ETV Bharat / state

কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব মকৰ ৰাশিৰ লোকে, সিংহ ৰাশিৰ লোকে লাভ কৰিব প্ৰশংসা… আৰু কি কি আছে দিনটোৰ ৰাশিফলত

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 12, 2025 at 5:00 AM IST

4 Min Read
Choose ETV Bharat

মেষ ৰাশি: নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন-কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰি ভাগৰি পৰিব ৷ নিৰুৎসাহিত হৈ পৰাৰ সম্ভাৱনা ৷

বৃষ ৰাশি: নতুন অধ্যয়নৰ প্ৰতি আগ্ৰহ অনুভৱ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ সফলতাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ নিজৰ প্ৰতিভা, শিল্পীসুলভ গুণাগুণ ব্যৱহাৰ কৰিব ৷ গান গোৱা, কবিতা আবৃত্তি, নৃত্যত মনোনিৱেশ কৰিলে সফল হ’ব ৷

মিথুন ৰাশি: কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলিলৈ সৰু যাত্রা হ’ব পাৰে ৷ আবেলিৰ ভাগত কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্কত শুভ ৷ পৰিয়ালৰ বাবে কৰা সহায়ত শুভ ৷

কৰ্কট ৰাশি: কৰ্ম জীৱনত প্ৰভাৱ পৰাৰ সম্ভাৱনা ৷ হানিকাৰক আলোচনা পৰচৰ্চ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব ৷

সিংহ ৰাশি: নিবিচৰাকৈয়ে আনৰ পৰা পৰামর্শ পাব, কিন্তু ভাল পৰামর্শই হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ সফলতাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ চিন্তাধাৰাবোৰ ভালেই হ’ব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভালেই ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিয়ক ৷ টকা-পইচাৰ খৰচ বৃদ্ধি পাব পাৰে ৷ সাৱধানে ধন ব্যয় কৰক ৷ খৰচৰ সলনি পইচা জমা কৰক ৷

কন্যা ৰাশি: গোটেই দিনটো এলাহভাবে লগ নেৰিব ৷ এটা সাধাৰণ দিন ৷ মূৰৰ বিষ, উদ্বিগ্নতা আদিত ভূগিব আৰু মাতৃৰ শৰীৰক লৈ চিন্তাত পৰিব ৷ প্ৰিয়জনৰ লগত সৰু কথাতে হোৱা তৰ্ক-বিতৰ্কই আপোনাৰ মনক অসন্তুষ্টি প্ৰদান কৰিব ৷ পানীত থকা জীৱ আৰু আৰু অচিনাকী মহিলাৰ পৰা আঁতৰি থাকক ৷ আইনী কাগজপত্ৰ বা মাটি-সম্পত্তিৰ ক্ষেত্ৰত সাৱধানে কাম হাতত লওক ৷

তুলা ৰাশি: নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তুষ্টিপূৰ্ণ কৰাত সহায়ক হ’ব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ বাবে উত্তম সময় ৷ বিদেশৰ পৰা ভাল খবৰ লাভৰ সম্ভাৱনা ৷ জমা টকাৰ সুত লাভ কৰিব ৷ শত্ৰুৰ বিৰুদ্ধে হোৱা বিজয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

বৃশ্চিক ৰাশি: শিক্ষার্থীৰ বাবে শুভ সময় ৷ বিদেশলৈ শিক্ষাগ্ৰহণৰ বাবে যোৱাৰ সুযোগ লাভৰ সম্ভাৱনা ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ নিজৰ ধন-সম্পত্তিৰ পৰা অধিক লাভ অৰ্জনৰ যোগ ৷

ধনু ৰাশি: ধনৰ আগমন ঘটিব আৰু আপোনাক দিয়া কাৰ্য সঠিক সময়ত পূৰ কৰিব পাৰিব ৷ ভ্ৰমণ বিশেষকৈ ভক্তিমূলক ভ্ৰমণ শুভ হ’ব ৷ ভাতৃৰ ঘৰ বা প্ৰিয়জনৰ ঘৰত ধৰ্মীয় অনুষ্টানত ভাগ ল’ব পাৰিব ৷ তেওঁলোকৰ সৈতে হোৱা সাক্ষাতৰ বাবে আনন্দ অনুভব কৰিব ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ ভাল খাদ্য আৰু সুন্দৰ মনে মুখত হাঁহি বিৰিঙাব ৷ ভাল কাম কৰিবলৈ কোনো কথাতে পিছ হুঁহকি নাহিব ৷

মকৰ ৰাশি: বাৰে বাৰে চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ ধৈৰ্যশীলজন লাভৱান হ’ব ৷ খং-ৰাগৰ কাৰণে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকি কৰ্ম সম্পাদন কৰিব ৷

কুম্ভ ৰাশি: নতুন বৈদেশিক শিক্ষা অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মাৰ সম্ভাৱনা ৷ ভাগ্য শুভ ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব ৷

মীন ৰাশি: দিনটোৰ আৰম্ভণিতে কৰ্মজীৱনৰ কাৰণে মানসিক চিন্তাত পৰিব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ শুভবাৰ্তা লাভ কৰিব ৷ প্ৰায় সফলভাৱেই পাৰ হ’ব দিনটো ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হ’ব ৷ লক্ষ্য সফল ৷