মেষ ৰাশি: আপোনাৰ চাৰিওফালৰ পৰিৱেশক নান্দনিকভাৱে অধিক উন্নত কৰক ৷ নাৰীৰ পৰা বিশেষকৈ মাতৃৰ পৰা প্ৰশংসা পাব ৷
বৃষ ৰাশি: কামৰ বাবে বিদেশত থকা বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা ইতিবাচক খবৰ পাব । যিসকলে বিদেশত গৈ পঢ়াশুনা কৰিব বিচাৰে তেওঁলোকৰ কাৰণে সময় অনুকূল । তীৰ্থযাত্ৰা বা ছুটী কটোৱাৰ ক্ষেত্ৰত ভ্ৰমণৰ যোগ । বিনিয়োগৰ কাৰণেও সময় অনুকূল ।
মিথুন ৰাশি: হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিজৰ জীৱন-যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷ লক্ষ্যত সফল ৷
কৰ্কট ৰাশি: বিলাসিতা, বৈভৱ আৰু জীৱনৰ আটাইবোৰ ভাল বস্তুৱে আজি আপোনাক আনন্দ দিব । বৃত্তিমূলক আৰু আৰ্থিক সকলো দিশৰ কাৰণে আজিৰ দিনটো বৰ সৌভাগ্যশালী । ধন বৃদ্ধি আৰু ব্যৱসায়ত উন্নতি ৷ শাৰীৰিক আৰু মানসিকভাৱে স্থিৰতা আৰু সক্ৰিয়তা অনুভৱ কৰিব ৷ সামাজিক মৰ্যদা লাভ ৷
সিংহ ৰাশি: খং নিয়ন্ত্ৰণ কৰক ৷ দিনটো মধ্যমীয়া ৷ শান্তভাৱে দিনটো পাৰ হ’ব ৷ কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব । কিন্তু অপ্ৰত্যাশিত একো ঘটনা নঘটে । দৈনন্দিন কাম-কাজত সংঘাত আৰু বিবাদ এৰাই চলিব ৷
কন্যা ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় ৷ মানসিক অশান্তি হ’ব পাৰে ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাৱধান ৷
তুলা ৰাশি: নিজৰ আবেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ নকৰিব ৷ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া হৈ থাকিব ৷ সামগ্ৰিকভাৱে ক’ব গ’লে বৰ্তমান গ্ৰহৰ স্থান প্ৰতিকূল নহয় ।
বৃশ্চিক ৰাশি: ভাগ্য ভাল ৷ ধনাগমনৰ দিশ শুভ ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা সুন্দৰ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে, আনন্দপূৰ্ণ হ’ব ৷
ধনু ৰাশি: দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷
মকৰ ৰাশি: সৰু-সুৰা দুৰ্ঘটনা আৰু মানসিক অশান্তিয়ে সমগ্ৰ দিন আগুৰি থাকিব ৷ খৰচৰ মাত্ৰা বৃদ্ধি ৷ ভ্ৰমণৰ যোগ ৷
কুম্ভ ৰাশি: আজি প্ৰায় ভাল হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷
মীন ৰাশি: কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ আজি বিপদৰ আশংকা নাই ৷ দিনটো প্ৰায় ভাল ৷ সৰু যাত্রা বা ভ্রমণ হʼব পাৰে ৷ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ সাজ-পোছাক কিনিব ৷