ETV Bharat / state

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 24, 2025 at 3:52 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ ভালপোৱা প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ৷ পৰিয়ালৰ লগত ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷

বৃষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কক মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ হʼব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷

কৰ্কট ৰাশি : আজি জীৱনৰ গুৰুত্বপূৰ্ণ দিন ৷ বিপদাশঙ্কা কৰ্মক সহজে সম্পন্ন কৰিব ৷ নিজৰ ওপৰত আশ্বাস ভাৰসা নিশ্চয়তা লক্ষ্য সফল হয় ৷ আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷

সিংহ ৰাশি : ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব । ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । ভাতৃ-ভগ্নীৰ পৰা বহুত সাহায্য পাব । প্ৰত্যেক সম্পৰ্কত আবেগিক গভীৰতা আপুনি উপলব্ধি কৰিব । ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে । আজি আপুনি নিজক উদ্বেগমুক্ত অনুভৱ কৰিব আৰু আজি যিয়ে কৰিব তাতেই সফলতা পাব ।

কন্যা ৰাশি : আজি আপোনাৰ সক্ৰিয় দিন হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷ আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত আৰু প্ৰেম সম্পর্কত মনোযোগ দিব ৷

তুলা ৰাশি : আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে । আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ।

বৃশ্চিক ৰাশি : যুৱক-যুৱতীৰ লগত ভাল দিন হʼব ৷ আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷

ধনু ৰাশি : আজি দিনটো আপোনাৰ খৰচ বৃদ্ধি হʼব পাৰে ৷ খৰচ সাৱধানে কৰিব ৷ পইচা জমা কৰক ৷ আপোনাৰ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ গ্ৰহ-নক্ষত্ৰবোৰ ঈশ্বৰৰ মহিমাত ভাল ৷ কর্ম ব্যৱসায়ত ভাল লক্ষ্য সফল হʼব ৷

মকৰ ৰাশি : প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷

কুম্ভ ৰাশি : এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক ৷ অন্যথা আপুনি দুৰ্বল আৰু কম কাৰ্যক্ষম অনুভব কৰিব , তাৰ ফল আপুনি মানসিক ভাবে উপলব্ধি কৰিব ৷ ওপৰৰ অফিচাৰ বা প্ৰতিদ্বন্দ্বীৰ পৰা সাৱধানে আঁতৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব ৷ সন্তানৰ বাবে উদ্বিগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহু দিনৰ পৰা প্ৰতীক্ষা কৰি থকা খবৰ আহিব পাৰে ৷ এই সকলোৰ বাদ দি আপুনি অলপ সময় উলিয়াই পৰিয়ালৰ লগত সময় কটাওক আৰু আনন্দ কৰক, সৰু-সুৰা ভ্ৰমণত যাব পাৰে ৷

মীন ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতী পাব ৷ আপুনি এবাৰ লক্ষ্য ৰখাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷