মীন ৰাশিত আছে ব্যৱসায় বিস্তাৰৰ যোগ, কৰ্কট ৰাশিৰ বাবে প্রিয় দিন… কি কি আছে আজিৰ ৰাশিফলত
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল ৷

Published : April 20, 2025 at 5:21 AM IST
মেষ ৰাশি: বিপদৰ আশংকা থকা কৰ্ম্ম সহজে সম্পন্ন কৰিব ৷ তথাপিও আপোনাৰ আলোচনা পৰচৰ্চ্চালৈ ৰূপান্তৰিত হ’ব পাৰে ৷ যাৰ প্ৰভাৱ কৰ্মজীৱনত পৰিব পাৰে ৷ নিন্দা তথা নিৰুৎসাহ, পৰচৰ্চ্চাৰ পৰা আঁতৰি থকা উচিত ৷ আপুনি বিফল নহৈ সফল হ’ব ৷
বৃষ ৰাশি: আপুনি অধিক সংবেদনশীলৰ লগতে অস্থিৰ হৈ থকাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰতিক্ৰিয়া পেলাব পাৰে । আপোনাৰ মনৰ পৰিৱৰ্তনে সম্পৰ্ক নষ্ট কৰিব পাৰে, মনক নিয়ন্ত্ৰণ কৰক আৰু কথা কওতে লক্ষ্য দিয়ক । কৰ্মস্থলীত বাধাৰ সন্মুখীন হ’ব পাৰে, আজিৰ দিনটোত নতুন কাম নকৰাই ভাল ৷ জ্যেষ্ঠ, সহকৰ্মী বা বিৰোধীৰ লগত বিবাদত লিপ্ত নহ’ব । আপোনাৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাত অলপ পলম হ’ব পাৰে, ধৈৰ্য ধৰক । ধ্যান, সাধনাই আপোনাক কিছু অৱকাশ দিব ৷
মিথুন ৰাশি: আজিৰ দিনটো চিন্তামুক্ত হোৱাৰ লগতে আনন্দ কৰাৰ সময় । আপোনাক আনন্দ দিয়া বিভিন্ন কামত অংশগ্ৰহণৰ সম্ভাৱনা, যেনে- বজাৰ কৰা, খোৱা, ৰোমাঞ্চকৰ খেল আৰু আনন্দ উপভোগ কৰা আন কেতবোৰ কাম কৰক । সন্ধিয়ালৈ আবেগিক হৈ থাকিব, যি আপোনাক চিন্তিত আৰু বিৰক্ত কৰিব পাৰে । অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । আৰ্থিক ব্যয়ৰ সম্ভাৱনা ৷ যোগাসনে আপোনাক শান্ত কৰাৰ লগতে অপ্ৰত্যাশিত পৰিস্থিতি চম্ভালিবলৈ সাহস প্ৰদান কৰিব ।
কৰ্কট ৰাশি: প্রিয় দিন হোৱাৰ সম্ভাৱনা ৷ ব্যৱসায়, বন্ধুবৰ্গ, কার্যত সফলতা লাভ ৷ আমদানি-ৰপ্তানিত সফল হʼব, লাভ হʼব ৷ ধন ৰাহি, খৰচ মোটামুটি ঠিকেই ৷ কৰ্মজীৱনত ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা ৷ পদোন্নতি লাভৰ যোগ ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷
সিংহ ৰাশি: আপোনাৰ দিন প্ৰায় ভাল, সফল হʼব ৷ ব্যৱসায়, বন্ধুবৰ্গ, কার্যত সফলতা লাভ ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাই মংগল ৷ ব্যৱসায়ীসকলৰ লক্ষ্য সঠিক হ’লে সফলতা লাভৰ সম্ভাৱনা ৷
কন্যা ৰাশি: বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব ৷ আনন্দময় দিন ৷ টকা-পইচা সাৱধানে খৰচ কৰিব ৷ জধে-মধে বহুতো বজাৰ কৰিব পাৰে ৷
তুলা ৰাশি: আনন্দময় দিন ৷ পৰিয়ালৰ লগত সু-সম্পর্ক স্থাপন ৷ বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব ৷ সন্তানৰ মন ভালে ৰখাত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্কত ভাল ৷ সন্ধিয়ালৈ আশাৰ সঞ্চাৰ হোৱাৰ সম্ভাৱনা ৷
বৃশ্চিক ৰাশি: নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ কর্মত প্রতিযোগিতা হোৱাৰ সম্ভাৱনা, কিন্তু বিফল হʼব ৷ পৰচৰ্চ্চাৰ পৰা আঁতৰি থকা উচিত ৷ সুফল লাভ ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷
ধনু ৰাশি: কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ তথাপিও আপুনি প্ৰায় সফল হʼব ৷ কর্ম প্রতিযোগিতাত বিফল হোৱাৰ সম্ভাৱনাই অধিক ৷ মনোযোগ দিব ৷
মকৰ ৰাশি: দিনটোৰ প্ৰথমভাগত আপুনি আক্ৰমণাত্মক আৰু বিৰক্ত হৈ থাকিব । আপোনাৰ মনৰ পৰিৱৰ্তনক লক্ষ্য কৰক, ব্যক্তিগত সম্পৰ্কত আঘাত হানিব পাৰে । প্ৰিয়জনৰ লগত বিবাদত লিপ্ত হ’ব পাৰে আৰু কাৰোবাক আহত কৰিব পাৰে । এনে পৰিস্থিতি এৰাই চলিবৰ বাবে মনে মনে থাকিবৰ চেষ্টা কৰক আৰু ধ্যান সাধনা কৰক ৷ ই আপোনাৰ মনত শান্তি দিব । দিনটোৰ দ্বিতীয়ভাগত পৰিস্থিতি উন্নত হ’ব । ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দময় ৷ বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব । সন্ধিয়া কোনো শুভ অনুষ্ঠানত উপস্থিত থাকিব পাৰে ।
কুম্ভ ৰাশি: আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আত্মকেন্দ্ৰিক হোৱাৰ সম্ভাৱনা ৷ প্রিয় দিন ৷ প্ৰেমৰ সম্পর্কত ভাল ৷ নিজৰ ওপৰত আস্থা ৰাখিলে লক্ষ্যত সফল হ’ব ৷
মীন ৰাশি: এটা আনন্দময় দিনৰ সম্ভাৱনা ৷ ব্যৱসায় বিস্তাৰ হোৱাৰ লগতে বিভিন্ন স্থানলৈ লৈ যোৱাৰ সম্ভাৱনা ৷ কামৰ দ্বাৰা জ্যেষ্ঠসকল সন্তুষ্ট হ’ব ৷ লাভ আৰু আয় বৃদ্ধি ৷ পিতৃ আৰু অন্য বয়োজেষ্ঠসকলৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ক । বৰ্তমানৰ আনন্দময় সময় উপভোগ কৰক । দান বা অনুদান প্ৰদান কৰি আপোনাৰ দিনটোৰ অন্ত পেলাওক ।

