ETV Bharat / state

কঠোৰ পৰিশ্ৰমৰ মাজতে আনন্দিত হ’ব বৃষ ৰাশিৰ লোক, সিংহ ৰাশিৰ লোকৰ প্ৰশংসা লাভ… আৰু কি আছে জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
দৈনিক ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 4:52 AM IST

4 Min Read
Choose ETV Bharat

মেষ ৰাশি: নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন নাইবা কর্মত ব্যস্ত হৈ পৰিব আৰু কৰ্মব্যস্ততাৰ বাবে ভাগৰি পৰিব ৷ নিৰুৎসাহিত হৈ পৰাৰ সম্ভাৱনা ৷

বৃষ ৰাশি: কঠোৰ পৰিশ্ৰমৰ মাজতে আনন্দিত হ’ব ৷ সুফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ নিজৰ প্ৰতিভা, শিল্পীৰ গুণাগুণ ব্যৱহাৰ কৰিব ৷ গান গোৱা, কবিতা আবৃত্তি কৰা, নাচিবলৈ আৰম্ভ কৰিলে আপুনি প্ৰায় সফল হʼব ৷

মিথুন ৰাশি: কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্রা হʼব পাৰে ৷ আবেলি কার্য-কর্ম এৰি আৰাম কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্কত ভালেই ৷ পৰিয়ালৰ বাবে কৰা সহায়ে সুফল দিব ৷

কৰ্কট ৰাশি: কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত কথা, পৰচৰ্চাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ।

সিংহ ৰাশি: আপুনি নিবিচৰাকৈয়ে সু-পৰামৰ্শ পোৱাৰ সম্ভাৱনা ৷ কঠোৰ পৰিশ্ৰমৰ মাজতে আনন্দিত হ’ব ৷ সত্যৰ সুফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ উন্নত চিন্তাধাৰা ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভালদৰেই পাৰ হʼব ৷ ব্যস্ত কৰ্মসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ টকা-পইচাৰ খৰচ বৃদ্ধি হ’ব পাৰে ৷ ব্যয়ত সাৱধান ৷ ধন জমা কৰক ৷

কন্যা ৰাশি: গোটেই দিনটো এলাহভাৱে আপোনাৰ লগ নেৰিব ৷ এটা সাধাৰণ দিন ৷ মূৰৰ বিষ, উদ্বিগ্নতা আদিত ভোগাৰ লগতে মাতৃৰ শৰীৰক লৈ চিন্তা ৷ প্ৰিয়জনৰ লগত সৰু সৰু কথাত তৰ্ক-বিতৰ্কই আপোনাৰ মনক অসন্তুষ্টি দিব ৷ পানীত থকা জীৱ আৰু আৰু অচিনাকী মহিলাৰ পৰা আঁতৰি থাকক ৷ আইনী কাগজপত্ৰ বা মাটি সম্পত্তিৰ ক্ষেত্ৰত সাৱধানে কাম হাতত লওক ৷

তুলা ৰাশি: নতুনৰ আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তোষ পূৰ্ণ কৰাত সহায়ক হ’ব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা সুতত লাভ কৰিব ৷ শত্ৰুৰ বিৰুদ্ধে বিজয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

বৃশ্চিক ৰাশি: শিক্ষার্থীৰ অধ্যয়ন ভাল ৷ অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ সম্ভাৱনা ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷

ধনু ৰাশি: ধনৰ আগমন ঘটিব আৰু আপোনাক দিয়া কাৰ্য সঠিক সময়ত পুৰা কৰিব পাৰিব ৷ ভ্ৰমণ বিশেষকৈ ভক্তিমূলক ভ্ৰমণ শুভ হ’ব ৷ ভাতৃৰ ঘৰ বা প্ৰিয়জনৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত ভাগ ল’ব পাৰিব ৷ তেওঁলোকক লগ পাই আনন্দ অনুভৱ কৰিব ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ সুখাদ্য আৰু সুন্দৰ মনে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ ভাল কাম কৰিবলৈ কোনো কথাতে পিছ হুঁহকি নাহিব ৷

মকৰ ৰাশি: পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷ আপোনাৰ খং-ৰাগৰ কাৰণে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকি কর্ম কৰক ৷

কুম্ভ ৰাশি: নতুন বৈদেশিক শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছাপ্ৰকাশ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

মীন ৰাশি: দিনটোৰ আৰম্ভণিত কৰ্মজীৱনৰ কাৰণে মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷