ETV Bharat / state

আগধন দি বুকিং কৰিও সময়ত নাপালে হোটেলৰ কোঠা, যাব লগা হ’ল আৰক্ষী থানালৈ - Cheating Incident

তিনিচুকীয়া চহৰৰ চিৰাপট্টিস্থিত হোটেল লা ভিচটাৰ বিৰুদ্ধে গ্ৰাহকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ ৷ 14 জনীয়া বয়োজ্যেষ্ঠ লোকৰ এটা দলে 20 দিন পূৰ্বে আগধন দি হোটেলৰ কোঠা বুকিং কৰাৰ পাচতো সময়ত হোটেলখনত নাপালে কোঠা ৷

CHEATING INCIDENT
গ্ৰাহকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : July 15, 2024 at 10:07 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 15 জুলাই : আপুনি বাৰু হোটেলৰ কোঠা আগতীয়াকৈ বুকিং কৰিছে নেকি ? যদি কৰিছে তেন্তে নিশ্চয় আপুনি সময়ত সেই হোটেলৰ কোঠা লাভ কৰাৰ লগতে হোটেল কৰ্তৃপক্ষই আগবঢ়াইছে সেৱা ৷ কিন্তু তিনিচুকীয়াৰ এখন হোটেলত আগধন দি হোটেল বুকিং কৰিলেও আপুনি লাভ নকৰিব কোঠা, তাৰ বিপৰীতে সময়ত পাব পাৰে স্বত্বাধিকাৰীৰ পৰা ধমকি ৷ তিনিচুকীয়া চহৰৰ চিৰাপট্টিস্থিত হোটেল লা ভিচটা (চাফাইয়াৰ) ৰ বিৰুদ্ধে উঠিছে গ্ৰাহকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ ৷

হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে গ্ৰাহকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ (ETV BHARAT ASSAM)

অভিযোগ অনুসৰি, 14 জনীয়া বয়োজ্যেষ্ঠ লোকৰ এটা দলে 20 দিন পূৰ্বে আগধন দি হোটেলখনত কোঠা বুকিং কৰাৰ পাচতো সময়ত হোটেলখনত নাপালে কোঠা ৷ ইয়াৰ বিপৰীতে হোটেলত আহি পোৱাৰ পাচত দলটোক হোটেলখনৰ স্বত্বাধিকাৰী আৰু পৰিচালকে বেয়া ব্যৱহাৰ কৰাৰ লগতে ধমকি দিয়াৰ গুৰুতৰ অভিযোগ কৰে ভুক্তভোগী দলটোৱে ৷ পৰৱৰ্তী সময়ত দলটোৱে অন্য হোটেলত কোঠা লৈ তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুয়োপক্ষৰ মাজত বুজাবুজি কৰি যাবলৈ দিয়ে ৷

আৰক্ষী থানাৰ পৰা ওলোৱাৰ সময়তে পুনৰ হোটেলখনৰ স্বত্বাধিকাৰীয়ে দলটোক ধমকি দিয়াৰ অভিযোগ উত্থাপন হয় ৷ উল্লেখযোগ্য যে, হোটেল চাফাইয়াৰত পূৰ্বে হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে হোটেলখনৰ স্বত্বাধিকাৰী গ্ৰেপ্তাৰো হ’ব লগা হৈছিল ৷ সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰত বিতৰ্কই লগ নেৰে হোটেল আৰু হোটেলখনৰ স্বত্বাধিকাৰীক ৷ তিনিচুকীয়া আৰক্ষীয়ে এনেধৰণৰ সৰু সৰু ঘটনাক আওকাণ কৰিলে হয়তো কেতিয়াবা পুনৰ যে জঘন্য ঘটনাৰ সৃষ্টি নহ’ব সেয়া নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক : আগষ্টৰ পৰা খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিতৰণ বন্ধ কৰাৰ হুংকাৰ - Protest in CHACHAL