঠিকে ঠাকে যাবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ব । ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ’ব পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা প্ৰভাম্বিত হ’ব; পদোন্নতিৰ আশা কৰিব পাৰে । পিতৃ তথা বয়োজেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।
মিথুন ৰাশি : সতৰ্ক হোৱা উচিত ৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ বৈবাহিত জীৱন আনন্দৰ হʼব ৷
কৰ্কট ৰাশি : ভোজ, সুস্বাদ্যু আহাৰ, উদ্যাপন, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথা বতৰাই আপোনাক সম্পূৰ্ণ দিন ব্যস্ত ৰাখিব । আপুনি আনন্দ উপভোগ কৰিব আৰু নতুন ব্যৱসায়িক জোঁট-বন্ধনৰ চিন্তা কৰিব পাৰে । প্ৰথমে অপেক্ষা কৰক আৰু চাওক । লগতে, এই ফলদায়ী সময়ৰ পৰা শ্ৰেষ্ঠ লাভ কৰিবৰ বাবে, অংশীদাৰসকলৰ লগত সম্পৰ্কক উন্নত কৰাৰ বাবে আৰু নিজৰ মূলধন সংৰক্ষিত ৰাখিবৰ বাবে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব, তথাপিও যত্নবান হওক । আপোনাৰ মনত ভ্ৰমণৰ কথা আহিব পাৰে ।
সিংহ ৰাশি : আৰ্থিক সম্পদৰ আয়োজন কৰিবলৈ আৰু ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন । ব্যৱসায়ীৰ বাবে, আপোনাৰ টীম, বিশেষভাৱে আপোনাৰ কনিষ্ঠ আৰু অধীনস্থসকলে লাভ কৰোৱাৰ সম্ভাৱনা আছে । বিনিয়োগ আৰু ব্যাসৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব । আৰ্থিক সংকটত ই আপোনাৰ সহায় কৰিব । নিকটৱৰ্তী বন্ধুৰ লগত ফুৰিবলৈ যাওক, বজাৰ কৰক, খাওক আৰু আনন্দ কৰি উদযাপন কৰক ।
কন্যা ৰাশি : নতুন আৰু ষ্টাইলিচ পোছক ক্ৰয় কৰিবলৈ আপুনি উৎসাহিত অনুভৱ কৰিব । শিল্পজাত বস্তু আৰু কলাকৃতি সৃষ্টিৰ বাবে প্ৰেৰণা পাব । ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব । কৰ্মস্থলীত প্ৰতিদ্বন্দ্বীসকলতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ’ব । এটা অতি সুন্দৰ দিন ।
তুলা ৰাশি : এটা সাধাৰণ দিন । পৰিপক্ক হওক আৰু পৰিয়ালৰ সৰু সৰু বিবাদক এৰাই চলক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে । সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক । গান শুনি বা গাই কোনো সৃষ্টিমূলক কামত জড়িত হ’ব পাৰে । শিক্ষাৰ্থীসকলে এটা ফলদায়ক সময় উপভোগ কৰিব ।
বৃশ্চিক ৰাশি : আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলি কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ খৰচ বৃদ্ধি হʼব পাৰে ৷
ধনু ৰাশি : আপোনাৰ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ আপোনাৰ কাষৰীয়া লোকসকলে আৰাম কৰিব, আপুনি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
মকৰ ৰাশি : আজি আপুনি নিজৰ জীৱন-যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ আপোনাৰ আজি ভাগ-বতৰা কৰিব ইচ্ছা নহʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ বিবাহিত বাবে এইটো দিন শুভ ৷
কুম্ভ ৰাশি : টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে ৷ অনাৰ্থক খৰচ-পাতি হʼব পাৰে ৷ কার্য-ব্যৱসায়ত, পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্কৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷
মীন ৰাশি : শ্বেয়াৰ আদিত কৰা নিবেশৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা । কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ’ব । ঘৰুৱা পৰিবেশো শান্ত আৰু উৎসাহজনক হৈ থাকিব । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক । সন্ধিয়াবেলা, উদ্বিগ্নতা হ’ব পাৰে, অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে । ধৰ্মীয় কাৰ্যকলাপ, ৰীতি-নীতি আদিতো ব্যয় হ’ব পাৰে । সতৰ্কতাৰে চলক ।

