ETV Bharat / state

সিংহ ৰাশিৰ বিবাহৰ উপযুক্ত সময়, বৃশ্চিক ৰাশিৰ খৰচ বৃদ্ধি, কৰ্কট ৰাশি সতৰ্ক থাকক ...জানো আহক আজিৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
দৈনিক ৰাশিফল (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 7:12 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ এই দিনটো বিপদাশংকা নহয়, কিন্তু নিজৰ বেপাৰক বিপদত পেলোৱাটো নিবিচাৰিব ৷ নতুন ব্যৱসায় নকৰিব ৷

বৃষ ৰাশি : আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

মিথুন ৰাশি : চিন্তা হʼব পাৰে ৷ কর্ম প্ৰভাৱ হ’ব পাৰে ৷ পাচন পেটৰ ৰোগতো ভূগিবলগীয়া হʼব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ নতুন ব্যৱসায় নকৰিব ৷ ব্যৱসায় কৰাত প্ৰায় সফল হʼব ৷

কৰ্কট ৰাশি : বিপদাশংকা নহয়, কিন্তু কার্য-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কার্য-কর্মত প্ৰভাৱ পৰিব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷

সিংহ ৰাশি : ভাল শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে আপোনাৰ দিন শুভ কৰিব ৷ ভাগ্য উদয়ৰ দিন, ভাতৃ-ভগ্নীৰ লগত আৰু প্ৰেয়সীৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ ভাল পোৱা ব্যক্তিৰ লগত ভ্ৰমণ শুভ হ’ব ৷ ভাতৃ-ভগ্নীৰ বিশ্বাসযোগ্যতা লাভ কৰিব ৷ এই সময় পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ উপযুক্ত সময় ৷

কন্যা ৰাশি : স্বাস্থ্য ভাল, প্ৰেম সম্পর্ক ভাল হʼব ৷ আনন্দময় হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব ৷

তুলা ৰাশি : শিল্পী, লেখকৰ দিন হʼব পাৰে ৷ লেখক, লিখোঁতাসকলৰ দিন ভাল হʼব ৷ লক্ষ্য সফল হʼব ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ আনন্দময় দিন হʼব ৷

বৃশ্চিক ৰাশি : খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ আপোনাৰ শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ণ আনন্দ উপভোগ কৰাত ব্যৰ্থ হ’ব ৷ মেডিকেল বিষয়ৰ অস্ত্ৰোপচাৰ কৰিবলগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ পৰিয়ালৰ ঘনিষ্ঠজনৰ ব্যৱহাৰত আপোনাৰ খং উঠিব পাৰে ৷ সাৱধানে থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে ৷ সামাজিকভাৱে অপদস্থ হ’বলগীয়া হ’ব পাৰে ৷

ধনু ৰাশি : পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিবাহিতৰ বাবে এইটো দিন ভাল ৷ সৰু যাত্রা বা মন্দিৰ ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷

মকৰ ৰাশি : কঠিন দিন হʼব পাৰে ৷ কর্মত শান্ত হৈ থাকি কৰিব ৷ পেছাদাৰী কার্যত অধিক মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ আবেলিলৈ দিন প্ৰায় ভাল সফল হʼব ৷

কুম্ভ ৰাশি : আপোনাৰ দিন প্ৰায় ভাল সফল হʼব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ কার্য-ব্যৱসায়ত সতৰ্ক থকা ভাল ৷

মীন ৰাশি : অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আপুনি বিপদত পৰিব পাৰে । নিজৰ মুখত লেকাম টানি ৰাখক আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক । স্বাস্থ্যক লৈ সাৱধানে থাকক । অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব । দৰৱ আদি কিনাৰ নামত খৰছ হ’ব পাৰে । আপুনি অস্থিৰ হৈ থাকিব যেন লাগিছে । নেতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, এইবোৰ মনলৈ আহিব নিদিব । আপোনাৰ আৰাধ্য দেৱতাৰ ওপৰত শ্ৰদ্ধা বিশ্বাসৰ জোৰত আপুনি সঠিক দিশ লাভ কৰিব ।