চাইবাৰ অপৰাধীৰ জালত পৰি সৰ্বহাৰা অৱসৰপ্ৰাপ্ত বিষয়া
ইডিৰ নামলৈ সৰ্বহাৰা কৰিলে চাপৰৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক । উচ্চতম ন্যায়ালয়ত 'ধন সৰবৰাহ'ৰ গোচৰ থকাৰ ভয় দেখুৱাই লুটি নিলে এক কোটি সত্তৰ লাখ টকা ।

Published : August 3, 2025 at 2:56 PM IST
বিলাসীপাৰা: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যথেষ্ট সক্ৰিয় হৈ পৰিছে ধুবুৰী আৰক্ষী । ধুবুৰী জিলাৰ প্ৰান্তে প্ৰান্তে অবিৰতভাৱে আৰক্ষীয়ে চলাই গৈছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান । কিন্তু ইয়াৰ মাজতে এটা চাইবাৰ চক্ৰৰ জালত পৰিল এইবাৰ চাপৰৰ এজন সদ্য অৱসৰপ্ৰাপ্ত বিষয়া । মুম্বাইৰ নাছিক থানাত বিভিন্ন অপৰাধত গোচৰ ৰুজু হোৱা বুলি ভয় দেখুৱাই নিজকে প্ৰথমে ক্ৰাইম ব্ৰান্স আৰু পিছত ই ডিৰ ভয় দেখুৱাই লুটি ল'লে প্ৰায় এক কোটি সত্তৰ লাখ টকা ।
প্ৰাপ্ত তথ্য অনুসৰি চাপৰ থানাৰ অন্তৰ্গত চাপৰ বজাৰৰ বাসিন্দা তথা বতৰ বিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞানী নিৰ্মল দাস নামৰ ব্যক্তিগৰাকীৰ পৰা ইডিৰ নাম লৈ ১ কোটি ৭০ লাখ ৩৯ হাজাৰ ৪৪৪ টকা লুটি নিয়ে চাইবাৰ অপৰাধী চক্ৰই । নিৰ্মল দাসে সাংবাদিকক দিয়া তথ্য অনুসৰি, তেওঁৰ নামত মহাৰাষ্ট্ৰৰ নাছিক থানাত ভুৱা গোচৰ ৰুজু হোৱা বুলি চাইবাৰ অপৰাধী চক্ৰই ফোন কৰিছিল ।
লগতে চাইবাৰ অপৰাধী চক্ৰই তেওঁৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ অপৰাধত উচ্চতম ন্যায়ালয়ত এটি গোচৰ ৰুজু হৈ আছে বুলি ভাবুকি প্ৰদান কৰে । পিছত উক্ত গোচৰটো ইডিক হস্তান্তৰ কৰা হৈছে বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে । কেইদিনমান পিছত নিজকে ইডিৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তি এজনে কৌশলৰে অনুসন্ধান সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ একাউন্টত থকা ধন ইডিৰ একাউণ্টত হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তিনিদিন পিছত উক্ত ধনৰাশি মোকলাই দিব বুলি নিৰ্মল দাসক জানিবলৈ দিয়ে ।
উক্ত প্ৰবঞ্চক চক্ৰই দিয়া বিভিন্ন একাউন্টত নিৰ্মল দাসে যোৱা ২১ জানুৱাৰীৰ পৰা ৯ মে'লৈ ১৯ টা কিস্তিত মুঠ ১,৭০,৩৯,৪৪৪ টকা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে । ধনৰ অন্তিম কিস্তি দিয়াৰ অন্তত তিনিদিন উকলি যোৱাৰ পিছত ধনৰাশি নিজৰ একাউণ্টলৈ উভতি নহাত চিন্তিত হৈ পৰে নিৰ্মল দাস । জানুৱাৰীৰ পৰা জুলাইলৈকে নিৰ্মল দাসে প্ৰতিদিনে পুৱা আৰু সন্ধিয়া Whatsapp যোগে চাইবাৰ অপৰাধী চক্ৰৰ ওচৰত ভিডিঅ' প্ৰেৰণ কৰি উপস্থিতিৰ প্ৰমাণো দিব লগা হৈছিল ।

চাইবাৰ অপৰাধী চক্ৰটোৱে সম্পূৰ্ণ ধন হস্তগত কৰাৰ পিছত তেওঁ কোন বুলি প্ৰশ্ন কৰি যোগাযোগ বন্ধ কৰি দিয়ে । এই বিষয়ে তেওঁ প্ৰবঞ্চকৰ কবলত পৰা বুলি সন্দেহ কৰি উপায়ন্তৰ হৈ যোৱা ১৬ জুলাইত চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ১১৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।
চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাটো গুৰুত্ব সহকাৰে লৈ তৎপৰতাৰে তদন্ত কৰি উক্ত ঘটনা সংক্ৰান্তত ধুবুৰীৰ বন্ধন বেংকৰ এটা শাখাৰ একাউণ্টৰ দ্বাৰাও উক্ত ধনৰাশিৰ এটা অংশ লেনদেন হোৱাৰ তথ্য লাভ কৰে । চাপৰ আৰক্ষীয়ে উক্ত চাইবাৰ অপৰাধৰ লগত জড়িত থকাৰ অভিযোগত ধুবুৰীৰ বন্ধন বেংকৰ শাখাৰ প্ৰবন্ধক দিপ্ত কুমাৰ দাস আৰু ফকিৰগঞ্জৰ হাফিজুৰ ৰহমানৰ লগতে জালাল উদ্দিন জোদ্দাৰকো আটক কৰে বুলি জানিব পৰা গৈছে ।

অধিক তথ্যৰ বাবে তিনিওজনকে আটক কৰি চাপৰ আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত ১১৯/২০২৫ ইং নম্বৰত গোচৰ ৰুজু কৰি বি এন এছ ৬১(২)/৩১৮(৪)/৩৩৬(৩)/৩(৫) ধাৰা সন্নিৱিষ্ট কৰি আটকাধীন তিনিওজনকে গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰে বুলি চাপৰ আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।
এই সন্দৰ্ভত ভুক্তভোগী লোকজনে কয়, "উচ্চতম ন্যায়ালয়ত গোচৰ তৰা বুলি আমাৰ পৰা টকা লৈছিল । টকাখিনি পৰীক্ষা কৰি ঘূৰাই দিয়াৰ কথা আছিল । কিন্তু আজিলৈকে টকাখিনি ঘূৰাই নাপালোঁ । সেয়ে আজি এখন এজাহাৰ দাখিল কৰিছোঁ ।"
লগতে ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধী চক্ৰটোক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চাপৰবাসী ৰাইজে দাবী উত্থাপন কৰিছে । ইফালে চাইবাৰ অপৰাধী চক্ৰৰ পৰা সতৰ্ক হৈ থাকি সাৱধান হ'বলৈ আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে ।

