সাৱধান ! প্ৰভাৱশালী লোকৰ ফেচবুকৰ পৰা আপোনালৈও মেছেজ আহিছে নেকি ?
আৰক্ষী বা উচ্চ পদস্থ বিষয়াৰ ফেচবুক একাউণ্টৰ পৰা মেছেজ আহিলে সাৱধান হ'ব । আপুনিও বিপদত পৰিব পাৰে ।

Published : June 18, 2025 at 9:04 PM IST
গোলাঘাট : ৰাজ্যত দিনক দিনে চাইবাৰ অপৰাধীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । মন্ত্ৰী, আৰক্ষী, উচ্চ পদস্থ বিষয়াৰ নামত ভুৱা একাউণ্ট খুলি একাংশ দুষ্টচক্ৰই লুণ্ঠন চলাইছে । এইবাৰ গোলাঘাটত সংঘটিত হ'ল তেনে এক ঘটনা ।
নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি এজনৰ পৰা কৌশলেৰে সৰকালে ধন । চিআইএছএফৰ বিষয়াৰ নাম লৈ দুষ্টচক্ৰটোৱে লুটি নিলে ধন । দুষ্টচক্ৰৰ কবলত পৰি গোলাঘাটৰ বৰুৱা গাঁৱৰ নিপেন কোঁৱৰ নামৰ এজন লোকে হেৰুৱালে ৫১ হাজাৰ টকা । ভুক্তভোগী নিপেন কোঁৱৰ এতিয়া গোলাঘাট সদৰ আৰক্ষী থানাৰ কাষ চাপিছে ।
জানিব পৰা মতে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়াৰ নামত ফেচবুক একাউণ্ট খুলি নিপেন কোঁৱৰলৈ মেছেঞ্জাৰত এটা বাৰ্তা প্ৰেৰণ কৰিছিল । বাৰ্তাটোত লিখা হৈছিল যে এগৰাকী চিআইএছএফৰ বিষয়া বদলি হৈছে । গতিকে তেওঁৰ ইলেট্ৰনিক সামগ্ৰী, চকী, টেবুল, চোফা আদি অতি কম মূল্যত বিক্ৰী কৰিব, পাৰিলে ল'বলৈ অনুৰোধ জনোৱা হ'ল ।
তাৰ পাছতেই কাজল শইকীয়া আৰু ভুৱা কাজল শইকীয়াৰ মাজত মেছেঞ্জাৰতে কথা-বতৰা আৰম্ভ হ'ল । কাজল শইকীয়াৰ দৰে এগৰাকী জ্যেষ্ঠ বিষয়াৰ এনে অনুৰোধৰ পিছতে ভুক্তভোগী নিপেন কোঁৱৰে সামগ্ৰীখিনি ক্ৰয় কৰিবলৈ সন্মত হ'ল । তাৰ পিছত নিপেন কোঁৱৰলৈ চিআইএছএফৰ বিষয়াজনৰ ফোন আহিল । সুশীল কুমাৰ বুলি পৰিচয় দিয়া লোকজনে সামগ্ৰীৰ তালিকাৰ সৈতে মূল্য প্ৰেৰণ কৰিলে নিপেন কোঁৱৰলৈ । কিন্তু ৬৫ হাজাৰ টকা নাই বুলি কোৱাত সদ্যহতে কমকৈ দিলেও হ'ব বুলি ক'লে । তাৰ পিছত ইউপিআইৰ জৰিয়তে চিআইএছএফৰ বিষয়ালৈ ২০ হাজাৰ টকাৰ প্ৰেৰণ কৰিলে নিপেন কোঁৱৰে । আনকি নিপেন কোঁৱৰলৈ সামগ্ৰীৰ ফটো, পেকিং কৰি থকা ফটোও প্ৰেৰণ কৰিলে । যাৰ বাবে তেওঁ বিশ্বাস কৰিবলৈ বাধ্য হ'ল । পৰৱৰ্তী সময়ত চিআইএছএফৰ বিষয়াজনে ফোন কৰি পুনৰ টকা বিচাৰিলে । বিশ্বাস কৰি নিপেন কোঁৱৰেও মুঠ ৫১,৫০০ টকা প্ৰেৰণ কৰিলে ।

কিন্তু বহু সময় অপেক্ষা কৰাৰ পিছতো কম মূল্যত পোৱা সামগ্ৰীসমূহ ঘৰলৈ নাহিল । তেতিয়া তেওঁৰ বুজিবলৈ বাকী নাথাকিল । আচলতে এয়া প্ৰবঞ্চক হে আছিল । লগে লগে আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী নিপেন কোঁৱৰ । এই সম্পৰ্কে ভুক্তভোগী নিপেন কোঁৱৰে কয়, "দেওবাৰে মোলৈ কাজল শইকীয়াৰ এটা মেছেজ আহিছিল যে আমাৰ এজন চিআইএছএফৰ বিষয়া সুশীল কুমাৰ বদলি হ'ব গতিকে তেখেতৰ অলপ ফাৰ্ণিচাৰ আৰু ইলেকট্ৰিকেল সামগ্ৰী কম মূল্যত বিক্ৰী কৰিব তোমাৰ প্ৰয়োজন হ'লে ল'ব পাৰা । তেখেতৰ কথাত মই আগ্ৰহ প্ৰকাশ কৰিলোঁ পাছত তেখেতে মোৰ ফোন নম্বৰ ল'লে তাৰ পাছতে সুশীল কুমাৰে মোলৈ ফোন কৰি ক'লে যে কাজল শইকীয়াই মোক আপোনাৰ ফোন নম্বৰ দিছে সামগ্ৰীসমূহ আপোনাৰ লাগিব নেকি সুধিলে আৰু সামগ্ৰীসমূহৰ এখন তালিকা আৰু ফটো মোলৈ প্ৰেৰণ কৰিলে ।"

কাজল শইকীয়াক এই বিষয়ে অৱগত কৰোৱা সন্দৰ্ভত তেওঁ কয়,"তাৰ পাছত মই পুনৰ কাজল শইকীয়ালৈ মেছেজ কৰি জনালোঁ যে সামগ্ৰীসমূহ মই চালোঁ আৰু তেখেতে মোক মেছেজ কৰি ক'লে যে সামগ্ৰীসমূহ তুমি ল'ব পাৰা বাকী সকলো দায়িত্ব মোৰ । তাৰ পাছত সুশীল কুমাৰে মোলৈ ফোন কৰি ক'লে অলপ টকা পঠিয়াই দিয়া তেতিয়া মই ক'লো মোৰ ওচৰত বৰ্তমান ২০ হাজাৰ টকা আছে । তেতিয়া তেওঁ ক'লে ঠিক আছে পঠিয়াই দিয়া । সেই মতে মই ২০ হাজাৰ টকা অনলাইনযোগে প্ৰেৰণ কৰিলোঁ । তাৰ পাছতে তেখেতে ক'লে আপোনাৰ সামগ্ৰীসমূহ প্ৰেৰণ কৰিবলৈ সাজু কৰি থকা হৈছে বুলি কৈ পুনৰ সামগ্ৰী সমূহ বান্ধি থকা ফটো মোলৈ প্ৰেৰণ কৰিলে । তেনেকৈ দেওবাৰ দিনটো পাৰ হ'ল পুনৰ সোমবাৰে সুশীল কুমাৰে যাতায়তৰ বাবে ১৫,৫০০ টকা দিবলৈ ক'লে সেই মতে মই উক্ত ধন প্ৰেৰণ কৰিলোঁ । তাৰ পাছত পুনৰ তেখেতে ফোন কৰি ক'লে আপুনি একেলগে পঠিয়াই ভুল কৰিলে প্ৰথমে ১৫,০০০ হাজাৰ, তাৰ পাছত ৫০০ টকা প্ৰেৰণ কৰক আৰু পাছত সেই টকা আপোনাৰ একাউণ্টত জমা হৈ যাব । লগে লগে পুনৰ টকা প্ৰেৰণ কৰিলোঁ । তাৰ পাছত সামগ্ৰীসমূহ আহিছে নেকি সোধাত তেখেতে কৈছে নগাঁও পাইছে...।"

নিপেন কোঁৱৰে লগতে কয়,"তাৰ পাছত মই গুৱাহাটী অপৰাধ অনুসন্ধান শাখাৰ সৈতে যোগাযোগ কৰি গোচৰ ৰুজু কৰিলোঁ আৰু গোলাঘাট আৰক্ষী থানাতো গোচৰ ৰুজু কৰিছোঁ । এইটো এটা ভুৱা চক্ৰ যাতে আৰু কোনোবাই এই ভুৱা চক্ৰৰ দ্বাৰা প্ৰলোভিত নহয় তাৰ বাবে সজাগ হওঁক ।"
লগতে পঢ়ক :বৃদ্ধাক হত্যা কৰি পুতি থলে শিলৰ দ'মত, গ্ৰেপ্তাৰ মৌলবী - 75 YEARS OLD WOMAN MURDERED

