মেষ ৰাশি : নিজৰ কামত মন দিয়ক ৷ অবৈধ বা অনৈতিক কামৰ পৰা আঁতৰি থাকক । কৰ্মস্থলীৰ পৰিৱেশ অলপ অনুপযুক্ত যেন অনুভৱ হ’ব পাৰে; জ্যেষ্ঠসকলে আপোনাৰ সিদ্ধান্তক সমৰ্থন নকৰিবও পাৰে । প্ৰজেক্ট সম্পূৰ্ণ কৰাত পলম হ’ব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷ এটা সৰু আঘাতে ডাঙৰ ক্ষতি কৰিব পাৰে ৷ পথৰ দাঁতিৰ আহাৰ গ্ৰহণ নকৰিব ৷ পাচন তন্ত্ৰৰ সমস্যা হোৱা সম্ভাৱনা ৷
বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ আজি মনৰ ইচ্ছা ভাগ-বতৰা কৰিব ইচ্ছা নহʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷
মিথুন ৰাশি : দিনটো শুভ ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত দিনটো উদযাপন কৰক ৷ কাৰ্যালয়ৰ পৰিৱেশো ভাল ৷ সহকৰ্মীসকলৰ পৰা সহায় পাব ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ অৱশ্যে পেটৰ অসুখ হ’ব পাৰে ৷ বাহিৰত খাদ্য গ্ৰহণ নকৰিব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি ৷ কাৰ্যালয়ত বন্ধুত্বপূৰ্ণ পৰিৱেশ থাকিব, সহকৰ্মীসকলৰ পৰাও সহায় পাব । অসম্পূৰ্ণ কাম সমাপ্ত কৰিব পাৰিব ।
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ সফলতা লাভ কৰিব ৷ মানসিক অস্থিৰতা, চিকিত্সাগত অসুস্থতা আৰু অস্থিৰ সম্পৰ্কৰ বিৰুদ্ধে নিজকে সুৰক্ষিত কৰক । ইতিবাচক চিন্তা কৰক ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ বিনিয়োগত লোকচান হ’ব পাৰে । তথাপিও ভৱিষ্যতত বিনিয়োগৰ পৰিকল্পনা কৰিবৰ বাবে এটা ভাল দিন । বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আতঁৰত থাকক ।
কন্যা ৰাশি : দিনটোৰ প্ৰথম ভাগত গ্ৰহসমূহ আপোনাৰ পক্ষত দেখা যা । প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ দিনটোৰ পিছত ভাগত অলপ সতৰ্ক হোৱা উচিত ৷ যিহেতু আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমস্যা হ’ব পাৰে ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদ হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে ৷ পানীৰ পৰা আঁতৰত থাকক ।
তুলা ৰাশি : দিনটোৰ আৰম্ভণি বহুত ভালধৰণেৰে নহ’বও পাৰে, কিন্তু দুপৰীয়াৰ পিছত সকলো ঠিক হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটি ক্লান্তি, উদ্বেগ আৰু নেতিবাচক মনোভাৱ হ’ব পাৰে ৷ যোগাসন বা ধ্যান কৰি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ আক্ৰমণাত্মক প্ৰবৃত্তিয়ে আপোনাক দমন কৰিব পাৰে আৰু ঘৰ আৰু কাৰ্যালয়ত জটিলতাৰ সৃষ্টি কৰিব পাৰে । সন্ধ্যা ঘৰত এটা সুন্দৰ পৰিৱেশ লাভ কৰাৰ সম্ভাৱনা আছে ৷ নতুন প্ৰকল্প আৰু কাম আৰম্ভ কৰিব পাৰে ।
বৃশ্চিক ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে, বিশৃংখলতা হ’ব পাৰে । নিৰ্ণয় লওতে খেলিমেলি হ’ব পাৰে ৷ নতুন পৰিকল্পনা নকৰিব ৷
ধনু ৰাশি : দিনটো সমস্যাৰে জৰ্জৰিত হ’ব যদিও, সন্ধ্যাটো অতি সুবিধাজনক হ’ব । দ্ৰুতগতিত গাড়ী নচলাব, দুঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। অস্ত্ৰোপাচাৰ এৰাই চলক । বিনোদনত ব্যয় বৃদ্ধি হ’ব ৷ মধ্যাহ্নৰ পিছত ঘৰৰ পৰিৱেশ প্ৰতিকূল হ’ব ৷ স্বাস্থ্যৰো উন্নতি ঘটিব ।
মকৰ ৰাশি : পেচাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ফলপ্ৰসূ হ’ব । দুপৰীয়ালৈকে ঘৰুৱা পৰিৱেশ আনন্দদায়ক আৰু আৰামদায়ক হৈ থাকিব । দুপৰীয়াৰ পিছত, কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে । পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব পাৰে ৷ ব্যয়ক সীমিতি কৰক ৷ সন্মান হানি কৰিব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক ।
কুম্ভ ৰাশি : সকলো দিশতেই ফলদায়ক পৰিণাম লাভ কৰিব । পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসাৰ সম্ভাৱনা আছে । স্বাস্থ্যও অতি উত্তম স্থিতিত থাকিব । বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত পিকনিক বা প্ৰমোদ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ উত্তম সময় ৷ গাৰ্হস্থ্য দিশত সুখদায়ক আৰু আৰামদায়ক হ’ব ৷ পৰিয়ালৰ লোকসকলেও আপোনাক সংগ দিব ।
মীন ৰাশি : লিখা-মেলা বা বৌদ্ধিক আলোচনা আৰু কামত লিপ্ত হৈ সৃষ্টিশীল আৰু বিশেষণাত্মক কাৰ্য কৰাৰ বাবে এটা উত্তম দিন । আপুনি অধিগ্ৰহণ কৰা যিকোনো কামতে সফলতা লাভ কৰিব । আৰ্থিক লাভৰ সম্ভাৱনা আছে । শাৰীৰিক অৱনতি ঘটিব পাৰে ৷ কিন্তু সৌহাৰ্দপূৰ্ণ আৰু সুখদায়ক ঘৰুৱা পৰিৱেশত অতি সহজেই সুস্থ অনুভৱ কৰিব । বিদেশত বাস কৰা সম্পৰ্কীয় লোকৰ পৰাও ভাল খবৰ অহাৰ আশা আছে ।