তেজপুৰ: পাকিস্তান পি জি ! তাকো অসমত ! গুগল মেপত ওলাইছে এনে নামেৰে এটা পি জি ৷ বিষয়টো চকুত পৰাৰ লগে এতিয়া হাহাকাৰ লাগিছে ৷ আৰক্ষী-প্ৰশাসনে তদন্তও আৰম্ভ কৰিছে ৷
জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় সুধি সংঘটিত কৰা নাৰকীয়ে ঘটনাৰ পিছতেই ভাৰতে ইয়াৰ প্ৰত্য়ুত্তৰ হিচাপে চলাই অপাৰেশ্যন সেন্দূৰ । পহলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জনকৈ লোক নিহত হোৱাৰ পিছত উগ্ৰপন্থীৰ বিৰুদ্ধে ভাৰতে লোৱা বৃহৎ পদক্ষেপ অপাৰেশ্যন সেন্দূৰৰ সময়ত একাংশ ভাৰতবিৰোধী চক্ৰ সক্ৰিয় হৈ উঠে । এইসকলে পাকিস্তানৰ সমৰ্থনত প্ৰচাৰ আৰম্ভ কৰে । সামাজিক মাধ্য়মত ভাৰতবিৰোধী মন্তব্য় কৰাৰ পিছত এইবাৰ আৰম্ভ হৈছে চাইবাৰ আক্ৰমণ !
ভুৱা ছীমকাৰ্ডৰ অ' টি পি ব্যৱহাৰ কৰি বিদেশৰ পৰা চলোৱা চাইবাৰ অপৰাধ, দেশবিৰোধী কাৰ্যকলাপ, ভাৰতবিৰোধী কাৰ্যকলাপ আদিৰ তথ্য় আৰক্ষীয়ে লাভ কৰাৰ পিছত আন এক চাইবাৰৰ আক্ৰমণৰ তথ্য় পোহৰলৈ আহিছে । গুগলত এতিয়া ভাৰতবিৰোধী কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে । ইতিমধ্যে অসমত পাকিস্তানৰ হৈ প্ৰচাৰ আৰু সমৰ্থন কৰা প্ৰায় তিনিকুৰি লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অলপতে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ অপাৰেশ্য়ন ঘোষ্ট ছীমৰ অধীনত অসমত সাতজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত অসমত দুৰ্বৃত্তই আন এক চাঞ্চল্যৰ ঘটনা সংঘটিত কৰিছে গুগল মেপ অৰ্থাৎ গুগল মানচিত্ৰত ।
শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁৱৰ এটা বিশেষ পি জি গুগল মেপ'ত পাকিস্তান পি জি বুলি লিখা প্রত্যক্ষ কৰা হৈছে । জিলাখনৰ ঠেলামৰাৰ এখন ঠাইত এজন ব্যক্তিৰ ঘৰত থকা এটা পি জিৰ নাম "পাকিস্তান পি জি" বুলি উপলব্ধ হোৱাৰ পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে ।

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্যালয়) মাধুৰীমা দাসে কয়, "এই বিষয়ে এক তথ্য উৎসৰ লগতে স্থানীয় সেই পি জিৰ গৰাকীয়ে অভিযোগ দাখিল কৰাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । কোনো দুষ্ট চক্ৰই গুগল মেপত হয়তো ডিজিটেল প্ৰচেষ্টাৰে এনে ঘটনা সংঘটিত কৰিব পাৰে বুলি সন্দেহ হোৱাৰ পিছত আৰক্ষী লগে লগেই তৎপৰ হয় আৰু তদন্ত অব্যাহত ৰাখিছে ।"
গুগল মেপত শোণিতপুৰ জিলাৰ তেজপুৰ সদৰৰ পৰা ঢেকিয়াজুলি দিশত প্ৰায় ২০ কিলোমিটাৰ নিলগত ঠেলামৰা পলিটেকনিকৰ পৰা প্ৰায় ১৫০ মিটাৰ দূৰত্বত থকা এটা পি জিৰ নাম "পাকিস্তান পি জি" বুলি স্পষ্টকৈ উপলব্ধ হৈছে । অতিৰিক্ত আৰক্ষী অধীক্ষক দাসে কয় যে ইতিমধ্যে পি জিৰ গৰাকীয়ে আৰক্ষীক এই বিষয়ে অভিযোগ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।