ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো...

জ্যোতিষশাস্ত্ৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া, জানি লওক আজিৰ ৰাশিফলৰ জৰিয়তে...

Daily Horoscope for 18th January 2025
আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 18, 2025 at 6:40 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ সুস্থিৰ মগজু আৰু সাৱধানেৰে সিদ্ধান্ত ল’ব ৷ এলেহুৱা আনুভৱ হ’ব ৷ ইয়াৰ প্ৰভাৱ কামত পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ স্বাস্থ্যৰ যত্ন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷

বৃষ ৰাশি : দিনটো প্ৰায় ভাল ৷ কিন্তু সতৰ্ক হৈ থকাটো ভাল ৷ ভাল অভ্যাস গঢ় দিয়ক ৷

মিথুন ৰাশি : দিনটো প্ৰায় ভাল ৷ যুক্তি আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অন্যথা বিপদত পৰিব পাৰে ৷ দিনটো কিছু খেলিমেলিও হʼব পাৰে ৷ ভাল কৰ্ম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ ভাল সুযোগ লাভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধি ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ আৰ্থিক সমস্যা হ’ব পাৰে ৷ আজি কেৱল নিজৰ মনৰ কথা শুনিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷

কন্যা ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ দিনটো আনন্দময় হʼব ৷ আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কৰ্ম কৰক ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ যত্ন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কামত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷

ধনু ৰাশি : দিনটো শুভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ শান্ত হৈ কৰ্ম কৰক ৷ দিনটো কিছু খেলিমেলি হʼব পাৰে বা নিৰ্ণয় লোৱাত অসুবিধা হ’ব পাৰে ৷

মকৰ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ সহনশীলতা আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ প্ৰশংসা লাভ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ বন্ধুৰ লগত পাৰ্টী হ’ব পাৰে ৷

মীন ৰাশি : দিনটো শুভ ৷ নাম আৰু সুনাম বৃদ্ধি ৷ ব্যৱসায়ত সফল ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷ বন্ধু-বৰ্গৰ লগত সৰু ভ্ৰমণৰ যোগ ৷