মেষ: আজি কোনো সামাজিক কামত আপুনি জড়িত হৈ পৰিব পাৰে ৷ বন্ধু-বান্ধৱৰ সৈতে দিনটো ভালেৰে পাৰ হ'ব ৷ বন্ধুবৰ্গৰ সৈতে হয়তো আপোনাৰ ধন ব্যয় হ'ব পাৰে ৷ অৱশ্যে তাৰ ফলত আপোনাৰ লাভো হ'ব ৷ ব্যৱসায়ত লাভ হ'ব ৷ বিনিয়োগৰ চিন্তাও কৰিব পাৰে ৷
বৃষ: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ বিশেষকৈ ব্যৱসায়ীসকলৰ ৷ চাকৰিত পদোন্নতিৰ যোগ আছে ৷ পাৰিবাৰিক জীৱনো সুখদায়ক হ'ব ৷ বন্ধুৰ সান্নিধ্যই আনন্দ দিব ৷ আজি আপুনি ৰোমান্তিক মেজাজত থাকিব পাৰে ৷
মিথুন: কোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে শুভ নহয় ৷ শৰীৰ ভাগৰুৱা হৈ থকাৰ বাবে কোনো কামতে মন নবহিব পাৰে ৷ পেট সংক্ৰান্তীয় কোনো ৰোগত ভূগিব পাৰে ৷ আপোনাৰ উৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কামত আজি ক্ষুন্ন হ'ব পাৰে ৷ ব্যয় বাঢ়িব ৷
কৰ্কট: কিছুমান নেতিবাচক চিন্তাই আজি আপোনাক প্ৰভাৱিত কৰি ৰাখিব ৷ নিজৰ ওপৰত সংযম ৰাখক ৷ খোৱা-বোৱাত ধ্যান ৰাখক ৷ পাৰিবাৰিক সংঘাত হ'ব পাৰে ৷ খৰচো বাঢ়িব পাৰে আজিৰ দিনটোত ৷ আৱশ্যে দুপৰীয়াৰ পিছৰ পৰা সময় ভাল হ'ব ৷
সিংহ: আজিৰ দিনটো আপুনি প্ৰফুল্লিত হৈ থাকিব ৷ ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ কিন্তু পাৰিবাৰিক বিষয়ত আপোনাৰ ব্যৱহাৰ উদাসীন পৰিলক্ষিত হ'ব ৷ নতুন কাৰোবাৰ সৈতে পৰিচয় হ'লে সেয়া আপোনাৰ বাবে বৰ এটা আনন্দদায়ক নহ'বও পাৰে ৷
কন্যা: শৰীৰ আৰু মন দুয়োটাই আজি আপোনাৰ ভালে থাকিব ৷ ঘৰখনত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব ৷ আৰ্থিক লাভৰ যোগ ৷ ব্যৱসায়তো সাফল্য ৷ আপোনাৰ অধীনস্থ বা একেলগে কাম কৰাসকলৰ পৰা সহযোগিতা পাব ৷ বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷
তুলা: আপোনাৰ কল্পনা আৰু সৃজনীশক্তি আজি ব্যৱহাৰ কৰিব পাৰে ৷ সন্তানৰ পৰা সুখপ্ৰাপ্তি ৷ শৰীৰ-মন দুয়োটাই প্ৰফুল্লিত হৈ থাকিব ৷ অৱশ্যে কিছুমান কাম সময়ত হৈ নুঠা বাবে অশান্তি পাব পাৰে ৷ কাৰোবাৰ সৈতে বৌদ্ধিক আলোচনাত মিলিত হ'ব পাৰে ৷
বৃশ্চিক: শান্তিপূৰ্ণভাৱে পাৰ কৰাৰ চেষ্টা কৰক আজিৰ দিনটো ৷ প্ৰিয়জনৰ সৈতে কিছুমান কথাত মতভেদ হ'ব পাৰে ৷ পানী বা নৈ আদিৰ পৰা অলপ সাৱধানে থাকক ৷ চৰকাৰী কাম কৰাৰ ক্ষেত্ৰত এলাহ নকৰিব ৷ পৰিয়ালৰ সৈতে বিবাদ হ'ব পাৰে ৷
ধনু: আধ্যাত্মিক চিন্তাৰ প্ৰতি আজি আপুনি আকৰ্ষিত হ'ব পাৰে ৷ নতুন কিবা কাম আৰম্ভ কৰিব খুজিলে আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আত্মীয়ৰ আগমন ঘটিব পাৰে ৷ প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব ৷ ভ্ৰমণো হ'ব পাৰে আজি ৷
মকৰ: পৰিয়ালৰ সদস্যৰ সৈতে কিছু কথাত মতানৈক্য হ'ব পাৰে ৷ নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক ৷ অনৰ্থক ধন ব্যয় হ'ব পাৰে ৷ স্বাস্থ্য মধ্য়ম ৷ চকুৰ সমস্যা হ'ব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো স্বাভাৱিক ৷ বন্ধুবৰ্গৰ সৈতে অনৰ্থক ধন ব্য়য় হ'ব পাৰে ৷ নতুন বিনিয়োগৰ চিন্তা নকৰিব ৷
কুম্ভ: শাৰিৰীক আৰু মানসিকভাৱে আজি আপুনি উৎসাহিত হৈ থাকিব ৷ আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক এটা দিন ৷ আত্মীয় বা বন্ধুবৰ্গৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ আধ্য়াত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব ৷ দাম্পত্য জীৱন সুখৰ হ'ব ৷
মীন: আজিৰ দিনটোত লোভ আৰু প্ৰলোভনৰ পৰা আতৰি থাকক ৷ আৰ্থিক বিষয়বোৰত সাৱধানতাৰে সিদ্ধান্ত লওক ৷ স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠেও অৱহেলা নকৰিব ৷ কোনো ধাৰ্মিক কামকাজত আজি আপোনাৰ ধন ব্যয় হ'ব পাৰে ৷ বাহিৰত খোৱা-বোৱা কৰোতে সাৱধান হওক ৷